অসম সাহিত্য সভাৰ দৰমহা বঞ্চিত কৰ্মচাৰীৰ অসহযোগ কাৰ্যসূচী

author img

By

Published : Sep 26, 2022, 1:58 PM IST

Updated : Sep 26, 2022, 3:55 PM IST

jorhat

সাত মাহ ধৰি দৰমহা নোপোৱাৰ প্ৰতিবাদত অসহযোগ আন্দোলনত নামি পৰিছে অসম সাহিত্য সভা 42 জন কৰ্মচাৰী । অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ কৰ্মচাৰীসকলে যাৰ বাবে অনিৰ্দিষ্টকালীন অসহযোগত নামি পৰিছে (Assam Sahitya Sabha Employees strike) ।

যোৰহাট, ২৬ ছেপ্টেম্বৰ : বৰ্তমান অসম সাহিত্য সভা জোকাৰি গৈছে দৰমহা বিতৰ্কই (Assam Sahitya Sabha salary controversy) । সাত মাহ ধৰি দৰমহা নোপোৱাৰ প্ৰতিবাদত অসহযোগ আন্দোলনত নামি পৰিছে অসম সাহিত্য সভা 42 জন কৰ্মচাৰী । অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ কৰ্মচাৰীসকলে যাৰ বাবে অনিৰ্দিষ্টকালীন অসহযোগত নামি পৰিছে (Assam Sahitya Sabha Employees strike) ।

প্ৰাপ্য মজুৰি নোপোৱাৰ প্ৰতিবাদত মুখ্য কাৰ্যালয়ৰ কৰ্মচাৰীসকলে প্ৰতিবাদত নামিবলগীয়া হৈছে । কেৱল যোৰহাট মুখ্য কাৰ্যালয়ৰ কৰ্মচাৰীয়ে নহয়, সমগ্ৰ ৰাজ্যৰ ৪২ জন সাহিত্য সভা কৰ্মচাৰীয়ে বিগত সাত মাহ ধৰি দৰমহা নোপোৱাৰ প্ৰতিবাদত এনেদৰে মুখ্য কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত হাতে হাতে প্লে'-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে (strike at Assam Sahitya Sabha head office) ।

অসম সাহিত্য সভাৰ দৰমহা বঞ্চিত কৰ্মচাৰীৰ অসহযোগ কাৰ্যসূচী

উল্লেখ্য, বিগত সাত মাহ ধৰি প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হৈ অহা সাহিত্য সভাৰ ৪২জন কৰ্মচাৰীয়ে অনিচ্ছা সত্ত্বেও প্ৰতিবাদত বহিবলৈ বাধ্য হোৱা বুলি পিৰকাশ কৰে । এই সন্দৰ্ভত সাহিত্য সভাৰ কৰ্মচাৰীসকলৰ বক্তব্য, তেওঁলোকৰ পৰিয়াল আছে আৰু পৰিয়াল পোহপাল দিয়াৰ লগতে কাৰ্যালয়লৈ অহা-যোৱা কৰিবলৈও তেওঁলোক অপৰাগ (Assam Sahitya Sabha head office Jorhat) ।

কাৰণ তেওঁলোকৰ হাতত ধন নাই । উল্লেখ্য যে অসম সাহিত্য সভা ভিতৰচৰাত অৰাজকতাই বিৰাজ কৰা বাবে সাহিত্য সভাৰ ৪২ জনতকৈ অধিক কৰ্মচাৰীয়ে নিজৰ প্ৰাপ্য দৰমহা মোকলাই দিয়াৰ দাবীত প্ৰতিবাদত বহিবলৈ বাধ্য হৈছে বুলি গুৰুতৰ অভিযোগ উথাপিত হৈছে । বিগত সময়ছোৱাতো সাহিত্য সভা কাৰ্যালয়ৰ কৰ্মচাৰীসকলে প্ৰাপ্য দাবীত আন্দোলন তথা প্ৰতিবাদত বহিবলৈ বাধ্য হৈছিল ।

আজি যোৰহাট সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত ১১ জন তথা ৰাজ্যৰ ৪২ জন কৰ্মচাৰীয়ে সাত মাহৰ দৰমহা মোকলাই দিবলৈ প্ৰতিবাদত নমাৰ বাবে সাহিত্য সভাৰ কাম-কাজ স্থৱিৰ হৈ পৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে বিগত কেইবা দিনো ধৰি সাহিত্য সভাৰ বিভিন্ন কাম-কাজ আৰু বিভিন্ন মন্তব্য সন্দৰ্ভত জনসাধাৰণৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

অসমবাসীয়ে অতি পবিত্ৰ জ্ঞান কৰি অহা সাহিত্য সভাৰ মজিয়াত বিগত সময় ধৰি কিয় বেমেজালিৰ সৃষ্টি হ'বলৈ ধৰিছে, মনে-প্ৰাণে সাহিত্য সভাক ভালপাই সাহিত্য সভাৰ কাম-কাজত জড়িত কৰ্মচাৰীসকলক কিয় ঊৰ্ধ্বতন কতৃপক্ষই বঞ্চনা কৰি আহিছে সেয়া কিন্তু বৰ্তমান সময়ত এক লাখটকীয়া প্ৰশ্ন ।

লগতে পঢ়ক :কাজিৰঙাত চিন্তন বৈঠকৰ আজি তৃতীয় তথা অন্তিমটো দিন

Last Updated :Sep 26, 2022, 3:55 PM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.