RIP Kishor Das : অজান পৃথিৱীলৈ গ’ল গৈ অভিনেতা কিশোৰ দাস

author img

By

Published : Jul 2, 2022, 7:48 PM IST

Updated : Jul 2, 2022, 8:08 PM IST

RIP Kishor Das

নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে অভিনেতা কিশোৰ দাসে (Actor Kishor Das passes away)৷ শনিবাৰে পুৱতি নিশা মৃত্যু হয় সৰু পৰ্দাৰ উদীয়মান অভিনেতাজনে ।

গুৱাহাটী, ২ জুলাই : যুঁজি যুঁজি হাৰি গ’ল কিশোৰ ৷ দুনাই আৰু ঘূৰি নহাৰ প্ৰতিশ্ৰুতি দি এখন অজান পৃথিৱীলৈ গ’লগৈ সকলোৰে মৰমৰ অভিনেতা কিশোৰ দাস (Actor Kishor Das passes away) ৷ বহু চেষ্টাৰ পিছতো বচাব পৰা নগ'ল তেওঁক ৷ শনিবাৰে চেন্নাইত চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু হয় সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ ।

দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ চেন্নাইত চিকিৎসাধীন হৈ আছিল কিশোৰ । বহু কেইখন চিনেমা, মিউজিক ভিডিঅ’, ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰিছিল উদীয়মান অভিনেতাজনে । নৃত্যৰে অভিনয় জগতত খোজ দিয়া কিশোৰ দাসে বহুতো মিউজিক ভিডিঅ’ত অভিনয় কৰি অসমবাসী ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰে ।

তাৰ পাচত বিধাতা, বান্ধোন, বৃন্দাবন আদি ধাৰাবাহিকতো অভিনয় কৰিছিল কিশোৰে । ২০১৮ চনত তেওঁ প্ৰথম ধাৰাবাহিক বিধাতাত অভিনয় কৰিছিল । বৃন্দাবন ধাৰাবাহিকত চুটিং কৰি থকাৰ সময়তে তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল । তাৰ পাচত মহানগৰীৰ ‘হেলথ চিটি’ হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পিছত উন্নত চিকিৎসাৰ বাবে ৰাওনা হৈছিল মুম্বাইলৈ । আৰু শেষত...

অজান পৃথিৱীলৈ গ’ল গৈ অভিনেতা কিশোৰ দাস

নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানি চেন্নাইৰ এখন চিকিৎসালয়ত শনিবাৰে পুৱতি নিশা মৃত্যুবৰণ কৰে ২৮ বছৰীয়া তৰুণ অভিনেতা কিশোৰ দাসে ৷ কিশোৰ দাসে অভিনয় কৰা শেষৰখন ছবি ‘‘দাদা তুমি দুষ্ট বৰ’’ ২৪ জুনত মুক্তি লাভ কৰিছিল । ছবিখন বৰ্তমান চিনেমা হলসমূহত চলি থকাৰ লগতে ছবিখনক দৰ্শকে আদৰি লৈছে । এক সাক্ষাৎকাৰত কিশোৰে আকৌ নিজৰ কৰ্মভূমিলৈ আহি বহু কাম কৰাৰ কথাও প্ৰকাশ কৰিছিল ৷

অতি অমায়িক স্বভাৱৰ হোৱাৰ বাবে অভিনয় জগতত তেওঁ সকলোৰে প্ৰিয় হৈ পৰিছিল । যাৰ বাবে কিশোৰৰ বহু অনুৰাগীৰ লগতে বহু সংবাদগোষ্ঠীয়েও চিকিৎসাধীন হৈ থকা সময়ত আৰ্থিক সাহায্যও প্ৰদান কৰিছিল কিশোৰক ৷ উদীয়মান জনপ্ৰিয় অভিনেতাজনৰ বিয়োগত ৰাজ্যত শোকৰ ছাঁ পৰিছে ৷

ছ’চিয়েল মিডিয়াতো বহুজনে কিশোৰৰ আত্মাৰ চিৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনাইছে (Ranjit kumar Dass condoles the death of Kishor Das) ৷ আনকি অভিনেতা কিশোৰ দাসৰ মৃত্যুত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সণোৱাল, মন্ত্ৰী ৰঞ্জিত দাসেও শোক প্ৰকাশ কৰিছে (Sarbananda Sonowal condoles the death of Kishor Das)। যুৱ শিল্পীগৰাকীৰ মৃত্যু অসমীয়া ছবি জগতৰ বাবে এক অপূৰণীয় ক্ষতি ৷

বৰ্তমানো কিশোৰৰ পাৰ্থিৱ শৰীৰ চেন্নাইতে আছে ৷ মৃত্যুৰ সময়ত ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে কিশোৰৰ মৃতদেহ ঘৰলৈ ঘূৰাই অনাত কিছু বাধাৰ সৃষ্টি হৈছে ৷ যাৰ বাবে অসম চৰকাৰৰ সহায় বিচাৰিছে কিশোৰৰ পৰিয়ালে ৷ হয়তু অসমৰ পৰিৱৰ্তে চেন্নাইতো শেষকৃত্য সম্পন্ন হ’ব পাৰে প্ৰয়াত অভিনেতা কিশোৰ দাসৰ ৷

লগতে পঢ়ক : Actor Kishor Das passes away: জনপ্ৰিয় অভিনেতা কিশোৰ দাস আৰু নাই

Last Updated :Jul 2, 2022, 8:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.