Actor Kishor Das passes away: জনপ্ৰিয় অভিনেতা কিশোৰ দাস আৰু নাই

author img

By

Published : Jul 2, 2022, 1:43 PM IST

Updated : Jul 2, 2022, 2:48 PM IST

Actor Kishor Das passes away

জনপ্ৰিয় অভিনেতা কিশোৰ দাস আৰু নাই (Actor Kishor Das passes away)। চেন্নাইত চিকিৎসাধীন অৱস্থাতে শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেতাগৰাকীয়ে ৷

গুৱাহাটী, ২ জুলাই: হৃদয়বিদাৰক ৷ অসমীয়া ছবি জগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা কিশোৰ দাস আৰু নাই । সকলোকে কন্দুৱাই গুচি গ’ল কিশোৰ দাস ৷ চেন্নাইত চিকিৎসাধীন অৱস্থাতে শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেতাগৰাকীয়ে (Actor Kishor Das passes away) ৷

Actor Kishor Das passes away
কিশোৰ দাস

দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল কিশোৰ দাস । গুৱাহাটীস্থিত 'হেলথ চিটি'ত চিকিৎসাধীন হৈ থকাৰ পিছত উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ গৈছিল অভিনেতাগৰাকী ৷ মুম্বাইৰ পৰা চেন্নাইলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল কিশোৰক ৷ অৱশেষত চেন্নাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতেই শনিবাৰে মৃত্যু হয় অভিনেতা কিশোৰ দাসৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ২৮ বছৰ ৷

অভিনয় জগতত খোজ পেলাই অতি কম সময়তে সকলোৰে হৃদয় জিকিবলৈ সক্ষম হৈছিল কিশোৰ দাসে ৷ বহু কেইখন ছবি, মিউজিক ভিডিঅ, ধাৰাবাহিকত অভিনয় কৰি ৰাইজক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল কিশোৰ দাস ।

Kishore Das died in chennai
Kishore Das died: জনপ্ৰিয় অভিনেতা কিশোৰ দাস আৰু নাই

নৃত্যৰে ৰাইজৰ মাজত চিনাকি হোৱা কিশোৰ দাসে পিছলৈ বিধাতা, বান্ধোন, বৃন্ধাবন আদি ধাৰাবাহিকত অভিনয় কৰিছিল । তদুপৰি বহু কেইটা জনপ্ৰিয় মিউজিক ভিডিঅ’ত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক: Landslide in Manipur: বৰ্তমানেও সন্ধানহীন কেবাগৰাকীও সেনা জোৱানসহ সাধাৰণ নাগৰিক

Last Updated :Jul 2, 2022, 2:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.