বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰসংগত এ পি ডি চি এলৰ পৰিচালন সঞ্চালকৰে বৈঠক আছু নেতৃত্বৰ

author img

By

Published : Sep 22, 2022, 9:00 PM IST

AASU leadership holds meeting with Managing Director of APDCL

বিসংগতিৰ কথা আছুৰ আগত স্বীকাৰ কৰিলে এ পি ডি চি এল কৰ্তৃপক্ষই । বিষয়টো সন্দৰ্ভত তদন্ত বিচাৰে আছুৱে (Assam power tariff hike)। খেলিমেলি হোৱা বিলৰ ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি এ পি ডি চি এলৰ । প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধি কৰাটো বাতিল কৰাৰ দাবী আছুৰ । বিদ্যুতৰ বিল বৃদ্ধিৰ সিদ্ধান্ত পৰিহাৰ নকৰিলে এ পি ডি চি এলৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ।

গুৱাহাটী, ২২ ছেপ্টেম্বৰ: অভাৱনীয় হাৰত বৃদ্ধি পোৱা বিদ্যুৎ মাচুলক কেন্দ্ৰ কৰি ৰাজ্য উত্তাল হৈ থকাৰ সময়তে আজি আছুৰ এটা প্ৰতিনিধি দলে এ পি ডি চি এলৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰক সাক্ষাৎ কৰে । বিদ্যুতৰ মাচুল বৃদ্ধি প্ৰসংগত ৰাকেশ কুমাৰৰ সৈতে আলোচনাত মিলিত হয় আছুৰ প্ৰতিনিধি দলটো (Assam power tariff hike)।

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে বিসংগতি হোৱাৰ কথা স্বীকাৰ কৰিছে এ পি ডি চি এল কৰ্তৃপক্ষই (AASU leadership holds meeting with Managing Director of APDCL)। যাৰবাবে বিষয়টো সন্দৰ্ভত আছুৱে তদন্ত বিচাৰে । তেওঁ জনোৱা মতে খেলিমেলি হোৱা বিল ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে এ পি ডি চি এলে । আনহাতে এ পি ডি চি এলৰ এটা দলে এই সমগ্ৰ বিষয়টো চোৱা-চিতা কৰি আছে ৷

AASU leadership holds meeting with Managing Director of APDCL
বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰসংগত এ পি ডি চি এলৰ পৰিচালন সঞ্চালকৰে বৈঠক আছু নেতৃত্বৰ

তেওঁ লগতে কয় যে প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধি কৰাটো বাতিল কৰাৰ বাবে আছুৱে কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে । ৰাজ্যখনৰ সকলো প্ৰান্তত ব্যাপক খেলিমেলি হৈছে । কোম্পানীসমূহে যোগান ধৰা স্মাৰ্ট মিটাৰ সমূহত বিসংগতি হৈছে । আছুৱে এই সমস্যাৰ শীঘ্ৰে সমাধানৰ দাবী জনায় ।

আনহাতে আছু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে কৰ্তৃপক্ষৰ ফালৰ পৰা কোম্পানীসমূহে গাফিলতি কৰাৰ বাবে শ্ব'কজ কৰা হৈছে । প্ৰতি ইউনিটত ৩০ পইছা বৃদ্ধি হোৱাটো যুক্তিসংগত নহয় । তেওঁ কয় যে বিদ্যুৎ বিলৰ বিসংগতি সন্দৰ্ভত সকলো দিশ তদাৰকৰ বাবে কৰ্তৃপক্ষই ৪০ গৰাকী উচ্চ পৰ্যায়ৰ বিষয়া নিয়োগ কৰিছে ।

AASU leadership holds meeting with Managing Director of APDCL
বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰসংগত এ পি ডি চি এলৰ পৰিচালন সঞ্চালকৰে বৈঠক আছু নেতৃত্বৰ

অভিযোগ নিদিয়াকৈ সকলো সমস্যা সমাধানৰ আশ্বাস দিছে কৰ্তৃপক্ষই । এ পি ডি চি এলৰ জুলাইত ৭০৫ কোটি টকা ব্যয় হৈছে । আগষ্ট মাহত ৭৭০ কোটি টকা ব্যয় হৈছে এ পি ডি চি এলৰ (Electricity tariff hike) । এই ৬৫ কোটি টকাৰ ঘাটি বাজেটৰ জোৰা মাৰিবলৈ ৩০ পইচা প্ৰতি ইউনিতত বৃদ্ধিৰ সিদ্ধান্ত লৈছে কৰ্তৃপক্ষই । কিন্তু এই সিদ্ধান্ত আছুৱে কেতিয়াও মানি নলয় বুলি তেওঁ কয় ।

আনহাতে ২৫ হাজাৰ স্মাৰ্ট মিটাৰ লগোৱা পূৰ্বাঞ্চল এন্টাৰপ্ৰাইজ নামৰ কোম্পানীক শ্ব'কজ কৰা হৈছে । এই কোম্পানী সমূহে অধিক খেলিমেলি কৰাৰ বাবে শ্ব'কজ দিয়া হৈছে । ঘাটি বাজেট ৰাইজৰ পৰা উঠাব নোৱাৰিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে । ইফালে ৰাইজক মাধমাৰ শোধাই বিদ্যুতৰ বিল বৃদ্ধিৰ সিদ্ধান্ত পৰিহাৰ নকৰিলে এ পি ডি চি এলৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে ছাত্ৰ সন্থাই ।

লগতে পঢ়ক: অস্বাভাৱিক বিদ্যুৎ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সুৰ সলালে এ পি ডি চি এল কৰ্তৃপক্ষই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.