Arnamai Bora murder case: অর্ণমাই বৰা হত্যাকাণ্ডৰ ঘটনাৰ পুনৰ তদন্তৰ দাবী আপৰ

author img

By

Published : Jan 20, 2023, 6:35 PM IST

aap-reaction-on-arnamai-bora-case-verdict

আৰক্ষীৰ চৰম গাফিলতিৰ বাবেই অর্ণমাই বৰা হত্যাকাণ্ডৰ দোষী সাৰি যোৱাৰ অভিযোগ আম আদমী পাৰ্টীৰ । এই হত্যাকাণ্ডৰ ঘটনাৰ পুনৰ তদন্তৰ দাবী আম আদমী পাৰ্টীৰ ৷ অর্ণমাই বৰাৰ পৰিয়ালক সকলো ধৰণৰ সহযোগ আগবঢ়োৱাৰ কথা ঘোষণা দলটোৰ(AAP reaction on Arnamai Bora case verdict) ৷

অর্ণমাই বৰা হত্যাকাণ্ডৰ ঘটনাৰ পুনৰ তদন্তৰ দাবী আপৰ

গুৱাহাটী, ২০ জানুৱাৰী : অর্ণমাই বৰা হত্যাকাণ্ডৰ(Arnamai Bora murder case) ঘটনাৰ পুনৰ তদন্তৰ দাবী কৰিছে আম আদমী পাৰ্টীৰ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকাৰজাই । গুৱাহাটীত শুকুৰবাৰে অনুষ্ঠিত এক সংবাদমেলত আম আদমী পাৰ্টীৰ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকাৰজাই এই দাবী কৰি কয় যে আৰক্ষীৰ চৰম গাফিলতিৰ বাবে দোষী সাৰি গৈছে । তেওঁ কয় যে, ২০১৭ চনত হোজাই জিলাত যি হত্যাকাণ্ড সংঘটিত হৈছিল তাত অর্ণমাই বৰা নামৰ মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা বুলি কোৱা হৈছিল ।

তেওঁ আৰু কয় যে, এই গোচৰত দুজনক দোষী সাব্যস্ত কৰি এজনক মৃত্যুদণ্ড আৰু আনজনক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছিল । কিন্ত পৰবৰ্তী সময়ত ২০১৮ চনৰ ৯ আগষ্টত মইনুল হক আৰু চেলিমউদ্দিন নামৰ অভিযুক্ত দুজনৰ মইনুল হকক ফাঁচি আৰু চেলিমউদ্দিনক যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা কৰিছিল । কিন্ত শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে(Guwahati HC verdict on Arnamai Bora case) মূল অপৰাধী মইনুল হকক ফাঁচীৰ পৰিবৰ্তে কেৱল তিনিবছৰ কাৰাদণ্ড আৰু বিশ হাজাৰ টকাৰ জৰিমনা বিহে ।

তেওঁ কয় যে, অর্ণমাই বৰাৰ ধৰ্ষণ হত্যা গোচৰত আৰক্ষীৰ ভুল স্বীকাৰ কৰিছে আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই(Assam DGP Bhaskar Jyoti Mahanta) । কিন্ত কেবল ভুল স্বীকাৰ কৰিলেই অর্ণমাই বৰাৰ প্ৰতি ন্যায় কৰা হ'বনে ? আনহাতে অর্ণমাই বৰাৰ বিষয়টো আৰক্ষীয়ে উচিত তদন্ত নকৰাকৈয়ে কেনেকৈ আৰক্ষী বিষয়াই পুৰস্কাৰ পাবলৈ সক্ষম হ’ল ? বিষয়টোত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি) ৩৪ ধাৰা গোচৰত সংযোগ কৰা হোৱা নাছিল । অৰ্ণমাই বৰাৰ শৰীৰত পোৱা দাঁতৰ দাগ আৰক্ষীয়ে ফৰেনছিক পৰীক্ষা নকৰাটো এক ৰহস্যজনক কথা ।

তেওঁ লগতে কয় যে, বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনী প্রচাৰ চলোৱা কালত বাৰে বাৰে অৰ্ণমাই বৰাৰ নামটো ব্যৱহাৰ কৰিছিল । তেওঁ অর্ণমাই বৰাক মা বুলি সম্বোধন কৰিছিল আৰু ন্যায় দিয়াম বুলিও কৈছিল । কিন্তু উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছতে তেওঁ নিশ্চুপ হৈ পৰা দেখা গ'ল । সততে নাৰী সুৰক্ষা আৰু নাৰী সৱলীকৰণৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাই এই গোচৰৰ ক্ষেত্ৰত যদি উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ নিবিচাৰে তেনে অসমত যে ধর্ষিতা নাৰী এগৰাকীক কেৱল ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰি জনসাধাৰণৰ আৱেগ সৃষ্টি কৰা এক কৌশল সেয়া স্পষ্ট হ’ব বুলি অনুৰূপা ডেকাৰজাই কয় ।

অনুৰূপা ডেকাৰজাই কয় যে, অর্ণমাই বৰাৰ কন্যা ভাগ্যশ্ৰী বৰাক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল হিমন্ত বিশ্ব শৰ্মাই । বিধানসভাৰ মজিয়াতো এই কথা উত্থাপন কৰা হৈছিল । কিন্ত অৰ্ণমাই বৰাৰ মৃত্যুৰ পাঁচবছৰ পিছতো দিছপুৰতে পৰি ৰৈছে ভাগ্যশ্ৰী বৰাৰ আবেদনৰ ফাইল । মুখ্যমন্ত্ৰীয়ে তেওঁ দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰো দাবী কৰে আম আদমী পাৰ্টীয়ে । যিহেতু গৃহ বিভাগ মুখ্যমন্ত্ৰীৰ অধীনত আছে সেয়ে নাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত এখন বিশেষ আইন প্রস্তুত কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক দাবী কৰে আম আদমী পাৰ্টীয়ে ।

বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনৰ দিনত নাৰী নিগ্রহ, নাৰী ধৰ্ষণ, মহিলাক পিষ্টল দেখুৱাই দিন দুপৰতে ডিঙিৰ চেইন কাঢ়ি নিয়া আদি ঘটনাই চৰকাৰৰ গৃহ বিভাগৰ ব্যৰ্থতাকে প্ৰমাণ কৰিছে বুলি দাবী কৰে অনুৰূপা ডেকাৰজাই(AAP not satisfied in GHC verdict) । অর্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ন্যায় নোপোৱাৰ মুখ্য কাৰণেই হ’ল সঠিক প্রমাণ আৰু আৰক্ষীৰ গাফিলতি আন এক দুর্ভাগ্যজনক দিশ । গতিকে অর্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যাৰ বিষয়টো উচিত তদন্তৰে প্ৰমাণসহ দোষীক শাস্তি দিয়াৰ বাবে তেওঁ দাবী কৰে । ভৱিষ্যতে যাতে কোনো নাৰীৰ ক্ষেত্ৰত এনে ঘটনা সংঘটিত নহয় তাৰবাবে গৃহবিভাগক অধিক শক্তিশালী আৰু সচেতন হোৱাটো দাবী কৰে আম আদমী পাৰ্টীৰ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকাৰজাই ।

লগতে পঢ়ক: GHC Verdict on Arnamai Bora Case : ন্যায়ালয়ৰ ৰায়ত সন্তুষ্ট নহয় অৰ্ণমাই বৰাৰ কন্যা ময়ূৰী বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.