HSLC question paper leaked: প্ৰশ্নকাকত ফাদিলেৰে জড়িত 22 জনক আটক, 3 জনক গ্ৰেপ্তাৰ

author img

By

Published : Mar 15, 2023, 7:52 PM IST

HSLC question paper leaked

ক্ষীপ্ৰতাৰে চলিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তদন্ত ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যেই 25 জনক CIDয়ে আটক কৰাৰ লগতে 3 জনক গ্ৰেপ্তাৰ কৰিছে (HSLC question paper leaked) ৷ আটাইকে CIDৰ কাৰ্যালয়ত চলাই থকা হৈছে মাৰাথন জেৰা ৷

প্ৰশ্নকাকত ফাদিলেৰে জড়িত 22 জনক আটক, 3 জনক গ্ৰেপ্তাৰ

গুৱাহাটী, 15 মাৰ্চ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা চক্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে যদিও এই পৰ্যন্ত ভেদ হোৱা নাই ৰহস্য ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত CIDয়ে গোচৰ ৰুজু কৰি আগবঢ়াইছে তদন্ত ৷ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত থকাৰ সন্দেহত বৰ্তমানলৈকে CIDৰ জালত পৰিছে মুঠ 25জন (HSLC question paper leaked) ৷

ছাত্ৰ, শিক্ষক-কৰ্মচাৰীসহ জালত পৰা 25জনৰ ভিতৰত 3 জনক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে CIDয়ে ৷ আটাইকে CIDৰ কাৰ্যালয়ত চলাই থকা হৈছে মাৰাথন জেৰা ৷ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত থকা ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ আৰক্ষীয়ে আটক কৰা একাংশ ছাত্ৰ-যুৱকক বুধবাৰে গুৱাহাটীৰ চি আই ডি কাৰ্যালয়লৈ লৈ অনা হয় (Assam question paper leaked case investigation) ৷

আনহাতে কেইবাঘন্টাজোৰা জেৰাৰ অন্তত সোমবাৰে নিশা গুৱাহাটীৰ কাহিলীপাৰাৰ ভাউৰী দেৱী ছেৰাউগী শ্ৰৱণ বাধাগ্ৰস্ত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জ্যোতিৰেখা বৰগোহাঁই , সহকাৰী শিক্ষক হেৰম্ব কুমাৰ দাস আৰু আস্থায়ী কৰ্মচাৰী চিত্তৰঞ্জন ৰায়ক গ্ৰেপ্তাৰ কৰি আদালত হাজিৰ কৰি তিনিদিনৰ জিন্মাত লয় CIDয়ে (HSLC science paper leaked) ৷

কিন্তু ইয়াৰ পাচতো পোহৰলৈ অহা নাই মেট্ৰিকৰ বিজ্ঞানৰ প্ৰশ্নকাকত কোনে ক’ৰ পৰা কিদৰে ফাদিল কৰিছিল ৷ বৰ্তমান চিআইডিৰ কাৰ্যালয়ত মুঠ 22 জনক জেৰা চলাই থকা হৈছে ৷ ইয়াৰ ভিতৰত আছে ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ 6 জনকৈ ছাত্ৰ । প্ৰশ্নকাকত ফাদিলৰ কাৰ্যত ছল্টব্ৰুক একাডেমীৰ নাম সাঙোৰ খাই পৰাত শিক্ষানুষ্ঠানখনৰ পূৰ্বৰ ফলাফলকলৈয়ো প্ৰশ্ন উত্থাপন হৈছে (SEBA Controversy) ৷

উল্লেখ্য যে, 13 মাৰ্চত অনুষ্ঠিত হ’বলগীয়া বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাচতেই মাজনিশা পৰীক্ষা বাতিল কৰিছিল ছেবাই ৷ ইয়াকে কেন্দ্ৰ কৰি ৰাজ্যজুৰি এতিয়াও অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ছেবা ৷ লগতে উঠিছে ছেবাৰ অধ্যক্ষ আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পদত্যাগৰ দাবী ৷

লগতে পঢ়ক: SEBA HSLC Paper Leak Issue : আৰক্ষীয়ে আমাক একো জনোৱা নাই, প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগত শিক্ষামন্ত্রী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.