মৰিয়নিত অসম চৰকাৰৰ দুই মন্ত্ৰীয়ে স্থাপন কৰিলে 8 টাকৈ পথৰ আধাৰশিলা

author img

By

Published : Sep 14, 2021, 8:50 PM IST

two-ministers-of-assam-government-set-up-8-road-foundation-stones-in-mariani

ক'ভিড পৰিস্থিতি কিছু শাম কটাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে বিভিন্ন উন্নয়নমূলক আঁচনিৰ কাম ৷ মঙলবাৰে অসম চৰকাৰৰ দুই মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰণোজ পেগুৱে মৰিয়নি সমষ্টিত স্থাপন কৰিলে 8 টাকৈ পথৰ আধাৰশিলা ৷

যোৰহাট,14 ছেপ্তেম্বৰ : সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ক'ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাত পুনৰ উন্নয়মুখী কাম সমূহ আৰম্ভ কৰিছে ৰাজ্য চৰকাৰৰ বিভাগ সমূহে ৷ ইয়াৰ মাজতে মঙলবাৰে মৰিয়নি সমষ্টিত 8 টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু শিক্ষা মন্ত্ৰী তথা যোৰহাটৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৱে ৷

Two Ministers of Assam Government set up 8 road foundation stones in Mariani
আধাৰশিলা স্থাপন অনুষ্ঠানৰ মাজতে ঝুমুৰ নাচিলে দুই মন্ত্ৰীয়ে

উক্ত আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভা আৰু লোকসভাৰ সাংসদদ্বয় ক্ৰমে কামাখ্যা প্ৰসাদ তাছা আৰু তপন কুমাৰ গগৈকে ধৰি জিলা বিজেপিৰ কেইবাগৰাকীও নেতা ৷ মন্ত্ৰী দুগৰাকীয়ে মৰিয়নি সমষ্টিৰ অন্তৰ্গত গোটোঙা-সোনাপুৰ গাঁও সংযোগী পথ, নিউ সোণোৱাল কাণখোৱা গাঁৱৰ পথ, বছাগাঁও-পানচুৱাল গাঁৱৰ পথ, সোণোৱাল-হাতীজুৰি-নগাধোলি চাহ বাগিচা সংযোগী পথ, নাগিনীজান চাহ বাগিচাৰ পৰা নাগিনীজান বিঅ'পি সংযোগী পথৰ আধাৰশিলা স্থাপন কৰে ৷

ইয়াৰ উপৰিও মগ্ৰৈ গাঁৱৰ পথ, ধোদৰ আলিৰ মাছখোৱা আৰু চেলেংহাটলৈকে পথছোৱা, কুকুৰাচোৱা-চিৰাখুন্দা-কমাৰগাঁও সংযোগী পথৰ আধাৰশিলা স্থাপন কৰে ৷ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী পীযুষ হাজৰিকাই সকলোকে আশ্বাস দি কয় যে,"উপ নিৰ্বাচনৰ পূৰ্বে এইয়া আধাৰশিলা স্থাপন অথবা ৰাজনীতি নহয় ৷ মঙলবাৰৰ পৰাই আৰম্ভ হ'ব পথ নিৰ্মাণৰ কাম ৷"

লগতে পঢ়কঃ অখিল গগৈৰ বাবেই থাওৰাত জয়ী হ’ব বিজেপি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.