7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 5, 2022, 6:58 PM IST

top-10-at-7pm

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

প্ৰদেশ বিজেপিৰ চাৰিখনকৈ গুৰুত্বপূৰ্ণ কমিটী ঘোষণা

অসম বিজেপিৰ ক'ৰ কমিটী (core committee of Assam BJP), নিৰ্বাচন সমিতি,বিত্ত সমিতি আৰু অনুশাসন সমিতিৰ তালিকা প্ৰকাশ । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ঘোষণা কৰিলে অসম প্ৰদেশ বিজেপিৰ চাৰিখনকৈ গুৰুত্বপূৰ্ণ কমিটী । ক'ৰ কমিটী আৰু নিৰ্বাচন সমিতিত আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

হিমাচলৰ আন্তৰাষ্ট্ৰীয় দশেৰা উৎসৱত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচলৰ আন্তঃৰাষ্ট্ৰীয় দশেৰা উৎসৱত অংশগ্ৰহণ কৰিবলৈ ধলপুৰৰ ৰথ ময়দানত উপস্থিত হয় । আনহাতে, হাজাৰ হাজাৰ লোকৰ ভিৰৰ মাজত ভগৱান ৰঘুনাথক দৰ্শনৰ বাবে তেওঁ মঞ্চৰ পৰা নামিও আহে (PM Narendra Modi in international Kullu Dussehra) ।

আম্বানিৰ পৰিয়াল আৰু ৰিলায়েন্স হাস্পতালক ফোনত ভাবুকি অজ্ঞাত ব্যক্তিৰ

ৰিলায়েন্স হাস্পতালত (Reliance Hospital Mumbai) আম্বানি পৰিয়াললৈ ভাবুকিৰ ফোন (Threat Calls to Ambani Family) । আজি দুপৰীয়া ১২.৫৭ বজাত ছাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেচন হাস্পতাললৈ অহা অজ্ঞাত নম্বৰৰ ফোনত চিকিৎসালয়খন উৰুৱাই দিয়াৰ ভাবুকি দিয়ে । লগতে আম্বানি পৰিয়ালৰ কিছু সদস্যৰ নামতো ভাবুকি প্ৰদান কৰে ।

ডিব্ৰুগড়ত শংকৰদেৱৰ জন্ম জয়ন্তীত অংশগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৱিৰ্ভাৱ তিথিত (574th Birth anniversary of Srimanata Sankardev) অংশগ্ৰহণ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । আজি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় চহৰৰ জে লে'নত থকা মিলন নগৰ নামঘৰত উপস্থিত হৈ মহাপুৰুষজনাৰ আৱিৰ্ভাৱ তিথিত অংশগ্ৰহণ কৰে (Former CM of Assam Sarbananda Sonowal) ।

হৰি নামেৰে মুখৰিত বৰপেটাৰোড শাখা সত্ৰ

অসমীয়া সাহিত্যৰ জনক, সংস্কৃতিৰ বাহক, একশৰণ নামধৰ্ম দৰ্শনৰ বাটকটীয়া তথা সমাজ সংস্কাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি আৱিৰ্ভাৱ তিথি (Srimanta Sankardeva Abhirbhav Tithi) । নামধৰ্মৰ অমৃত ৰসেৰে বৈষ্ণৱ ধৰ্মৰ বাণী প্ৰচাৰেৰে একত্ৰিত সমাজ গঢ়াৰ প্ৰচেষ্টাত ব্ৰতী হোৱা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি আজি সমগ্ৰ ৰাজ্যতে উলহ-মালহেৰে পালন কৰা হৈছে ।

7 অক্টোবৰত মুক্তিলাভ কৰিব মন্ত্ৰী অতুল বৰা অভিনীত বিশ্বজিৎ বৰাৰ ‘বেলকনিত ভগৱান’

সাংস্কৃতিক পথাৰত মন্ত্ৰী অতুল বৰা । পূজাৰ বতৰত মন্ত্ৰী অতুল বৰাই বিভিন্ন পূজা মণ্ডপত সেৱা গ্ৰহন কৰাৰ পাছত যাত্ৰা কৰিব ’বেলকনিত ভগৱান’ক বিচাৰি (Minister Atul Bora as actor)। অহা ৭ অক্টোবৰত ছবিগৃহত মুক্তি লাভ কৰিব বিশ্বজিত বৰাৰ পৰিচালিত, মন্ত্ৰী অতুল বৰাৰ অভিনীত বোলছবি ‘বেলকনিত ভগৱান’(Belkonit Bhagwan movie) । উল্লেখ্য যে, ’বেলকনিত ভগৱান’ ছবিখনৰ বাবে পৰিচালক বিশ্বজিৎ বৰাই(Filmmaker Biswajeet Bora) ইটালীৰ বিছুবিয়াছ ইণ্টাৰনেশ্যনেল ছবি মহোৎসৱত(Vesuvius International Film Festival) শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ৷

শিৱসাগৰত দিনযোৰা কাৰ্যসূচীৰে উদযাপন গুৰুজনাৰ জন্মজয়ন্তী

অসমত বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰি একতাৰ দোলেৰে সমগ্ৰ অসমবাসীক বান্ধি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা জগতগুৰু শ্ৰী শ্ৰী শংকৰদেৱৰ আজি ৫৭৪ তম জন্মোৎসৱ (Mahapurush Srimanta Sankardev 574th birth anniversary)। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লেখিয়াকৈ আজি শিৱসাগৰ নগৰৰ সমীপৰ মৰনৈকিনাৰ বৰনামঘৰতো উলহ-মালহেৰে উদযাপন কৰা হৈছে গুৰুজনাৰ জন্ম জয়ন্তী ।

ৰঙিয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন গুৰুজনাৰ আৱিৰ্ভাৱ তিথি

আজি জগতগুৰু মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ ৫৭৪ তম জন্মোৎসৱ (574th birth anniversary of Srimanta Sankardev) । ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে গুৰুজনাৰ জন্মোৎসৱ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লেখিয়াকৈ আজি ৰঙিয়াতো উদযাপন কৰা হৈছে গুৰুজনাৰ জন্মোৎসৱ (Mahapurush Srimanta Sankardev birth anniversary celebration) ৷ হৰিনাম ধ্বনিৰে মুখৰিত ৰঙিয়াৰ হৈ পৰিছে গুৰকুছি পশ্চিম সীতাৰা নামঘৰ ।

2022 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ঘোষণা

২০২২ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ঘোষণা (2022 Nobel prize in Chemistry) । কেৰোলিন বেৰ্টজি, মৰ্টেন মেলডেল আৰু কে বেৰী শ্বাৰ্পলেছক ক্লিক কেমিষ্ট্ৰীত তেওঁলোকৰ অনবদ্য অৱদানৰ বাবে যুটীয়াভাৱে প্ৰদান কৰা হৈছে এই বঁটা ।

টাৱাঙত দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ চিতা

অৰুণাচল প্ৰদেশৰ টাৱাঙত দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ (Indian Army Cheetah helicopter crashes at Tawang) ৷ পুৱা ১০ বজাত সংঘটিত এই দুৰ্ঘটনাত ৷ নিহত হয় এজন পাইলট ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.