যোৰহাটৰ হৰিজন কলনীত লংকা কাণ্ড

author img

By

Published : Sep 14, 2021, 8:32 PM IST

public violence on monday night at jorhat

যোৰহাটৰ হৰিজন কলনীত প্ৰচণ্ড মাৰ পিটৰ ঘটনা । অভিযোগ অনুসৰি, পঁচা নামৰ এজন লোকৰ গুণ্ডা বাহিনীৰ আক্ৰমণত আহত ১০ জনতকৈও অধিক লোক । এই ঘটনাক লৈ উত্তপ্ত হৈ পৰে সমগ্ৰ আঞ্চল ।

যোৰহাট,14 ছেপ্তেম্বৰ : যোৰহাটৰ হৰিজন ক'লনিত সোমবাৰে নিশা সংঘটিত হয় এক লংকা কাণ্ড ৷ অভিযোগ অনুসৰি, গণেশ পূজাৰ বিসৰ্জনক কেন্দ্ৰ কৰি সূত্ৰপাত ঘটে এখন কাজিয়াৰ ৷ এই কাজিয়াই পৰৱৰ্তী সময়ত লয় ৰুদ্ৰ ৰূপ ৷

যোৰহাটৰ হৰিজন ক'লনিত লংকা কাণ্ড

অভিযোগ অনুসৰি, পঁচা নামৰ এজন লোকৰ গুণ্ডাৰ বাহিনীৰ আক্ৰমণত আহত হয় ১০ জনতকৈও অধিক লোক । স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, পঁচা নামৰ লোকজনৰ গুণ্ডাৰ বাহিনীয়ে অঞ্চলটোৰ কেইবাঘৰ লোকৰো বিস্তৰ ক্ষতি সাধন কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷

জানিব পৰা মতে, এটা সময়ত পঁচা নামৰ লোকজন আছিল যোৰহাট আৰক্ষীৰ ম'ষ্ট ৱন্টেডৰ লিষ্টত থকা অপৰাধীৰ ভিতৰত এজন ।

লগতে পঢ়ক: নাও দুৰ্ঘটনা: মাজুলীত পুনৰ উদ্ধাৰ এটি মৃতদেহ

পঁচাৰ বিৰুদ্ধে আছে কেইবাটাও গোচৰ । জুৱাৰ আড্ডা, ড্ৰাগছ আদিৰ লগত পঁচা জড়িত হৈ থকাৰ বহু দিনৰে পৰা অভিযোগ উত্থাপন হৈ আহিছিল । এই সংক্ৰান্তত কেইবছৰ মান পূৰ্বতে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল পঁচাক ।

কিন্তু তাৰ পিছতো পঁচা চিধা নহ’ল ৷ বৰ্তমানেও জুৱাৰ আড্ডা, ড্ৰাগছৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল পঁচাৰ বিৰুদ্ধে । ড্ৰাগছৰ ঘাটি উৎসাত কৰিবলৈ কোৱাই কাল হ’ল হৰিজন কলনীবাসীৰ বাবে ৷ ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ কোৱাৰ বাবেই সোমবাৰে হৰিজন কলনীবাসী ৰোষত পৰিল পঁচা বাহিনীৰ ৷

লগতে পঢ়ক: এটা হোৱাইটনাৰৰ বাবে বন্ধুৱে মূৰ ফালিলে বন্ধুৰ

পঁচা বাহিনীৰ আক্ৰমণত প্ৰায় ১০ জন লোক গুৰুতৰভাৱে আহত হয় । ইতিমধ্যে ভুক্তভোগী অঞ্চলবাসীয়ে যোৰহাট আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ । এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ পৰিস্থিতি অধিক যাতে অৱনতি নহয়, তাৰ বাবে অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰা হৈছে অঞ্চলটোত । এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও চেপা উত্তেজনা বিৰাজমান হৰিজন কলনীত ৷

লগতে পঢ়ক: মই তোমাক Topper বনাই দিম...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.