অসম আৰক্ষীৰ নিযুক্তিয়ে বহুতৰে ঘৰত তুলিছে আনন্দৰ লহৰ

author img

By

Published : Sep 18, 2022, 3:48 PM IST

AP

সামাজিক মাধ্যমত চৰ্চা হৈছে চৰকাৰখনৰ স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা (Assam police recruitment result 2022) । সামাজিক মাধ্যমত মাথোঁ চৰকাৰৰ গুণানুকীৰ্তন । কাৰণ চৰকাৰখনে কোৱাৰ দৰে মেধা আৰু যোগ্যতাৰ ভিত্তিত চাকৰি পালে বহুজনে । টকা দি চাকৰি লোৱাটো সপোনৰো অগোচৰত থকা বহু পৰিয়াললৈ আহিল চৰকাৰী চাকৰি । ক'ৰবাত যদি নাপিতৰ পুত্ৰই, চাহ শ্ৰমিকৰ পুত্রই, আন ক'ৰবাত ভিতৰুৱা গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ বোৱাৰীয়ে চাকৰি পাইছে ।

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ : বিভিন্ন বিতৰ্ক-সমালোচনা আৰু প্ৰতিবাদ-অভিযোগৰ মাজতে আজি ঘোষিত হ'ল অসম আৰক্ষীৰ কনিষ্টবল আৰু উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ ফলাফল (Assam police recruitment result declared) । লক্ষণীয় বিষয় যে, এইবাৰৰ এই নিযুক্তি পৰীক্ষাত চৰকাৰে যেনেদৰে স্বচ্ছতা বজাই ৰাখিছে, আনফালে আকৌ বহু চাকৰি প্ৰাৰ্থীয়ে তেওঁলোকৰ কষ্ট আৰু একাগ্ৰতাৰ মিঠা ফল লাভ কৰিছে ।

সেয়া লাগিলে যিকোনো সম্প্ৰদায়ে হওক বা সমাজৰ ধনী বা দুখীয়া শ্ৰেণীয়ে হওক । মুঠতে এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত যে কঠোৰ পৰিশ্ৰম কৰা উপযুক্ত প্ৰাৰ্থীসকলে নিজৰ পৰিশ্ৰমৰ মূল্য লাভ কৰিছে সেয়া পৰিলক্ষিত হৈছে । উল্লেখ্য, এই ফলাফলত বহু উৰুখা পঁজাৰ পৰা আহিছে সাফল্যৰ খবৰ । পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে সামাজিক মাধ্যমত চৰ্চা হৈছে চৰকাৰখনৰ স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা (transparent and fair appointment in Assam police) ।

অসম আৰক্ষীত স্বচ্ছ আৰু নিকা নিযুক্তিত ৰাজ্যজুৰি আনন্দৰ লহৰ
অসম আৰক্ষীত স্বচ্ছ আৰু নিকা নিযুক্তিত ৰাজ্যজুৰি আনন্দৰ লহৰ

আজি সামাজিক মাধ্যমত মাথোঁ চৰকাৰখনৰ গুণানুকীৰ্তন কৰা হৈছে । কাৰণ চৰকাৰখনে কোৱাৰ দৰে মেধা আৰু যোগ্যতাৰ ভিত্তিত চাকৰি পালে বহুজনে । টকা দি চাকৰি লোৱাটো সপোনৰো অগোচৰত থকা বহু পৰিয়াললৈ আহিল চৰকাৰী চাকৰি । উল্লেখ্য, অসম আৰক্ষীৰ এই নিযুক্তি প্ৰক্ৰিয়াক লৈয়ে আৰম্ভণিতে বিভিন্ন বাদানুবাদৰ সৃষ্টি হৈছিল (Assam police recruitment controversy) । উত্থাপন হৈছিল বিভিন্ন অভিযোগ ।

অৱশেষত উক্ত অভিযোগসমূহৰ বিপৰীতে ঘোষিত ফলাফলক লৈ বিভিন্নজনে সন্তুষ্টি প্ৰকাশ কৰি সামাজিক মাধ্যমত ব্যক্ত কৰিছে নিজৰ মনোভাব । উল্লেখ্য যে, অসম আৰক্ষীৰ ৫২৬২ টা পদৰ বাবে মুঠ ৭,০৭,৩২৮ জন প্ৰাৰ্থীয়ে আবেদন কৰিছিল আৰু ইয়াৰ ভিতৰত ৫,২০০ জনে এই নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হয় । নিৰ্বাচিত প্ৰাৰ্থীসকলৰ ভিতৰত ৪৪৯৩ গৰাকী পুৰুষ আৰু ৭০৭ গৰাকী মহিলা ।

অসম আৰক্ষীৰ এই বৃহৎ নিযুক্তিয়ে ৰাজ্যৰ নৱপ্ৰজন্মৰ মাজত আশাৰ সঞ্চাৰ কৰিছে । আজি ঘোষিত পৰীক্ষাৰ ফলাফলত দেখা গৈছে যে বহু যুৱক-যুৱতীয়ে চৰকাৰখনে কোৱাৰ দৰে মেধা আৰু যোগ্যতাৰ ভিত্তিতে চাকৰি লাভ কৰিছে (social media focused fair appointment in AP)। বহু উৰুখা পঁজাত আজি আনন্দৰ বন্যা বৈছে । কলিয়াবৰৰ চাহ শ্ৰমিকৰ সন্তান শ্ৰীমন্ত তাচাৰ ঘৰত আজি চাকৰি লাভৰ আনন্দ । তেওঁ কোনো দিনে ভৱাই নাছিল যে এনেদৰে চৰকাৰী চাকৰি এটা লাভ কৰিব ।

অসম আৰক্ষীত স্বচ্ছ আৰু নিকা নিযুক্তিত ৰাজ্যজুৰি আনন্দৰ লহৰ
অসম আৰক্ষীত স্বচ্ছ আৰু নিকা নিযুক্তিত ৰাজ্যজুৰি আনন্দৰ লহৰ

সেইদৰে গৌৰীসাগৰৰ অতি দৰিদ্ৰ পৰিয়ালৰ দুজনে লাভ কৰিলে অসম আৰক্ষীৰ চাকৰি । এয়া মাথোঁ সাধাৰণ উদাহৰণ । এনে অলেখ ভাল খবৰে আজি ৰাজ্যজুৰি আনন্দৰ জোৱাৰ তুলিছে । মুঠতে ৰাজ্যৰ গাঁৱে গাঁৱে বিৰিঙিছে হাঁহি । কাৰণ কৰোবাৰ নহয় কাৰোবাৰ পৰিয়ালত হৈছে আৰক্ষীৰ চাকৰি । লক্ষণীয় বিষয় যে লখিমপুৰ মেডিকেল কলেজৰ লিখিত পৰীক্ষাৰ নামত বেমেজালি, ২৬ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষাত দালালৰ দপদপনিৰ অভিযোগক লৈ ভিক্টৰ দাসক গ্ৰেপ্তাৰ (Victor Das arrest issue) আদি প্ৰসংগবোৰৰ বিপৰীতে আজি ঘোষিত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফলে ৰাজ্যজুৰি আশাৰ সঞ্চাৰ কৰিছে ।

উল্লেখ্য যে, ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব'ৰ্ড চমুকৈ এছ এল পি আৰ বিয়ে (state level police recruitment board) এই পৰীক্ষা অনুষ্ঠিত কৰিছিল । এছ এল পি আৰ বিৰ অধ্যক্ষৰ দায়িত্বত আছে বৰ্তমান অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত (Director General of Police Bhaskarjyoti Mahanta) । পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছত সামাজিক মাধ্যমযোগে বিভিন্নজনে চাকৰি পোৱাৰ খবৰ দিছে ।

অসম আৰক্ষীত স্বচ্ছ আৰু নিকা নিযুক্তিত ৰাজ্যজুৰি আনন্দৰ লহৰ
অসম আৰক্ষীত স্বচ্ছ আৰু নিকা নিযুক্তিত ৰাজ্যজুৰি আনন্দৰ লহৰ

এই খবৰবোৰত দেখা গৈছে যে ক'ৰবাত যদি নাপিতৰ পুত্ৰই, চাহ শ্ৰমিকৰ পুত্রই, আন ক'ৰবাত ভিতৰুৱা গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ বোৱাৰীয়ে চাকৰি পাইছে । এনেবোৰ খবৰে এটা কথা স্পষ্ট কৰিছে যে নিযুক্তি প্ৰক্ৰিয়া অতি সূচাৰুৰূপে হৈছে । যোগ্যতাৰ ভিত্তিত প্ৰত্যেকে চাকৰি লাভ কৰিছে । ইফালে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই স্পষ্টভাৱে ঘোষণা কৰিছে যে এই নিযুক্তিত তিলমানো অনিয়ম সংঘটিত হোৱা নাই । কাৰোবাৰ যদি কিবা অভিযোগ আছে উক্ত অভিযোগ এছ এল পি আৰ বি ৱেবছাইটযোগে দাখিল কৰিলে তাৰ প্ৰত্যক্ষ উত্তৰ দিয়াৰো ব্যৱস্থা কৰা হৈছে ।

লক্ষণীয় যে, অসম আৰক্ষীৰ এই নিযুক্তিৰ বাবে হোৱা বাছনিক প্ৰায় সকলোৱে প্ৰশংসা কৰিছে । নিযুক্তিৰ নামত এতিয়ালৈকে নাই কোনো অভিযোগ । দৰিদ্ৰতা চাকৰিৰ বাবে হেঙাৰ হোৱা নাই । কাৰোবাৰ আশীৰ্বাদ বা ৰাজনৈতিক প্ৰভাৱ হয়তো নপৰাৰ বাবে কোনোৱে আঙুলি তোলা নাই । যাৰ বাবে আজি সামাজিক মাধ্যমত ইতিবাচক সমালোচনা পৰিলক্ষিত হৈছে । ভালটোক ভাল বুলি ক'বলৈ কোনেও কুণ্ঠাবোধ কৰা নাই ।

লগতে পঢ়ক :ঘোষণা হ’ল অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.