Assam primary school teacher: 36 হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে চৰকাৰক ঘূৰাই দিব টেবলেট

author img

By

Published : May 21, 2023, 9:41 PM IST

Shiksha Setu Axom

ৰাজ্যৰ 36 হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে শিক্ষা সেতুৰ কাম পৰিচলনা কৰিবলৈ চৰকাৰে প্ৰদান কৰা টেবলেট ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ শিক্ষকসকলৰ দীৰ্ঘদিনীয়া দাবী চৰকাৰে পূৰণ নকৰাৰ পৰিপ্ৰেক্ষিটত এই সিদ্ধান্ত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ (Shiksha Setu Axom) ৷

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সংবাদমেল

গুৱাহাটী, 21 মে’: ৰাজ্যৰ 36 হাজাৰ প্ৰাথমিক বিদ্যালয়ে ঘূৰাই দিব টেবলেট ৷ সোমবাৰে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰা পৰ্যন্ত কোনো নতুন কামৰ দায়িত্ব গ্ৰহণ নকৰাৰ সিদ্ধান্তৰে শিক্ষাসেতু আঁচনি (Shiksha Setu Axom) ৰূপায়নৰ কামত বিগত কুৰিদিনে অসহযোগ কাৰ্যসূচী চলাই নিয়াৰ পিচতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত টেবলেট ঘূৰাই দিয়াৰ সিন্ধান্ত গ্ৰহণ কৰিছে ৷

সোমবাৰে 36 হাজাৰ প্ৰাথমিক বিদ্যালয়ে দিনৰ দুই বজাৰ ভিতৰত নিজ নিজ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ হাতত ঘূৰাই দিব টেবলেট ৷ দেওবাৰে শিক্ষক ভৱনত সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে ৷

তেওঁ কয়, ‘‘ৰাজ্যৰ প্ৰাথমিক শিক্ষকসকলে 1982 চনৰে পৰা ৰাজ্য চৰকাৰৰ সৈতে ভিন্ন পৰ্যায়ত আলোচনা কৰি আহিছে ৷ 1982 চনৰ 7 ডিচেম্বৰত শিক্ষা আয়ুক্তৰ সৈতে এই সমস্যাটো সমাধানৰ বাবে আলোচনাৰ পাতনি মেলিছিল ৷ উক্ত আলোচনাত অসম চৰকাৰে 26 মে’ 1982 ত প্ৰকাশ কৰা সেৱা বিধিৰ ভিত্তিত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বিষয়টো সমাধানৰ প্ৰতিশ্ৰুতি দিছিল ৷ তেতিয়াৰে পৰা দুকুৰিবাৰ আলোচনা হোৱাৰ পিচতো সমস্যাটোৰ সমাধান হোৱা নাই (Assam primary school teacher protest) ৷’’

তেওঁ লগতে কয় যে, বৃহৎ সংখ্যক নতুন পদ সৃষ্টিৰ জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি 2012 চনৰ 22 জুনত তদানীন্তন শিক্ষামন্ত্ৰীৰ সৈতে এক আলোচনা অনুষ্ঠিত হৈছিল ৷ আলোচনাত শিক্ষা অধিকাৰ আইনৰ ভিত্তিত পৃথক প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ লগতে 150ত কৈ কম ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়ৰ এটা পদ প্ৰধান শিক্ষকৰ পদলৈ পদোন্নতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি দহ দিনৰ ভিতৰত বিত্ত বিভাগলৈ প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত হৈছিল ৷ কিন্তু সেয়াও হৈ নুঠিল ৷

2019 চনৰ 30 ডিচেম্বৰত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (Sarbananda Sonowal) সৈতে হোৱা আলোচনাত প্ৰাথমিক বিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী শিক্ষকৰ পদটো প্ৰধান শিক্ষকৰ পদলৈ পদোন্নতি দিবলৈ বিত্ত আৰু শিক্ষা বিভাগক নিৰ্দেশ দিয়ে ৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশো পৰি ৰ’ল বুলিও তেওঁ উল্লেখ কৰে ৷

উল্লেখ্য যে এনেদৰেই শিক্ষকসকলে সমস্যা সমাধানৰ দাবীৰে চৰকাৰৰ সৈতে আলোচনাত বহি আহিছে আৰু আন্দোলনৰ পন্থা গ্ৰহণ কৰি আহিছে যদিও সমস্যাৰ সমাধান হোৱা নাই ৷

শেহতীয়াভাৱে সন্মিলনীয়ে গুণোৎসৱ বৰ্জন কাৰ্যসূচী ঘোষণা কৰাৰ পাচত 2022 ৰ 21 ডিচেম্বৰত হোৱা আলোচনাকালত শিক্ষামন্ত্ৰীয়ে নিজে বিত্ত বিভাগৰ অনুমোদনৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু চাৰিমাহ উকলি যোৱাৰ পাচতো প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বিষয়টো সমাধান নহ’ল ৷

উল্লেখ্য যে, সন্মিলনীৰ সভাই 21 মে’ 2023ৰ ভিতৰত ৰাজ্য চৰকাৰে প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ আদেশ প্ৰকাশ নকৰিলে 22 মে’ত শিক্ষাসেঁতু পৰিচালনাৰ বাবে বিভাগে যোগান ধৰা টেবলেট ঘূৰাই দিয়াৰ সিদ্ধান্ত অৱগত কৰিছিল ৷ সেই মৰ্মে কুৰিদিনীয়া অসহযোগৰ অন্তত ফলাফল লাভ নকৰা বাবে কাইলৈ অৰ্থাৎ সোমবাৰে ৰাজ্যৰ 36 হাজাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকে টেবলেট ঘূৰাই দিবলৈ নিজ নিজ শিক্ষাখণ্ডত উপস্থিত হ’ব ৷

শিক্ষক ভৱনত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী, নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থা, টেট উত্তীর্ণ শিক্ষক সমাজ, সদৌ অসম ষ্টেট পুল শিক্ষক সন্থাই যৌথভাৱে আয়োজন কৰা সংবাদমেলত কাইলৈ দিনৰ এক বজাৰ পৰা দুই বজাৰ ভিতৰত শৃংখলাপূর্ণভাৱে কাৰ্যসূচী সফল কৰিবলৈ আহ্বান জনায় ৷ শিক্ষানুষ্ঠানখন চৰকাৰৰ সন্তান, এইখন চৰকাৰে সন্তানক ডিঙি চেপি বিদ্যালয় একত্ৰিকৰণৰ জৰিয়তে হত্যা কৰিছে বুলিও অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক: Junmoni Rabha death case : অসম আৰক্ষীত অপৰাধ মনোবৃত্তিৰ বহু মানুহ আছে : বিৰোধী দলপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.