Assam Nagaland border: তিতাবৰত নাগালেণ্ড আৰক্ষীৰ বাহনে মহতিয়ালে অসমীয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠান

author img

By

Published : Mar 17, 2023, 10:18 PM IST

Nagaland Police vehicle thrash Assamese peoples shop

এইবাৰ অসমৰ ভূমিত নগা আৰক্ষীৰ দপদপনি ৷ তিতাবৰ আৰক্ষী থানাৰ সন্মুখতেই নগা আৰক্ষীৰ বাহনে মহতিয়াই লৈ গ’ল অসমীয়া লোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান (Naga Police vehicle thrash Assamese peoples shop)৷

তিতাবৰত নাগালেণ্ড আৰক্ষীৰ বাহনে মহতিয়ালে অসমীয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠান

তিতাবৰ, 17 মাৰ্চ: পুনৰ উত্তপ্ত অসম-নাগালেণ্ড সীমান্ত (Tense situation in Assam Nagaland border) ৷ দিচৈ ভেলী, তিৰু হিলচ বনাঞ্চলৰ ভূমি বেদখল পিচত এইবাৰ তিতাবৰ আৰক্ষী থানাৰ সন্মুখতেই নগা আৰক্ষীৰ বাহনে মহতিয়ালে ব্যৱসায়িক প্ৰতিষ্ঠান ৷

শুকুৰবাৰে যোৰহাট জিলাৰ তিতাবৰত অসম আৰক্ষী আৰু নাগালেণ্ড আৰক্ষীৰ মাজত খণ্ড যুদ্ধৰ সৃষ্টি হয় । এইবাৰ অসম-নাগালেণ্ড সীমান্তত নগা আৰক্ষীৰ দাদাগিৰি নহয়, তিতাবৰৰ ৰাজপথত দাদাগিৰি নাগালেণ্ড আৰক্ষীৰ । তিতাবৰত নাগালেণ্ড আৰক্ষীৰ চলন্ত বাহনে মহতিয়াই লৈ যায় কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান । ফলত কৰ্তব্যৰত অসম আৰক্ষীয়ে নাগালেণ্ড আৰক্ষী বাহনখন থানালৈ নিবলৈ যো-জা কৰাৰ সময়তে অসম আৰক্ষীৰ সৈতে তৰ্কত লিপ্ত হয় নাগালেণ্ড আৰক্ষীৰ জোৱান ৷

ইফালে নাগালেণ্ড আৰক্ষীয়ে অসম আৰক্ষীৰ সৈতে খণ্ডযুদ্ধ লিপ্ত থাকিয়েই ক্ষান্ত নাথাকি নাগালেণ্ড আৰক্ষী জোৱানকেইজনে ব্যৱসায়ীসকলৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় । উল্লেখ্য যে, বিগত সময়ছোৱাত নাগালেণ্ড আৰক্ষীৰ বাহনে তিতাবৰৰ লগতে মৰিয়নিতো সন্ত্ৰাস চলাই আহিছে ৷ তাৰ পিচত যদি কৰ্তব্যৰত আৰক্ষীয়ে নাগালেণ্ড আৰক্ষী বাহন ৰখাবলৈ চেষ্টা কৰে তেতিয়া হ'লে অসমৰ ভূমিতেই বীৰদৰ্পে অসম আৰক্ষী সৈতে বাক যুদ্ধত লিপ্ত হয় নগা আৰক্ষীয়ে ৷ ফলত নাগালেণ্ড আৰক্ষীৰ ওচৰত অসহায় হৈ পৰে কৰ্তব্যৰত অসম আৰক্ষী ।

সেয়েহে সময় থাকোঁতেই যদি নাগালেণ্ড আৰক্ষীৰ দাদাগিৰি আৰু বাহনৰ দৌৰাত্ম্য অসম প্ৰশাসনে নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেতিয়া হ’লে অনাগত সময়ত নাগালেণ্ড আৰক্ষীৰ দাদাগিৰি আৰু নগা আৰক্ষীৰ বাহন দৌৰাত্ম্য অসম মাটিত পুনৰ চলিব বুলি সচেতন ৰাইজে মত প্ৰকাশ কৰিছে‌ । এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে অসমৰ ভূমিত নগা আৰক্ষীৰ বাহনৰ দৌৰাত্ম্য নিয়ন্ত্ৰণ কৰিবলৈ অসম আৰক্ষী সমৰ্থ হ’বনে ? সততে যোৰহাট আৰক্ষীয়ে নগাৰ উপদ্ৰৱৰ পৰা যোৰহাটবাসীক বচাবলৈ অসমৰ্থ হৈছে বুলি আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে ৷

স্মৰ্তব্য যে অসম চৰকাৰে শেহতীয়াকৈ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ ৯০ শতাংশ ভূমি নগাৰ হাতত (Dissoi valley reserved forest) নাগালেণ্ডক অৰ্পণ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছিল সীমান্তবাসী ৰাইজে ৷ (Forest land handed over to Nagaland)।

যোৱা 16 মাৰ্চত নগাই অসমৰ বনকৰ্মীক লক্ষ্য কৰি গুলীচালনা কৰাৰ ঘটনা সংঘটিত হৈছিল ৷ কিন্তু এই ঘটনাক এই ঘটনাক যোৰহাট আৰক্ষী অধীক্ষক মোহন লাল মিনাই অস্বীকাৰ কৰি সেয়া গুলীৰ শব্দ নহয়, বাঁহৰ পাতৰ শব্দহে আছিল বুলি মন্তব্য প্ৰকাশ কৰাৰ পিচতে জাঙুৰ খাই উঠিছিল সীমান্তবাসী ৰাইজ ৷

লগতে পঢ়ক: Naga aggression : গোপনে নগাক অৰ্পণ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ ভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.