Lok Sabha Election 2024: 2024ৰ লোকসভা নিৰ্বাচনত পাঁচটা সমষ্টিত প্ৰাৰ্থী দিব এ আই ইউ ডি এফে

author img

By

Published : Nov 30, 2022, 9:19 PM IST

Updated : Nov 30, 2022, 10:54 PM IST

Lok Sabha Election 2024

সংবাদ মাধ্যমৰ আগত সাংসদ বদৰুদ্দিন আজমলৰ ঘোষণা (Badruddin Ajmal on Lok Sabha election)। ধুবুৰী, বৰপেটা আৰু কৰিমগঞ্জত প্ৰাৰ্থী দিয়াটো এশ শতাংশ নিশ্চিত । নগাঁও আৰু কলিয়াবৰত প্ৰাৰ্থী দিয়াটো ৯৯ শতাংশ নিশ্চিত ৷ নগাঁও, কলিয়াবৰ আৰু বৰপেটাত এ আই ইউ ডি এফে প্ৰাৰ্থী দিলে লাভৱান হ'ব বিজেপি । যিটো বিচাৰে বিজেপিয়ে । ধুবুৰীত আজমলৰ বিজয় সহজ হ’বলৈ হ'লে বৰপেটা, নগাঁও আৰু কলিয়াবৰত এ আই ইউ ডি এফে সহায় কৰিব লাগিব বিজেপিক ।

গুৱাহাটী, ৩০ নৱেম্বৰ : ২০২৪ৰ লোকসভা নিৰ্বাচনত পাঁচটা সমষ্টিত নিৰ্বাচন খেলিব এ আই ইউ ডি এফ দলে । অসমৰ ১৪ টা সমষ্টিৰ পাঁচটাত প্ৰাৰ্থী দিব সাংসদ বদৰুদ্দিন আজমলৰ নেতৃত্বৰ দলটোৱে (AIUDF candidate in Lok Sabha Election)। এই কথা সদৰী কৰিছে খোদ বদৰুদ্দিন আজমলে (Badruddin Ajmal on Lok Sabha election)।

ধুবুৰী, বৰপেটা আৰু কৰিমগঞ্জৰ উপৰি নগাঁও আৰু কলিয়াবৰত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব এ আই ইউ ডি এফ দলে । সাংসদ আজমলে বুধবাৰে সংবাদ মাধ্যমৰ আগত কয় যে ধুবুৰী, বৰপেটা আৰু কৰিমগঞ্জত প্ৰাৰ্থী দিয়াটো এশ শতাংশ নিশ্চিত । আনহাতে নগাঁও আৰু কলিয়াবৰত প্ৰাৰ্থী দিয়াটো ৯৯ শতাংশ নিশ্চিত । সাংসদ আজমলৰ(MP Badruddin Ajmal) বক্তব্যত এটা কথা স্পষ্ট যে তেওঁলোকে পাঁচটা সমষ্টিত নিৰ্বাচন খেলিব ।

লক্ষ্যণীয় বিষয় যে, এ আই ইউ ডি এফে পাঁচটা সমষ্টিত নিৰ্বাচন খেলাৰ কথা সদৰী কৰাৰ পাছতো বিজেপিক প্ৰতিহত কৰাৰ বাবে কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটবন্ধনৰো পোষকতা কৰি আহিছে । কিন্তু এটা কথা ঠিক যে এই পাঁচটা সমষ্টিৰ ভিতৰত বিশেষকৈ কংগ্ৰেছৰ দখলত থকা নগাঁও, কলিয়াবৰ আৰু বৰপেটাত এ আই ইউ ডি এফে প্ৰাৰ্থী দিলে বিজেপি বিশেষভাৱে লাভৱান হ'ব । কংগ্ৰেছৰ ভোট বিভাজন হ'লে বিজেপিৰেই লাভ হ'ব । বিজেপি দলেও এই কথা ভালদৰে জানে আৰু এ আই ইউ ডি এফ দলে এই সমষ্টিকেইটাত নিৰ্বাচন খেলাটো বিচাৰে ।

ইফালে এইবাৰ ধুবুৰীত বদৰুদ্দিন আজমলৰ জয় পূৰ্বৰ দৰে ইমান সহজ নহ'ব । বিজেপিৰ সহায় হ’লেহে আজমলৰ সহায় হ'ব । ইয়াৰ পূৰ্বৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে ধুবুৰীত আজমলৰ বিজয় সহজ হ’বলৈ হ'লে বৰপেটা, নগাঁও আৰু কলিয়াবৰত এ আই ইউ ডি এফৰ প্ৰকাৰান্তৰে সহায় লাগিব বিজেপিক । উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছক অস্তিত্বহীন কৰাৰ লক্ষ্যৰে দিনে-নিশাই কৌশল ৰচনাত ব্যস্ত হৈছে বিজেপি ।

কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈৰ দখলত থকা নগাঁও, গৌৰৱ গগৈৰ দখলত থকা কলিয়াবৰ আৰু আব্দুল খালেকৰ দখলত থকা বৰপেটা সমষ্টি এইবাৰ যিকোনো প্ৰকাৰে দখল কৰিবলৈ বিজেপিয়ে নতুন নতুন অভিযান ইতিমধ্যে আৰম্ভ কৰিছে । বিজেপিয়ে এইবাৰ কংগ্ৰেছৰ দখলত থকা তিনিওটা সমষ্টিত নিজাববীয়া প্ৰাৰ্থী থিয় কৰোৱাত অগ্ৰাধিকাৰ দিছে ।

২০১৯ৰ লোক সভাৰ নিৰ্বাচনত(Lok Sabha election 2019) বিজেপিয়ে অগপক কলিয়াবৰ, বৰপেটা আৰু ধুবুৰী এৰি দিছিল । এইবাৰো আঞ্চলিক দলটোক ধুবুৰী এৰি দিয়াটো প্ৰায় নিশ্চিত যদিও এতিয়াও একো চূড়ান্ত হোৱা নাই । ইফালে কলিয়াবৰত বিজেপিৰ প্ৰাৰ্থী কোন হ'ব সেয়া এ আই ইউ ডি এফৰ স্থিতিৰ ওপৰত নিৰ্ভৰ কৰি গেৰুৱা দলটোৱে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । অর্থাৎ এ আই ইউ ডি এফৰ স্থিতিৰ ওপৰত নিৰ্ভৰ কৰি বিজেপিয়ে কলিয়াবৰৰ প্ৰার্থী বাছনি কৰিব ।

কংগ্ৰেছৰ দখলত থকা সমষ্টি তিনিটা উদ্ধাৰ কৰাৰ বাবে ইতিমধ্যে দলটোৰ ৰাষ্ট্ৰীয় কমিটীৰ নিৰ্দেশত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কিৰেণ ৰিজিজুৱে সকলো দিশ পর্যালোচনা কৰি আহিছে । বিজেপিৰ এনে তৎপৰতাৰ মাজতে আজমলে কংগ্ৰেছৰ দখলত থকা সমষ্টি কেইটাত নিৰ্বাচন খেলিব বুলি কৰা ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিছে । এটা কথা নিশ্চিত যে এ আই ইউ ডি এফে নগাঁও, কলিয়াবৰ আৰু বৰপেটাত প্ৰাৰ্থী দিলে কংগ্ৰেছ সংকটত পৰিব ।

লগতে পঢ়ক : Adhir Ranjan Chowdhury reacts over CAA : 'কা' কাৰ্যকৰী হ'লে হিন্দুসকল বিপদত পৰিব: অধীৰ ৰঞ্জন চৌধুৰী

Last Updated :Nov 30, 2022, 10:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.