Zubeen Garg 50th birthday: হাৰ্টথ্ৰ’বৰ জন্মদিনত উখল-মাখল ৰাজ্য

author img

By

Published : Nov 18, 2022, 10:54 PM IST

Zubeen Garg 50th birthday

অসংখ্যজনৰ অবৰ্ণনীয় ভালপোৱাৰ মাজৰে উদযাপিত হ’ল জুবিন গাৰ্গৰ 50 বছৰীয়া জন্মদিন ৷ অসমীয়াৰ বুকুত 30 টা বসন্তৰ নাহৰ হৈ ফুলিল জুবিন গাৰ্গ ৷ অনুৰাগীৰ আশা, এই সম্পদৰ কোনো কালে হানি-বিঘিনী নহওক ৷ ভালে থাকক জুবিন গাৰ্গ (50th birthday anniversary of Zubeen Garg)৷

নিউজ ডেস্ক, 18 নৱেম্বৰ : এটা কণ্ঠ আৰু সুদীৰ্ঘ তিনিটা দশক৷ এখন হৃদয় আৰু সহস্ৰজনৰ অনুভৱ ৷ পুৱাৰ বৰগীতটোৰ পৰা জোনাক গলা জাৰৰ নিশালৈকে এটাই কণ্ঠ.. জুবিন গাৰ্গ (Zubeen Garg Song)৷ প্ৰজন্মৰ বুকুৱে বুকুৱে শিপাই থকা জুবিন গাৰ্গ নামৰ অনুষ্ঠানটো বয়সৰ লেখেৰে 50 বছৰীয়া হ’ল আজি৷ সেয়ে আজি ৰাজ্যত অঘোষিত উৎসৱ (Zubeen Garg 50th birthday )৷

নিশা বাৰ বজাৰ পৰাই সামাজিক মাধ্যম উপচি পৰিল প্ৰিয় শিল্পীক জনোৱা জন্মদিনৰ শুভেচ্চাৰে ৷ এবাৰ চুই চোৱাৰ হেঁপাহেৰে শিল্পীগৰাকীৰ লগত উঠা ন-পুৰণি ফটোৰে উপচি পৰিছে ফেচবুক৷ ফেচবুক নহয় যেন জুবিনবুকহে৷ জুবিনময় ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখা গৈছে কাহানিও কাৰো বাবে নেদেখা দৃশ্য৷

কাহানিও ভাগৰি নপৰো বুলি দৃঢ়মনা জুবিন গাৰ্গ এবাৰ ঢলি পৰোতেই ৰাজ্যৰ নামঘৰে-মচজিদে দেখা গৈছিল প্ৰাৰ্থনা (Zubeen Garg injured)৷ ভাল হৈ ঘূৰি আহক প্ৰিয় শিল্পী৷ চৰকাৰে জুবিন গাৰ্গ নামৰ সম্পদটিৰ সুৰক্ষাৰ বাবে গুৰুত্ব প্ৰদান কৰি আহিছে ৷ সৌ সিদিনা ডিব্ৰুগড়ত পিচলি পৰোতেই হুৱাদুৱা লাগিল ৰাজ্যত ৷ এয়াৰ এম্বুলেঞ্চেৰে আনি পথত গ্ৰীণ কৰিডৰ’ৰ ব্যৱস্থাৰে লৈ যোৱা হ’ল চিকিৎসালয়লৈ৷ জাতিটোৰ বাবে জুবিন গাৰ্গ কিমান গুৰুত্বপূৰ্ণ সেই উদাহৰণ দাঙি ধৰে এইসমূহ ঘটনাই৷

হাৰ্টথ্ৰ’বৰ জন্মদিনত উখল-মাখল ৰাজ্য

সংজ্ঞাবিহীন জুবিন গাৰ্গ ৷ ইউকেলিপ্টাচৰ দৰে ওখ হ’ব খোজা জুবিন গাৰ্গে অসমীয়া সংগীতত মাইলৰ খুটি স্থাপন কৰাৰ পাচত দেশৰ কিমানটানো ভাষাত কণ্ঠ নিগৰাবলৈ বাকী থাকিল ! প্ৰতিটো ভাষাৰ স্পষ্ট উচ্চাৰণ আৰু যাদুকৰী কণ্ঠৰ অধিকাৰী জুবিন গাৰ্গে মায়ানগৰী মুম্বাইলৈ গৈ স্বকীয় শৈলীৰে বলীউদত জোঁকাৰণিৰ সৃষ্টি কৰিলে (Zubeen Garg in Bollywood)৷ কিন্তু অসমে যেন হাত বাউলি মাতিলে হাৰ্টথ্ৰৱক৷ কংক্ৰিটৰ মায়ানগৰীতকৈ মাতৃভূমিৰ ধূলি-বালিক ভালপোৱা জুবিন গাৰ্গ উভতি আহিল৷ হৈ পৰিল প্ৰতিখন ঘৰৰ একোজন সদস্য ৷

শুকুৰবাবে ৰাজ্যজুৰি উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে উদযাপন কৰা হ’ল এন্ধাৰ হ’ব নোখোজা জুবিন গাৰ্গৰ জন্মদিন৷ বিশাল কাৰ্যসূচীৰে উদযাপন কৰা হৈছে যোৰহাটত৷ ভালপোৱাৰ সাগৰত উটিভাহি থকা জুবিন গাৰ্গৰ বাবে 50 পাউণ্ডৰ কেক এটা প্ৰস্তত কৰিলে যোৰহাটৰ টানিয়াই ৷

অসংখ্যজনৰ অবৰ্ণনীয় ভালপোৱাৰ মাজৰে উদযাপিত হ’ল জুবিন গাৰ্গৰ 50 বছৰীয়া জন্মদিন ৷ অসমীয়াৰ বুকুত 30 টা বসন্তৰ নাহৰ হৈ ফুলিল জুবিন গাৰ্গ ৷ অনুৰাগীৰ আশা, এই সম্পদৰ কোনো কালে হানি-বিঘিনী নহওক ৷ ভালে থাকক জুবিন গাৰ্গ ৷

লগতে পঢ়ক : Zubeen Garg Birthday: যোৰহাটৰ দৃষ্টিহীন বিদ্যালয়ত গছ পুলি ৰোপন কৰিলে গৰিমা শইকীয়া গাৰ্গে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.