Police Medal Declared : আৰক্ষী বিষয়া কংকনজ্যোতি শইকীয়ালৈ ৰাষ্ট্ৰপতি পদক

author img

By

Published : Jan 25, 2023, 2:41 PM IST

Kankanjyoti Saikia

গণৰাজ্য দিৱসৰ প্ৰাক-মুহূৰ্তত ভাৰত চৰকাৰৰ আৰক্ষী পদক ঘোষণা । অসমৰ মুঠ ১৫ গৰাকীৰ আৰক্ষী পদক লাভ (15 police man selected for police medal from Assam)। শিলচৰৰ দক্ষিণ ৰেঞ্জৰ আৰক্ষীৰ উপ-মহাপৰিদৰ্শক কংকনজ্যোতি শইকীয়ালৈ আগবঢ়োৱা হৈছে Presidents Police Medal for Distinguished Service তথা বিশিষ্ট সেৱাৰ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক ।

গুৱাহাটী, ২৫ জানুৱাৰী : দেশজুৰি ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ বাবে ব্যাপক আয়োজন চলিছে । আন আন ৰাজ্যৰ লগতে অসমতো উলহ-মালহেৰে গণৰাজ্য দিৱস উদযাপনৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । তাৰ মাজতে ভাৰত চৰকাৰৰ গৃহ বিভাগে ঘোষণা কৰিছে আৰক্ষী বঁটা । এইবাৰ গণৰাজ্য দিৱস উপলক্ষে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ৯০১ গৰাকী আৰক্ষীক এই আৰক্ষী পদকৰ বাবে নিৰ্বাচিত কৰা হৈছে ।

ইয়াৰে ভিতৰত ১৪০ জনক বীৰত্বৰ বাবে আৰক্ষী পদক (Police Medal for Gallantry, PMG), ৯৩ জনক ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক (Presidents Police Medal for Distinguished Service, PPM) আৰু ৬৬৮ জনক মেধাৱী সেৱাৰ (Police Medal for Meritorious Service, PM) বাবে আৰক্ষী পদক প্ৰদান কৰা হৈছে । গণৰাজ্য দিৱসৰ প্ৰাক-মুহূৰ্তত ঘোষণা কৰা হৈছে আৰক্ষীৰ পদকসমূহ ।

উপ-মহাপৰিদৰ্শক কংকনজ্যোতি শইকীয়ালৈ বিশিষ্ট সেৱাৰ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক
উপ-মহাপৰিদৰ্শক কংকনজ্যোতি শইকীয়ালৈ বিশিষ্ট সেৱাৰ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক

উক্ত আৰক্ষী পদকৰ বাবে অসমৰ পৰা ১৫ গৰাকী আৰক্ষী নিৰ্বাচিত হৈছে । সেই অনুসৰি শিলচৰৰ দক্ষিণ ৰেঞ্জৰ আৰক্ষীৰ উপ-মহাপৰিদৰ্শক কংকনজ্যোতি শইকীয়ালৈ আগবঢ়োৱা হৈছে Presidents Police Medal for Distinguished Service তথা বিশিষ্ট সেৱাৰ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক । উল্লেখ্য যে গণৰাজ্য দিৱসৰ প্ৰাক-মুহূৰ্তত বুধবাৰে অৰ্থাৎ আজি দেশৰ বিভিন্ন ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকৰ বাবে বাছনি লাভ কৰা আৰক্ষী বিষয়া-জোৱানসকলৰ তালিকা ঘোষণা কৰা হয় ।

এই তালিকামৰ্মে এইবাৰ বিশিষ্ট সেৱাৰ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক আগবঢ়োৱা হয় আৰক্ষী উপ-মহাপৰিদৰ্শক কংকনজ্যোতি শইকীয়ালৈ । আনহাতে, ইয়াৰ উপৰি ১৪ গৰাকী অসম আৰক্ষী বিষয়া-জোৱানলৈ আগবঢ়োৱা হৈছে Police Medal for Meritorious Service তথা উৎকৃষ্ট সেৱাৰ আৰক্ষী পদক ।

অসমৰ ১৫ গৰাকীলৈ আৰক্ষী পদক
অসমৰ ১৫ গৰাকীলৈ আৰক্ষী পদক

এইবাৰ উৎকৃষ্ট সেৱাৰ আৰক্ষী পদক লাভ কৰা অসমৰ বিষয়া-জোৱানসকল হৈছে ক্ৰমে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, গুৱাহাটীৰ এছ পি মজিবুৰ ৰহমান, মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ আৰক্ষী অধীক্ষক ৰ'জী কলিতা, গুৱাহাটীৰ পৰিদৰ্শক (ইউ বি) অনুকুল মালাকাৰ, কাৰ্বি আংলঙৰ চিটি (এবি) চিকাৰী ইংতি, তিনিচুকীয়াৰ চিটি (ইউ বি) দিলীপ কলিতা, ষষ্ঠ অসম আৰক্ষী বাহিনীৰ লেন্স নায়ক মুজিবুৰ ৰহমান চৌধুৰী, ষষ্ঠ অসম আৰক্ষী বাহিনীৰ নায়ক মাণিক কে বণিক, লখিমপুৰৰ চিটি (ইউ বি) সোমেশ্বৰ মুদৈ, তিনিচুকীয়াৰ চিটি (ইউ বি) সুনীল ফুকন আৰু জোনমণি তামুলী, কাৰ্বি আংলঙৰ লেন্স নায়ক আনন্দ ৰংহাং, ২৩ সংখ্যক এপি (আই আৰ) বেটেলিয়নৰ এ এছ আই ৰিতুমণি বৈৰাগী আৰু প্ৰথম এ পি টি এফ বেটেলিয়ানৰ চিটি (এবি) সুভাষ ৰাভা ।

উল্লেখ্য যে প্ৰত্যেক বছৰেই গণৰাজ্য দিৱসৰ সময়ত আৰক্ষীৰ লোকসকলক বিভিন্ন ক্ষেত্রত আগবঢ়োৱা সেৱাৰ বাবে কেইবাটাও শিতানত পদক প্ৰদান কৰি সন্মানিত কৰা হয় । এইবাৰ অসমৰ ১৫ গৰাকী আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক আগবঢ়োৱা হৈছে ।

লগতে পঢ়ক :India Book of Records : ৫ মাহত দুখনকৈ গ্ৰন্থ প্ৰকাশৰ অভিলেখ ১১ বছৰীয়া অক্ষিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.