গুৱাহাটীৰ 2000 পৰিয়ালক ভূমিৰ অধিকাৰ দিয়া হ'ব: মন্ত্ৰী যোগেন মহনৰ

author img

By

Published : Aug 4, 2022, 7:54 PM IST

2000 families in Guwahati will be given land rights says Minister Jogen Mohan

শীঘ্ৰেই সংশোধন কৰা হ'ব 1886 চনৰ Assam land and revenue Regulation নীতি ৷ গুৱাহাটীৰ 2000 পৰিয়ালকো দিয়া হ'ব ভূমিৰ অধিকাৰ ৷ বৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত এক সংবাদমেলযোগে এই কথা সদৰী কৰে ৰাজহ মন্ত্ৰী যোগেন মহনে ৷

গুৱাহাটী, 4 আগষ্ট : শীঘ্ৰেই সংশোধন কৰা হ'ব 1886 চনৰ Assam land and revenue Regulation নীতি ৷ বৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত এক সংবাদমেলযোগে এই কথা সদৰী কৰে ৰাজহ মন্ত্ৰী যোগেন মহনে(Press meet of Minister Jogen Mohan) ৷

গুৱাহাটীৰ 2000 পৰিয়ালক ভূমিৰ অধিকাৰ দিয়া হ'ব: মন্ত্ৰী যোগেন মহনৰ

উল্লেখ্য যে, বৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত ৰাজহ মন্ত্ৰী যোগেন মহন ঘোষণা কৰি কয় যে, পৰৱৰ্তী কেবিনেটত Assam land and revenue Regulation 1886ৰ নীতিখন শীঘ্ৰেই সংশোধন কৰি ভূমি সম্পৰ্কীয় নতুন নীতি নিদ্ধাৰণ কৰা হ'ব ।

তেওঁ জনায় যে, অহা 2 অক্টোবৰত ভূমি আঁচনি সম্পৰ্কীয় মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্য্যায় মুকলি কৰা হ'ব । 2 অক্টোবৰত ভূমি আঁচনি সম্পৰ্কীয় মিছন বসুন্ধৰা দ্বিতীয় পৰ্য্যায় মুকলি কৰি এইবাৰ চাহ বাগিচা আৰু ৰবৰৰ খেতি কৰা শ্ৰমিকসকলক ভূমিৰ অধিকাৰ দিয়া হ'ব । আকৌ জনজাতীয় অধ্যুষিত এলেকাত বাস কৰা জনজাতীয় লোকসকলৰ ভূমি অধিকাৰ নিশ্চিত কৰাৰ বাবে কেতবোৰ ভূমি নীতিও নিদ্ধাৰণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ।

আনহাতে, গুৱাহাটীৰ 2000 পৰিয়ালক ভূমিৰ অধিকাৰ দিয়াৰ বাবে চৰকাৰে শীঘ্ৰই পদক্ষেপ গ্ৰহণ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে(2000 families in Guwahati will be given land rights) । সংবাদমেলৰ জৰিয়তে ৰাজহ মন্ত্ৰী যোগেন মহন কয় যে, এই সকলো বিষয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব ।

লগতে পঢ়ক : Pijush Hazarika on Jihadi: জেহাদীৰ লগত সম্পৰ্ক থকাৰ প্ৰমাণ পালে গ্ৰেপ্তাৰ হ’ব AIUDFৰ লোকো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.