Lachit Divas in Delhi: বীৰ লাচিতৰ বন্দনাৰে মুখৰিত দেশৰ ৰাজধানী দিল্লী

author img

By

Published : Nov 23, 2022, 8:43 PM IST

400 birth anniversary of Lachit Barphukan

নতুন দিল্লীত তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হৈছে লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান (400 birth anniversary of Lachit Barphukan) ৷ বুধবাৰে সন্ধিয়া নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত অসমৰ বাৰেৰহনীয়া কৃষ্টি প্ৰদৰ্শন কৰা হয় । বিশিষ্ট কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই এই অনুষ্ঠানত সংগীত পৰিৱেশন কৰে । কাইলৈ দ্বিতীয় দিনৰ কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ উপস্থিত থাকিব আৰু অন্তিম দিনৰ কাৰ্যসূচীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য অতিথিৰূপে উপস্থিত থাকিব ।

গুৱাহাটী, 23 নৱেম্বৰ: নতুন দিল্লীৰ বিজ্ঞান ভৱনত বুধবাৰৰ পৰা লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে (400 birth anniversary of Lachit Barphukan) ৷ তিনিদিন ধৰি চলিব এই অনুষ্ঠান ৷ বীৰ লাচিতৰ শৌৰ্য-বীৰ্য তথা পৰাক্ৰমক বিশ্বত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যেই আয়োজন কৰা হৈছে এই বিশাল অনুষ্ঠানৰ ৷ ইতিমধ্যে অসম চৰকাৰ মন্ত্ৰী-বিধায়কসকলৰ লগতে বিভিন্নজন দিল্লীত উপস্থিত হৈ এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিছে (Lachit Divas celebration in Delhi) ৷

400 birth anniversary of Lachit Barphukan
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সম্বৰ্ধনা

এই অনুষ্ঠানৰ অংশ হিচাপে আজি ‘আহোমৰ সোণালী অধ্যায়-আশা, নৈপুণ্য আৰু বীৰত্বৰ গাথা’ বিষয়ক আলোচনাচক্র অনুষ্ঠিত হয় (History of Ahom dynasty)। আলোচনাচক্ৰখন সঞ্চালনা কৰে অসমৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব জিষ্ণু বৰুৱাই । আলোচকৰূপে উপস্থিত থাকে অসম ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্র গুপ্ত কাশ্যপ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপক ড° চন্দন কুমাৰ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক কুলদীপ পাটোৱাৰী, অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্রধান প্রকাশ সিং, ভাৰতীয় সেনাৰ পূব কমাণ্ডৰ জিঅ'চি লেফটেনেণ্ট জেনেৰেল ৰাণা প্রতাপ কলিতা আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰতি উপাচার্য কপিল কাপুৰে ।

400 birth anniversary of Lachit Barphukan
লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী

আলোচকসকলে আহোমসকলৰ সামৰিক নৈপুণ্যতাৰ লগতে অসম, ভাৰত তথা সমগ্র দক্ষিণ-পূব এছিয়াৰ ইতিহাসত তেওঁলোকৰ ভূমিকাৰ বিষয়ে বিশেষভাৱে আলোচনা কৰে । এই আলোচনাত আহোমসকলৰ প্ৰশাসনিক আৰু সামৰিক গাঁথনি আৰু আৰ্থ-সামাজিক ব্যৱস্থাৰ কথাইও গুৰুত্ব লাভ কৰে ।

400 birth anniversary of Lachit Barphukan
লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ অনুষ্ঠানত নিৰ্মলা সীতাৰমণ

আলোচনাত অংশগ্ৰহণ কৰি প্ৰকাশ সিঙে কয় যে, আহোমসকলে তেওঁলোকৰ ৰাজ্যত বিদেশী আক্রমণকাৰীৰ আগ্ৰাসন সফলভাৱে প্ৰতিহত কৰিছিল । লাচিত বৰফুকনে জন্মসূত্রেই লাভ কৰা শৌর্য, দেশপ্ৰেম আৰু ৰাজনৈতিক পৰিপক্কতাই তেওঁক এগৰাকী দক্ষ আৰু সফল আহোম সেনাপতিৰূপে প্রতিষ্ঠিত কৰিছিল । এই প্ৰসংগত মোগলৰ বুৰঞ্জীবিদসকলে লাচিত বৰফুকনে কৰা প্ৰশংসাৰ কথাও তেওঁ উল্লেখ কৰে ।

400 birth anniversary of Lachit Barphukan
বীৰ লাচিত সন্দৰ্ভত আলোচনা চক্ৰ

অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্রধানগৰাকীয়ে লাচিত বৰফুকনক ভাৰতৰ ইতিহাসত যথাযথ স্থান দিয়াৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপৰ শলাগ লয় । তেওঁ লগতে কয় যে, ভাৰতৰ অন্যান্য ৰাজ্যৰ বহু কিংবদন্তি নায়কে এতিয়াও তেওঁলোকৰ প্রাপ্য স্বীকৃতি লাভ কৰা নাই ।

400 birth anniversary of Lachit Barphukan
বীৰ লাচিতৰ বন্দনাৰে মুখৰিত দেশৰ ৰাজধানী দিল্লী

অসম ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্র গুপ্ত কাশ্যপে অসমে সন্মুখীন হোৱা বিভিন্ন বহিঃআক্ৰমণৰ বিৱৰণ দাঙি ধৰি বীৰ লাচিত বৰফুকন এক গৱেষণাৰ বিষয় বুলি উল্লেখ কৰে । তেওঁ লাচিত বৰফুকনক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰিবলৈ দেশৰ ৰাজধানী চহৰ দিল্লীত বীৰ লাচিতৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ উপৰি এন চি ই আৰ টিৰ পাঠ্যক্ৰম আৰু এন ডি এ আদিৰ পাঠ্যক্ৰমত লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰাজি অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰে । প্ৰসংগক্ৰমে তেওঁ নেশ্যনেল ডিফেন্স একাডেমীত লাচিতৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ বাবে অসমৰ প্ৰাক্তন ৰাজ্যপাল জেনেৰেল এছ কে সিনহাৰ শলাগ লয় ।

অধ্যাপক চন্দন কুমাৰ শৰ্মাই পুৰণি বুৰঞ্জী আৰু বিদ্যায়াতনিক গ্ৰন্থৰাজিত লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰাজিৰ প্ৰতিফলনৰ বিষয়ে বিভিন্ন তথ্যসহ ব্যাখ্যা আগবঢ়ায় । তেওঁ অসমৰ জাতীয় জীৱনৰ বিভিন্ন ক্ষেত্ৰত লাচিতৰ প্ৰসংগিকতাৰ কথাও উল্লেখ কৰে । স্বাধীনতা সংগ্রামকে ধৰি বিভিন্ন সংকটৰ সময়ত লাচিতৰ নাম আৰু স্মৃতিয়ে কেনেকৈ অসমীয়া জনগণক প্ৰভাৱান্বিত কৰাৰ লগতে সকলোকে একত্ৰিত কৰিছিল সেই বিষয়েও তেওঁ উল্লেখ কৰে ।

400 birth anniversary of Lachit Barphukan
ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই বৰ্তমান প্রেক্ষাপটত লাচিত বৰফুকনৰ সামৰিক দক্ষতাৰ প্ৰাসংগিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে, এজন সফল সেনানায়কে যুদ্ধক্ষেত্ৰতৰ ভৌগোলিক পৰিৱেশ আৰু বতৰ নিজৰ ৰণনীতিৰ অনুকূল কৰি ব্যৱহাৰ কৰে । লাচিত বৰফুকনেও শৰাইঘাটৰ নৌযুদ্ধত এই ৰণনীতি সফলতাৰে প্ৰয়োগ কৰিছিল ।

আন এগৰাকী আলোচক কপিল কাপুৰে বিভিন্ন ভাৰতীয় বীৰৰ সৈতে আহোম সেনানায়কজনৰ তুলনা কৰি লাচিতে অসমত মুছলমান প্ৰতিৰোধ কৰি দক্ষিণ পূৱ এছিয়াৰ ইতিহাসৰ গতি প্ৰভাৱিত কৰিছিল বুলি উল্লেখ কৰে । বীৰগৰাকীৰ বিষয়ে অধ্যয়ন কৰিলে ছাত্ৰ-ছাত্ৰীসকল ব্যক্তিগত আৰু সামজিক জীৱনত বিশেষভাৱে উপকৃত হ’ব বুলি তেওঁ মন্তব্য কৰে ।

আলোচনাত ভাগ লৈ শিক্ষাবিদ কুলদীপ পাটোৱাৰীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বুৰঞ্জীৰ তুলনাৰে আহোমসকলৰ সামাজিক গাঁথনি, সেনা প্রশাসন ব্যৱস্থা আদিৰ বিষয়ে উল্লেখ কৰি আহোমৰ সাহস, বীৰত্ব, নৈপুণ্যক বহল অৰ্থত অসমীয়াৰ সাহস, বীৰত্ব আৰু নৈপুণ্য বুলি কয় । ইয়াৰ দ্বাৰা সকলোকে উদ্বুদ্ধ কৰিবলৈ তেওঁ বিশ্ববিদ্যালয়সমূহৰ তত্ত্বাৱধানত আহোম বুৰঞ্জীৰ অনুবাদ কৰি প্ৰকাশ কৰাৰো পোষকতা কৰে ।

উল্লেখ্য যে ২০২২ বৰ্ষ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মবর্ষ । অসম চৰকাৰে এই জন্ম বৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে উদ্যাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । যোৱা ২৫ ফেব্ৰুৱাৰীত ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ বৰ্ষজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল । নতুন দিল্লীত তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা ইয়াৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে (Lachit Divas 2022)।

আজি আৰম্ভণিৰ দিনা কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে এই উপলক্ষে বিজ্ঞান ভৱনত আয়োজন কৰা প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে । বুধবাৰে সন্ধিয়া নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত অসমৰ বাৰেৰহনীয়া কৃষ্টি প্ৰদৰ্শন কৰা হ’ব । বিশিষ্ট কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই এই অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব । কাইলৈ দ্বিতীয় দিনৰ কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ উপস্থিত থাকিব আৰু অন্তিম দিনৰ কাৰ্যসূচীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য অতিথিৰূপে উপস্থিত থাকিব ।

লগতে পঢ়ক: Lachit Divas 2022: লাচিত দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীত নাও খেল প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.