চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল ৰাজ্যৰ ৯ টা বিৰোধী দল

author img

By

Published : Sep 28, 2022, 2:23 PM IST

Protest

শিক্ষা ব্যৱস্থাক লৈ চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে ৰাজ্যৰ ৯ টাকৈ বিৰোধী দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Oppositions protest in Guwahati)। গুৱাহাটীত ভাৰতীয় জাতীয় কংগ্ৰেছ, চিপিআই (এম), অসম জাতীয় পৰিষদ, ৰাইজৰ দল, চিপিআই, চিপিআই (এমএল), আৰজেডি, এনচিপি আৰু জাতীয় দল অসমৰ প্ৰতিবাদ । শিক্ষাবিদ, বুদ্ধিজীৱী, চিন্তাবিদ আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত প্ৰতিবাদত ।

গুৱাহাটী,২৮ ছেপ্টেম্বৰ : শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষা পৰিহাৰ কৰি স্কুলীয়া পৰ্যায়তে ইংৰাজী মাধ্যম প্ৰৱৰ্তনৰ নীতি গ্ৰহণ কৰা (Assam School medium controversy), বিদ্যালয় 'একত্ৰীকৰণ'ৰ (School amalgamation in Assam) নামত চৰকাৰী বিদ্যালয়সমূহ বন্ধ তথা ৰাজহুৱা শিক্ষা ব্যৱস্থাক ধ্বংস কৰি শিক্ষাক ব্যক্তিগতখণ্ডলৈ হস্তান্তৰ কৰাৰ চক্ৰান্তকে ধৰি অসম চৰকাৰৰ শিক্ষা বিৰোধী নীতিসমূহৰ প্ৰতিবাদ জনায় বুধবাৰে ৰাজ্যৰ ৯ টাকৈ বিৰোধী দলে যৌথভাৱে গুৱাহাটীৰ এন চি পিৰ কাৰ্যালয় প্ৰাংগনত 'অৱস্থান ধৰ্মঘট'ৰ কাৰ্যসূচী ৰূপায়ণ কৰে (Assam 9 opposition party protest against govt)।

যৌথ অৱস্থান-ধৰ্মঘট কাৰ্যসূচীৰ অংশীদাৰী ৯ টা ৰাজনৈতিক দল হ'ল ক্ৰমে ভাৰতীয় জাতীয় কংগ্ৰেছ, চিপিআই (এম), অসম জাতীয় পৰিষদ, ৰাইজৰ দল, চিপিআই, চিপিআই (এমএল), আৰজেডি, এনচিপি আৰু জাতীয় দল অসম । প্ৰতিবাদস্থলীত বিশিষ্ট চিন্তাবিদ ডঃ হীৰেণ গোহাঁই , অৱনী বৰঠাকুৰকে ধৰি কেইৱাগৰাকী শিক্ষাবিদ, বুদ্ধিজীৱী, চিন্তাবিদ আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল ৰাজ্যৰ ৯ টা বিৰোধী দল

কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশিষ্ট চিন্তাবিদ ডঃ হীৰেণ গোহাঁইয়ে কয় যে বিজেপি চৰকাৰে আম্বানী আৰু আদানিৰ স্বাৰ্থ ৰক্ষাৰ বাবেহে কাম কৰে । চৰকাৰখনৰ শিক্ষাৰ ক্ষেত্ৰত কোনো দায়বদ্ধতা নাই (Dr Hiren Gohain slams Assam govt)। মাত্ৰ তেওঁলোকৰ স্বাৰ্থ পূৰণৰ বাবেহে কাম কৰে । সেয়ে তেওঁৰ মতে ৰাইজ চৰকাৰখনৰ ৰাজহুৱা শিক্ষা বিৰোধী আৰু মাতৃভাষা বিৰোধী পদক্ষেপৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে ওলায় আহিব লাগিব ।

কাৰ্যসূচীত অংশ লৈ সাংসদ অজিত কুমাৰ ভূঞাই কয় যে ৰাজ্যৰ বিৰোধী দলসমূহে একত্ৰিত হৈ গুৱাহাটীত যোৱা পাঁচ ছেপ্টেম্বৰৰ পৰা চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ অৱস্থাৰ বুজ লোৱাৰ পাছত ২১ ছেপ্টেম্বৰত সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰী শিক্ষা ব্যৱস্থাৰ শোচনীয় অৱস্থা আৰু ৰাজ্য চৰকাৰৰ ব্যৰ্থতা উদঙাই দিছিল । ইয়াৰ অংশ হিচাপে বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে (Ajit Kumar Bhuyan criticized education department)।

চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় যে বিজেপি চৰকাৰে শিক্ষাক বে-চৰকাৰীকৰণ কৰাৰ বাবে ৰাজহুৱা শিক্ষা ব্যৱস্থাক ধ্বংস কৰা ষড়যন্ত্ৰ কৰিছে । যোৱা ৭ মাহে ৰাজ্যৰ এক লাখ ১৭ হাজাৰ বিদ্যালয়ৰ ৰন্ধন কৰ্মীয়ে দৰমহা পোৱা নাই । এয়া হৈছে ৰাজ্য চৰকাৰৰ শিক্ষা ক্ষেত্ৰৰ উন্নয়নৰ নমুনা ।

কাযসূচীত অংশ লৈ বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে অসম চৰকাৰৰ শিক্ষা বিৰোধী নীতিসমূহৰ বিৰুদ্ধে বিধানসভাত বিৰোধী দলসমূহে প্ৰতিবাদ সাব্যস্ত কৰিছে । চৰকাৰে এতিয়া শিক্ষাক ব্যক্তিগতকৰণ কৰাৰ স্বাৰ্থত মাতৃভাষাৰ বিদ্যালয়বোৰ ধ্বংস কৰা পদক্ষেপ লৈছে । কাৰ্য্যসূচীত কংগ্ৰেছৰ মনজিৎ মহন্ত, চিপিআই(এমএল)ৰ পংকজ দাস আদিও উপস্থিত থাকে ।

লগতে পঢ়ক :PFI ৰ নিষিদ্ধকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.