74th Republic Day: যোৰহাটত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি, কোনে কৰিব পতাকা উত্তোলন ?

author img

By

Published : Jan 25, 2023, 9:31 AM IST

Republic Day Preparation in Jorhat

যোৰহাটত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি তুংগত (Preparation for Republic Day celebrations) । গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ বাবে সজাই পৰাই তোলা হৈছে কছাৰীময়দান পেৰেড গ্ৰাউণ্ড (Jorhat Kachari maidan) ৷ 74 সংখ্যক গণৰাজ্য দিৱসৰ এই কাৰ্যসূচীৰ পতাকা উত্তোলন কৰিব ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

গণৰাজ্য দিৱসৰ বাবে সজাই পৰাই তোলা হৈছে কছাৰীময়দান পেৰেড গ্ৰাউণ্ড

যোৰহাট, 25 জানুৱাৰী: সমাগত গণৰাজ্য দিৱস (74th Republic Day) ৷ মাজত মাত্ৰ কেইটামান ঘন্টা ৷ গণৰাজ্য দিৱসক লৈ দেশ তথা ৰাজ্যজুৰী চলিছে ব্যাপক প্ৰস্তুতি ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাটো চলিছে দিৱসটি উদযাপনৰ ব্যাপক প্ৰস্তুতি ৷ যোৰহাট কছাৰী ময়দানত গণৰাজ্য দিৱস উদযাপন বাবে সম্পূৰ্ণৰূপে সাজু হৈছে জিলা প্ৰশাসন ৷

ইফালে আৰক্ষীকে ধৰি সেনা, অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলে শেষবাৰৰ বাবে কৰিছে পেৰেডৰ আখৰা (Republic Day celebrations in Jorhat) । সমান্তৰালকৈ গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ বাবে সজাই পৰাই তোলা হৈছে যোৰহাটৰ কছাৰী ময়দান (Jorhat Kachari maidan) । মঙলবাৰে অন্তিম প্ৰস্তুতিমূলক পেৰেডত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী, চি আৰ পি এফ, আৰক্ষী, হোম গাৰ্ড আদি বাহিনীৰ জোৱানসকলৰ লগতে স্কাউট-গাইড, এন চি চি আৰু শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে (Independence day Parade) ।

Republic Day Preparation in Jorhat
গণৰাজ্য দিৱসৰ বাবে সজাই পৰাই তোলা হৈছে কছাৰীময়দান পেৰেড গ্ৰাউণ্ড

মঙলবাৰে গণৰাজ্য দিৱসৰ শেষ প্ৰস্তুতিমূলক পেৰেডৰ কাৰ্যসূচীৰ তদাৰক কৰে যোৰহাটৰ আৰক্ষী অধীক্ষক মোহন লাল মিনা, উপায়ুক্ত অশোক কুমাৰ বৰ্মনে । এইবাৰ যোৰহাট কছাৰী ময়দানৰ গণৰাজ্য দিৱসৰ মূল পতাকা উত্তোলন কৰিব ৰাজ্যৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । আনহাতে গণৰাজ্য দিৱসত যাতে দুস্কৃতিকাৰীয়ে কোনো অ প্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সীমামূৰীয়া অঞ্চলৰ লগতে যোৰহাটৰ বিভিন্ন প্ৰান্তত নাকা তালাচী গঢ়ি তোলা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

Republic Day Preparation in Jorhat
গণৰাজ্য দিৱসৰ বাবে সজাই পৰাই তোলা হৈছে কছাৰীময়দান পেৰেড গ্ৰাউণ্ড

উল্লেখযোগ্য যে এইবাৰৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচী বৰ্জনৰ বাবে আলফা (স্বাধীন)কে ধৰি উত্তৰ পূৱৰ কেইবাটাও বিদ্ৰোহী সংগঠনে জনাইছে আহ্বান । এনে পৰিপেক্ষিতত বিদ্ৰোহী সংগঠনকে ধৰি যিকোনো কূটাঘাটকাৰীয়ে যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে সমগ্ৰ অসমৰ লগতে উজনি অসমতো নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে । আনহাতে নিৰাপত্তাৰ দিশটো পৰ্যালোচনা কৰিবলৈ আইন শৃংখলাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি.পি সিঙে ডিব্ৰুগড়ত বাহৰ পাতি নিজেই কৰি গৈছে তদাৰক ।

শান্তিপূৰ্ণভাবে ৰাইজে স্বতস্ফুতভাৱে গণৰাজ্য দিৱসৰ সকলো কাৰ্যসূচীতে অংশগ্ৰহণ কৰাৰ স্বাৰ্থত স্পৰ্শকাতৰ স্থানসমূহত নিৰাপত্তা ব্যৱস্থাৰ দিশত কোনো ক্ৰটি ৰাখিব বিচৰা নাই গৃহ বিভাগে । মুঠৰ ওপৰত উলহ-মালহেৰে গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু হৈছে যোৰহাট জিলা প্ৰশাসন আৰু সাজু যোৰহাট কছাৰী ময়দান ৷

লগতে পঢ়ক: Republic day 2023: খানাপাৰাত গণৰাজ্য দিৱসৰ প্ৰস্তুতি পৰ্যবেক্ষণ DGP ভাস্কৰজ্যোতি মহন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.