ETV Bharat / state

গিৱন অভয়াৰণ্য়ত দেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰিবলৈ অভিনৱ পদক্ষেপ

Gibon Sanctuary: হোলোঙাপাৰ গিবন অভয়াৰণ্য হৈছে চিৰসেউজ অৰণ্যৰ এক সংৰক্ষিত অঞ্চল । ১৯৯৭ চনত ইয়াক চৰকাৰীভাৱে অভয়াৰণ্যৰ মৰ্যাদা দিয়া হৈছিল । উল্লেখ্য় যে ১৮৮১ চনত প্ৰতিষ্ঠিত এই বনাঞ্চলৰ সীমা পূৰ্বতে পাটকাই পৰ্বতৰ পাদদেশলৈকে বিস্তৃত আছিল । ইয়াতেই আয়োজন কৰা হৈছে প্ৰাইমেট মীট ।

Hollongapar Gibbon Sanctuary
হোলোঙাপাৰ গিবন অভয়াৰণ্য

Published : January 17, 2024 at 1:00 PM IST

Choose ETV Bharat
হোলোঙাপাৰ গিবন অভয়াৰণ্য

যোৰহাট, ১৭ জানুৱাৰী: গিৱন অভয়াৰণ্য়ত প্ৰাইমেট মীট আয়োজনেৰে দেশী- বিদেশী পৰ্যটকক আকৰ্ষণৰ চেষ্টা কৰা হৈছে । দেশী -বিদেশী পৰ্যটকক আকৰ্ষণৰ লগতে জনসাধাৰণৰ মাজত মৰিয়নীৰ গিৱন অভয়াৰণ্য়ক জনপ্ৰিয় কৰাৰ বাবে তিনিদিনীয়াকৈ আয়োজন হৈছে প্ৰাইমেট মীট ২০২৪ শীৰ্ষক এক কাৰ্যসূচী। যোৱা ১৬ জানুৱীৰীৰ পৰা ১৮ জানুৱাৰীলৈ অনুষ্ঠিত প্ৰাইমেট মীট ২০২৪ ৰ কাৰ্যসূচী অনুসৰি চাইক্লিং, ফটো ৱাৰ্ক, ফটো প্ৰদৰ্শনী, কেনভাছ পেইন্টিং, গিৱন অভয়াৰণ্য়ত ফটোগ্ৰাফাৰ,পৰ্যটক আৰু ছাত্ৰ ছাত্ৰীৰ জংঘল ৱাৰ্ক, গিৱনৰ ওপৰত ফটোগ্ৰাফী প্ৰতিযোগিতা, আলোচনাচক্ৰ, প্ৰাইমেট টক, সাংস্কৃতিক অনুষ্ঠান, কুইজ প্ৰতিযোগিতাকে ধৰি কেইবাটাও আকৰ্ষণীয় কাৰ্যসূচী গ্ৰহণ কৰিছে উদ্যেক্তা সকলে ।

এই কাৰ্যসূচী সমূহত দেশী-বিদেশী পৰ্যটক, ফটোগ্ৰাফাৰ, ছাত্ৰ -ছাত্ৰীৰ লগতে স্থানীয় লোকে অংশগ্ৰহণ কৰিছে । গিৱন ইক' কেম্প, দিশ, নিবন্ধ নামৰ কেইবাটাও সংগঠনৰ উদ্যোগত আৰু সহযোগত গিৱন অভয়াৰণ্য়ত এই প্ৰাইমেট মীট ২০২৪ আয়োজন কৰা হৈছে । প্ৰথম দিনৰ কাৰ্যসূচীত বৰ্হি ৰাজ্যৰ কেইবাগৰাকী পৰ্যটকে অংশগ্ৰহণ কৰি ফটো প্ৰৰ্দশনীত গিৱনৰ দুৰ্লভ মূৰ্হুতৰ ফটো প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে ।

আনহাতে, দিশৰ শিল্পী সকলে কেনভাচত জীৱন্ত ৰূপত গিৱনক উপস্থাপন কৰিবলৈ কৰা চেষ্টা আছিল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। মনকৰিবলগীয়া যে গিৱন অভয়াৰণ্য়ত দুস্পা প্য সাত প্ৰজাতিৰ হলৌ বান্দৰৰ লগতে বহু প্ৰকাৰৰ পখিলা আৰু হোলোং গছকে ধৰি বনজ সম্পদ পোৱা যায় যদিও সৰ্বদিশতে আজিও উপেক্ষিত হৈ আছে অভয়াৰণ্য়খন । মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হৈ গিৱন অভয়াৰণ্য়ৰ প্ৰচাৰৰ বাবে উদ্যোক্তা সকলে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয় ।

লগতে পঢ়ক:উখল-মাখল কাৰ্বি যুৱ মহোৎসৱস্থলী, ৰাষ্ট্ৰপতি আগমনক লৈ তৎপৰ প্ৰশাসন