Lok Sabha Election 2024 : কংগ্ৰেছৰ পৰা কলিয়াবৰ-নগাঁও উদ্ধাৰত বিজেপিৰ ট্ৰাম্প কাৰ্ড আজমল !

author img

By

Published : Jan 21, 2023, 5:19 PM IST

BJP

নিৰ্বাচন আহিলেই চৰ্চালৈ আহে বদৰুদ্দিন আজমল । এইবাৰো পুনৰ চৰ্চাত আজমল (Badaruddin Ajmal in limelight ahead of election) । বিশেষকৈ কংগ্ৰেছৰ হাতত থকা সমষ্টি বিজেপিয়ে নিজৰ দখললৈ নিব পাৰিবনে ? নে তাৰ বাবে আজমলৰ শৰণাপন্ন হ'ব ? বিজেপিৰ সমীকৰণ কি ?

গুৱাহাটী, ২১ জানুৱাৰী : লোকসভা বা বিধানসভা যি নিৰ্বাচনেই নাহক কিয়, অসমত বিগত কেইবাটাও দশক ধৰি গুৰুত্ব লাভ কৰি আহিছে AIUDF-ৰ মুৰব্বী বদৰুদ্দিন আজমলে (Badaruddin Ajmal in limelight ahead of election) ৷ সন্মুখত ২০২৪-ৰ লোকসভা নিৰ্বাচন আহি আছে (Lok Sabha Election 2024) । স্বাভাৱিকতেই পুনৰ চৰ্চালৈ আহিছে বদৰুদ্দিন আজমল ৷ বিশেষকৈ বৰ্তমান কংগ্ৰেছৰ হাতত থকা দুটা সমষ্টি ২০২৪-ৰ লোকসভাত বিজেপিয়ে দখল কৰিব পাৰিবনে (Bjp stretegy in 2024 lok sabha elction 2024) ? নে আজমলৰ সহায় ল’ব লাগিব তাক লৈ ৰাজনৈতিক চৰ্চা আৰম্ভ হৈছে ৷

বিজেপিৰ ট্ৰাম্প কাৰ্ড নেকি বদৰুদ্দিন আজমল
বিজেপিৰ ট্ৰাম্প কাৰ্ড নেকি বদৰুদ্দিন আজমল

অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ৩ টা সমষ্টি বৰ্তমান কংগ্ৰেছৰ দখলত আছে ৷ বৰপেটা, নগাঁও আৰু কলিয়াবৰ লোকসভা সমষ্টিত নিৰ্বাচনত চলে AIUDF-ৰ বদৰুদ্দিন আজমলৰ যাদু (AIUDF chief Badaruddin Ajmal) ৷ এয়া প্ৰচলিত ৰাজনৈতিক বাণী ৷ তিনিওটা সমষ্টিতে কংগ্ৰেছ ভোটৰ সমীকৰণত নিৰ্ভৰশীল হৈ আহিছে এআইইউডিএফৰ ওপৰত ৷ আনহাতে, এইবাৰ লোকসভাত ১২ খন আসনৰ লক্ষ্য নিৰ্ধাৰণ কৰি লোৱা বিজেপিয়ে নগাঁও আৰু কলিয়াবৰ এই দুখন আসন কংগ্ৰেছৰ পৰা উদ্ধাৰ কৰিবলৈ হ’লে এআইইউডিএফৰ ভূমিকাৰ ওপৰত ভাৰসা কৰিবলগা হ’ব বুলি চৰ্চিত হৈছে ৷ কিন্তু কনেকৈ ?

২০২৪-ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি ৷ কলিয়াবৰ আৰু নগাঁও দুয়োটা সমষ্টি আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ হাতৰ পৰা নিজৰ হাতলৈ নিয়াৰ বাবে ইতিমধ্যে পূৰ্ণ প্ৰস্তুতি চলাই হাতে-কামে নামি পৰিছে বিজেপি (Kaliabor MP Gaurav Gogoi) ৷ ১২ টা সমষ্টি দখলৰ বাবে ৪০০ দিনীয়া কাৰ্যসূচীৰে প্ৰস্তুতি চলাইছে বিজেপিয়ে ৷ কলিয়াবৰ, নগাঁও লোকসভা সমষ্টি দখলৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, সৰ্বানন্দ সোণোৱাল পৰ্যন্ত সমষ্টি দুটাত দলীয় কাম-কাজত নামি পৰিছে ৷ কলিয়াবৰ আৰু নগাঁৱৰ সমষ্টিক লৈ নতুনকৈ ভোটৰ সমীকৰণ কৰিবলৈ বাধ্য হৈছে বিজেপি ৷ ধাৰণা কৰা হৈছিল যে সমষ্টিৰ পুনৰ নিৰ্ধাৰণে এই দুয়োটা সমষ্টি বিজেপিৰ জয়ৰ বাবে সুচল কৰি তুলিব ৷

নগাঁও-কলিয়াবৰ সমষ্টিত এআইইউডিএফে কি ভূমিকা পালন কৰিব
নগাঁও-কলিয়াবৰ সমষ্টিত এআইইউডিএফে কি ভূমিকা পালন কৰিব

কিন্তু প্ৰেক্ষাপট সলনি হৈছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণে নগাঁৱত বিজেপিৰ বাবে সামান্য আশা ৰাখিলেও কিন্তু কলিয়াবৰত কংগ্ৰেছৰ দুবাৰৰ সাংসদ গৌৰৱ গগৈৰ বাবে পুনৰ সম্ভাৱনা কঢ়িয়াই ৰাখিছে ৷ বিগত ২০১৯-ৰ লোকসভা নিৰ্বাচনত এই দুয়োটা সমষ্টি কংগ্ৰেছৰ দখললৈ যোৱাৰ মূল কাৰণ— দুয়োটা সমষ্টিতে থকা সংখ্যালঘু ভোটাৰৰ আধিপত্য ৷ সংখ্যালঘু ভোটাৰৰ ভোটৰ বাবেই কংগ্ৰেছৰ কলিয়াবৰত গৌৰৱ গগৈ আৰু নগাঁৱত বিজেপিৰ হাতৰপৰা প্ৰদ্যুত বৰদলৈয়ে ২০১৯-ৰ নিৰ্বাচনত সমষ্টি দখল কৰিছিল ৷

শেহতীয়াকৈ কংগ্ৰেছবিৰোধী শিবিৰে আশা কৰিছিল যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত কংগ্ৰেছৰ হাতৰ পৰা দুয়োটা সমষ্টি বিজেপিয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব ৷ সমষ্টি পুনৰ নিৰ্ধাৰণে দুয়োটা সমষ্টিতে ভোটৰ গাঁথনিত ব্যাপক সাল-সলনি ঘটাব ৷ কিন্তু শেষ পৰ্যন্ত দুয়োটা সমষ্টিতে সেয়া হোৱাৰ সম্ভাৱনা স্তিমিত হৈ আহিছে ৷ নগাঁও সমষ্টিত ২০২৪-ৰ নিৰ্বাচনত বিজেপিৰ বাবে কিছু অনুকূল পৰিৱেশ থাকিলেও কলিয়াবৰত কিন্তু পূৰ্বৰ পৰিৱেশেই থকাৰ সম্ভাৱনা ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত নগাঁও সমষ্টিৰ পৰা সংখ্যালঘুপ্ৰধান লাহৰিঘাট বিধানসভা সমষ্টি বাদ পৰাৰ সম্ভাৱনা । সেয়ে নগাঁৱৰ প্ৰাৰ্থিত্ব প্ৰয়াসীসকলে কিছু আশাৰ ৰেঙণি দেখিছে । হোজাই-যমুনামুখ সমষ্টিক লৈ তাতো কিন্তু আছে ৷

বৰ্তমান নগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ লাখ ২৬ হাজাৰ সংখ্যালঘু ভোটাৰ থকা লাহৰীঘাট সমষ্টি সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত কলিয়াবৰত সোমোৱাৰ পূৰ্ণ সম্ভাৱনা । ১.৬৩ লাখ সংখ্যালঘু ভোটাৰ থকা ৰূপহী সমষ্টিও সোমাব কলিয়াবৰত ৷ ধিং, চামগুৰি বিধানসভা সমষ্টিৰ ২ লক্ষাধিক ভোটাৰ নতুন যি সমষ্টিয়েই নহওক, কলিয়াবৰ লোকসভা সমষ্টিতে থাকিব ৷ তেতিয়া বাধ্য হৈ তৃতীয়বাৰৰ বাবে কংগ্ৰেছৰ গৌৰৱ গগৈৰ হাততে কলিয়াবৰ এৰিবলৈ বাধ্য হ’ব ৷ তেন্তে বিজেপিৰ হাতত কলিয়াবৰ জয়ৰ উপায় থাকিব কি ?

গৌৰৱ গগৈ আৰু প্ৰদ্যুত বৰদলৈৰ ভৱিষ্যত সুৰক্ষিতনে ?
গৌৰৱ গগৈ আৰু প্ৰদ্যুত বৰদলৈৰ ভৱিষ্যত সুৰক্ষিতনে ?

আজমল আৰু এআইইউডিএফেই শেষ ভাৰসা হ'ব তেতিয়া বিজেপিৰ ৷ আজমলে কলিয়াবৰত প্ৰাৰ্থী দি সংখ্যালঘু ভোটৰ বিভাজন ঘটালেহে জয়ৰ পথ প্ৰশস্ত হ’ব বিজেপিৰ ৷ এতিয়া আজমলক কলিয়াবৰত বিজেপিয়ে AIUDF-ৰ প্ৰাৰ্থী দিবলৈ বাধ্য কৰিলেহে বিজেপিৰ সম্ভাৱনা কলিয়াবৰত বৃদ্ধি পাব ৷ যদিহে আজমলক সৈমান কৰিব নোৱাৰে তেন্তে সংখ্যালঘু ভোটাৰক আকৃষ্ট কৰিবলৈ মিত্ৰ দল অসম গণ পৰিষদক কলিয়াবৰ সমষ্টিটো বিজেপিয়ে এৰি দিয়াৰ সম্ভাৱনা ৷

সাধাৰণতে কোৱা হয় যে যি নিৰ্বাচনেই নহওক, 'কৰ্পোৰেট ষ্টাইল’ত নিৰ্বাচন খেলা দল বিজেপি ৷ সকলো নিৰ্বাচনতে বিজেপিয়ে ক’তো সুৰঙা নৰখাকৈ নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰে ৷ সেয়ে আজমলেই কলিয়াবৰ-নগাঁৱত শেষ ভাৰসা হ’লেও ২০২৪-ত সমষ্টি দুটাত কিদৰে ৰণকৌশল প্ৰস্তুত কৰে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক :Lok Sabha Election 2024 : দিছপুৰৰ মোহ এৰি দিল্লীলৈ যোৱাৰ মন কংগ্ৰেছৰ কেইবাজনো নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.