টীয়ক,২২ নৱেম্বৰ : আঘোণ হৈছে অসমীয়াৰ প্ৰাপ্তি আৰু হেঁপাহৰ মাহ । প্ৰতিগৰাকী কৃষিজীৱী লোকৰ কাৰণে আঘোণ হৈছে ব্যস্ততাৰ মাহ । আঘোণ মাহ মানেই আমাৰ চকুত ভাহি আহে সোণবৰণীয়া এখন পথাৰ য'ত লিহিৰী আঙুলিয়ে মুঠিমৰা কেচ-কেচ চিকমিক আৰু কাচিবোৰ যেন প্ৰতিযোগিতাতহে নামি পৰে । ওপৰলৈ মূৰ তুলিবলৈ যেন সময় নাই, কাৰণ সকলো ব্যস্ত প্ৰাপ্তিৰ আনন্দত (Traditional harvesting)।
এই ধৰণৰ আঘোণৰ মাদকতা উপভোগ কৰিব পাৰি সহজ-সৰল গাঁৱলীয়া সমাজত । যোৰহাটৰ টীয়কৰ গুৱালগাঁৱত এতিয়া এই দৃশ্য সুলভ । মূলত: কৃষিপ্ৰধান সমাজৰ অধিকাংশ মানুহে আহাৰ, শাওণ মাহত কপালৰ কেঁচাঘাম মাটিত পেলাই নাঙলৰ ফালেৰে সীৰলু টানি মাটি চহাই শস্য ৰোপণ কৰে । সেই শস্যত আঘোণত লাহে লাহে সোণালী বৰণ ধৰে ।
সেয়ে এই সোণগুটি গাঁৱৰ জীয়াৰী, বোৱাৰী সকলো একত্ৰিত হৈ উল্লাসেৰে কাচিৰে কাটি মুঠিলৈ ৰূপান্তৰিত কৰিছে (Villagers are busy cutting paddy in Teok)। সেই মুঠিসমূহ ডাঙৰি ৰূপ লৈ চহা কৃষকে বিৰিয়া বা হুলাংবাৰীৰে কান্ধত লৈ ঘৰলৈ লখিমী আদৰিছে । এক প্ৰকাৰ সোণগুটি চপোৱাৰ সময়ত আনন্দময় পৰিৱেশে বিৰাজ কৰিছে টীয়কৰ গুৱালগাঁৱত । সৰু সৰু আলিত বহি আঘোণমহীয়া পথাৰত ভৰ দুপৰীয়া পকা ৰবাব টেঙাৰ সোৱাদ, জলফাই টেঙাৰ সোৱাদ লৈছে দাৱনীবোৰে ।
নৰাৰ পেঁপাৰ ধ্বনিত মুখৰিত হৈছে ধানৰ পথাৰ । আচলতে গাঁওখনত প্ৰতিবছৰে এনেদৰে পুৰুষ-মহিলা সকলো ওলাই আহি একেলগে সোণগুটি চপোৱা কামত ব্যস্ত হৈ পৰে । বিজ্ঞানৰ যুগত খেতিৰ কামত নতুন নতুন যন্ত্ৰপাতিৰ ব্যৱহাৰ হৈছে যদিও পৰম্পৰা ৰক্ষা কৰি গৈছে গাঁওখনৰ ৰাইজে ।
সময়ৰ পৰিৱৰ্তনৰ পাছতো আঘোণৰ চিৰসেউজ ছবিখন ম্লান হ'বলৈ দিয়া নাই লোকসকলে । পূৰ্বৰ পৰম্পৰা ধৰি ৰাখি আঘোণৰ পথাৰত সমূহীয়াকৈ ধান কাটি, ডাঙৰি কঢ়িয়াই ইজনে সিজনক সহায় কৰিছে আৰু মাহৰ শেষত সম্প্ৰীতিৰে ন সাজ খোৱাৰ ব্যৱস্থা কৰে ।
লগতে পঢ়ক :Lachit Borphukan birth anniversary: মৰিগাঁৱত পৰম্পৰাগত খেলৰ প্ৰতিযোগিতা