কেনেদৰে আপুনি ছেনিটাইজ কৰিব আপোনাৰ পাৰ্চ,গাড়ীৰ চাবি অথবা টকা?

author img

By

Published : May 28, 2020, 9:42 PM IST

3 Youth scintist from Guwahati invented purse,key Starilizing machine

গুৱাহাটীৰ তিনি যুৱক-যুৱতীয়ে সাজি উলিয়াইছে এটা বিশেষ বাকচ । এই বাকচটোতে নিৰ্দিষ্ট সময়লৈকে বস্তু থৈ দিলে তাত থকা ভাইৰাছ নাশ কৰিব পাৰি । এই বাকচটো ব্যৱহাৰ কৰিয়েই আপুনি বা মই ষ্টেৰিলাইজ কৰিব পাৰিম আমাৰ নিত্য ব্যৱহৃত সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰীও ।

গুৱহাটী,28 মেঃ কৰ'ণা ভাইৰাছৰ বাবে আমি সকলোৱে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছো স্বচ্ছতাৰ দিশত । মাস্ক পৰিধান, ছেনিটাইজাৰৰ ব্যৱহাৰ আদি সংযোগ হৈছে আমাৰ দৈনন্দিন অভ্যাস সমূহৰ ভিতৰত । কিন্তু ইয়াৰ পিছতো আমাৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী যেনে গাড়ীৰ চাবি, মোনা,বজাৰৰ পৰা অনা খাদ‍্যৰ জৰিয়তেও সংক্ৰমিত হ'ব পাৰে কৰ'ণা ভাইৰাছ । আমি কেনেদৰে ছেনিটাইজ কৰিম এই সামগ্ৰী সমূহ?

গুৱাহাটীৰ তিনি যুৱ বিজ্ঞানীৰ আবিস্কাৰ

নৰেন্দ্ৰ মোডীয়ে দেশবাসীক স্বাৱলম্বী হ'বৰ বাবে কোৱা 'ভোকেল ফৰ লোকেল'ৰ নিদৰ্শন দাঙি ধৰিলে গুৱাহাটীৰ তিনি যুৱক-যুৱতীয়ে । গুৱাহাটীৰ তিনি যুৱক-যুৱতীয়ে সাজি উলিয়াইছে এটা বিশেষ বাকচ । এই বাকচটোতে নিৰ্দিষ্ট সময়লৈকে বস্তু থৈ দিলে তাত থকা ভাইৰাছ নাশ কৰিব পাৰি । এই বাকচটো ব্যৱহাৰ কৰিয়েই আপুনি বা মই ষ্টেৰিলাইজ কৰিব পাৰিম আমাৰ নিত্য ব্যৱহৃত সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰীও । বাইচুলুং চেতিয়া, দেইদ্বীপ চেতিয়া আৰু উপাল জ্যোতি বৰুৱাই সাজি উলিওৱা এই বাকচটোত ব্যৱহাৰ কৰা হৈছে ইউ ভি চি লাইট আৰু ২৬৪ ৰেঞ্জৰ নেন' মেট্ৰি । ইয়াৰ দ্বাৰা নাশ কৰিব পাৰি ডি এন এ আৰু আৰ এন এ । মাত্ৰ ১০ ৰ পৰা ১৫ মিনিটতে সামগ্ৰীসমূহ ষ্টেৰিলাইজ কৰিব পাৰিব এই বাকচটোত ।

অতিশীঘ্ৰে বাকচটো মুকলি কৰা হ'ব বজাৰত । ইতিমধ্যে ইয়াৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ১৫০০ টকা । এই বাকচটো ঘৰৰ ওপৰিও চিকিৎসায়টো যথেষ্ট উপযোগী হ'ব বুলি আশা প্ৰকাশ কৰিছে যুৱক-যুৱতী কেইজনে ।

লগতে পঢ়ক- নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প থলী পৰিদৰ্শন লুৰিণজ্যোতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.