HSLC paper leaked : বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলক লৈ আছুৰ প্ৰতিক্ৰিয়া

author img

By

Published : Mar 13, 2023, 1:02 PM IST

HSLC paper leaked

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (HSLC science paper leaked)। ইতিমধ্যে পৰীক্ষা বাতিল কৰা হৈছে যদিও ছেৱা লগতে শিক্ষা বিভাগৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসমৰ ৰাইজ তথা বিভিন্ন দল-সংগঠন । ছেবাৰ অধ্যক্ষ লগতে শিক্ষা মন্ত্ৰীৰ পদত্যাগৰ দাবী আছুৰ ।

বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলক লৈ আছুৰ প্ৰতিক্ৰিয়া

গুৱাহাটী,১৩ মাৰ্চ : পৰীক্ষা অনুষ্ঠিত হোৱাৰ ৯ ঘণ্টা পূৰ্বে মাজনিশা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাক কেন্দ্ৰ কৰি আছুয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (HSLC science paper leaked)। আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সোমবাৰে এই ঘটনাক গৰিহণা দিয়ে । এই ঘটনাৰ‌ বাবে ছেবা কৰ্তৃপক্ষ আৰু শিক্ষা মন্ত্ৰীয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰাৰ দাবী জনায় ।

তেওঁ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক পুতলা মন্ত্ৰী বুলি সম্বোধন কৰি তেওঁৰ পদত্যাগৰ দাবী জনায় । লগতে ছেৱাৰ অধ্যক্ষ আৰ চি জৈনৰো পদত্যাগ দাবী কৰে (AASU slams Assam education minister)। আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে ছেবাক ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে । পৰীক্ষাৰ নামত লাখ লাখ ছাত্ৰ-ছাত্ৰীক মানসিকভাৱে হাৰাশাস্তি কৰা হৈছে । চৰকাৰে দোষীসকলৰ বিৰুদ্ধে তদন্ত কৰিব লাগে । লগতে শিক্ষামন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ‌ বাবে তেওঁ দাবী জনায় ।

ইফালে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এইবছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ খেলিমেলিয়ে চূড়ান্ত পৰ্যায় পাইছে । বাৰে বাৰে সংঘটিত ঘটনাই চৰকাৰ, ছেবা কৰ্তৃপক্ষ যে অদক্ষ আৰু অকৰ্মণ্য তাক পুনৰবাৰ প্ৰমাণিত কৰিছে । ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা কাৰ্য সহ্য কৰা নহ'ব বুলি তেওঁ চৰকাৰক সকীয়াই দিয়ে (AASU reacts over HSLC paper leaked)।

উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি অনুষ্ঠিত হ'বলগীয়া সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষালৈ কেইটামান ঘণ্টা বাকী থকা অৱস্থাতে দেওবাৰে মাজনিশা এই পৰীক্ষা বাতিল কৰা বুলি ঘোষণা কৰিছিল ৰাজ্যৰ শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে । টুইটাৰত নিশা ১১.৪৮ বজাত ছেবাৰ এখন জাননীসহ তেওঁ প্ৰকাশ কৰে যে সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিল কৰা হৈছে ।

জাননীখনত কোৱা হৈছিল যে দেওবাৰে সন্ধিয়াৰ ভাগত বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পৰিপ্ৰেক্ষিততে শিক্ষার্থীসকল যাতে বিভ্রান্ত নহয় তাৰ বাবে সোমবাৰৰ বিজ্ঞানৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে । মন কৰিবলগীয়া যে পৰীক্ষা অনুষ্ঠিত হোৱাৰ ৯ ঘন্টা পূৰ্বে মাজনিশা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাক কেন্দ্ৰ কৰি আছুয়ে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰিছে ।

লগতে পঢ়ক :HSLC Exam Question Paper Leaked : মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলে প্ৰকৃত স্বৰূপ উদঙালে ছেবাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.