Journalist Drama: এদল সাংবাদিকৰ নাট্যপ্ৰতিভাৰে প্ৰাণ পাব অসম বুৰঞ্জীৰ ঐতিহাসিক বীৰ চৰিত্ৰ জোঙালবলহু

author img

By

Published : Aug 5, 2022, 2:07 PM IST

a team of journalists will stage the play junggalbalahu

গুৱাহাটী প্ৰেছ ক্লাৱত চলিছে আখৰা(Drama practice in Guwahati Press Club) । তিৱা বীৰ পুৰুষ জোঙাল বলহুৰ জীৱন কাহিনী, কৰ্মৰাজিক লৈ ৰচিত "জোঙাল বলহু" নাটখনি কলং নাট্যগোষ্ঠীৰ উদ্যোগত ১০ আগষ্টত গুৱাহাটীৰ মাধৱদেৱ প্ৰেক্ষাগৃহত সন্ধিয়া ৭ বজাৰ পৰা প্ৰদৰ্শন কৰা হ'ব(Journalists to act in play on Tiwa Hero) । নাটখনিৰ ৰচনা মুনমী বৰদলৈৰ আৰু পৰিচালনা কৰিছে নাট্যকাৰ তথা পৰিচালক অসীম কুমাৰ নাথে ৷

গুৱাহাটী,৪ আগষ্ট: সংবাদ জগতৰ ব্যস্ততাপূৰ্ণ কৰ্ম জীৱনৰ মাজতে এদল সাংবাদিক সাজু হৈছে অসম বুৰঞ্জীৰ ঐতিহাসিক বীৰ চৰিত্ৰ 'জোঙালবলহু'ক মঞ্চত দাঙি ধৰিবলৈ(Journalists to act in play on Tiwa Hero) । যাৰ বাবে বৰ্ত্তমান তেওঁলোক ব্যস্ত হৈ ‍আছে আখৰাত । কৰ্মব্যস্ততাৰ মাজতে কিছু সময় উলিয়াই বিগত এমাহ ধৰি গুৱাহাটী প্ৰেছ ক্লাৱত আখৰাৰ বাবে সমবেত হৈছে তেওঁলোক(Drama practice in Guwahati Press Club) । কেৱল সংবাদকৰ্মী হিচাপেই নহয় নাট্যশিল্পী হিচাপেও যথেষ্ট প্ৰতিভা আছে প্ৰতিজন সংবাদকৰ্মীৰ ৷

তাৰেই যেন উমান পোৱা গৈছে গুৱাহাটী প্ৰেছক্লাৱত ইতিমধ্যে আখৰা হৈ থকা জোঙালবলহু নাটখনিৰ জড়িয়তে ৷ জোঙালবলহু নাটখনিৰ ৰচনা মুনমী বৰদলৈৰ ৷ পৰিচালনা কৰিছে নাট্যকাৰ তথা পৰিচালক অসীম কুমাৰ নাথে ৷ স্বদেশ আৰু স্বজাতিৰ বাবে জীৱন উৎৰ্সগা কৰা অসমৰ বীৰ বীৰাঙ্গনাৰ কাহিনীসমূহ অসমৰ ইতিহাসৰ গৌৰৱময় অধ্যায় । সেই গৌৰৱময় অধ্যায়ৰ মূৰ্ত প্ৰতিফলন ঘটিছে মুনমী বৰদলৈৰ জোঙালবলহু নাটখনিত ৷

এদল সাংবাদিকৰ নাট্যপ্ৰতিভাৰে প্ৰাণ পাব অসম বুৰঞ্জীৰ ঐতিহাসিক বীৰ চৰিত্ৰ জোঙালবলহু

তিৱা বীৰ পুৰুষ জোঙাল বলহুৰ জীৱন কাহিনী, কৰ্মৰাজিক লৈ ৰচিত এই "জোঙাল বলহু" নাটখনি কলং নাট্যগোষ্ঠীৰ উদ্যোগত ১০ আগষ্টত গুৱাহাটীৰ মাধৱদেৱ প্ৰেক্ষাগৃহত সন্ধিয়া ৭ বজাৰ পৰা প্ৰদৰ্শন কৰা হ'ব । গুৱাহাটী প্ৰেছ ক্লাৱ আৰু জাৰ্নেলিষ্ট ইউনিয়ন অব আছামৰ গুৱাহাটী মহানগৰ শাখাৰ সহযোগত মঞ্চস্থ হ'বলগীয়া নাটখনিৰ ব্যৱস্থাপনাত আছে তিৱা স্বায়ত্ত শাসিত পৰিষদ । নাটখনিৰ সংগীত ব্যৱস্থাপনাত আছে তিৱা সাহিত্য সভাৰ সম্পাদক ড: বিদ্যু বিকাশ সেনাপতি ৷

নাটখনিৰ নাম ভুমিকাত আছে দেৱপ্ৰতিম বৰা ৷ বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিব ক্ৰমে অমৰেন্দ্ৰ ডেকা,শৰৎ শৰ্মা, ত্ৰিদিৱ লহকৰ, মানস প্ৰতিম শইকীয়া, পল্লৱ দ্বীজেন, কনক শইকীয়া, পংকজ মেধী, নাৰায়ণ বৰা, ঋতুুমনি বৰা, দ্বীপ হাজৰিকা সোণোৱাল, মীনাক্ষী ফুকন, সৌমিতা ডেকা, আইচেংফা কোঁৱৰ, এঞ্জেলা চাংমাই, যুক্তা বৰা, অংকিতা ভূঞাকে আদি কৰি কেইবাগৰাকীও সাংবাদিকে । সাংবাদিকসকলৰ মাজত সোমাই থকা নাট্যপ্ৰতিভাৰ উমান লবলৈ সমুহ কলা-কুশলীয়ে নাট্যপ্ৰেমী ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ।

লগতে পঢ়ক: CM holds meeting with Agriculture Commission: অসম কৃষি আয়োগৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.