Naga Encroachment in Morioni: মৰিয়নিৰ পৰা সন্ধানহীন বিধায়ক ৰূপজ্যোতি কুৰ্মী

author img

By

Published : Mar 16, 2023, 11:47 AM IST

Updated : Mar 16, 2023, 1:00 PM IST

Rupjyoti Kurmi

ৰূপজ্যোতি কুৰ্মী সন্ধানহীন । সমষ্টিৰ পৰা হেৰাল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী (Morioni MLA Rupjyoti Kurmi missing) । এই মন্তব্য বিধায়কগৰাকীৰ সমষ্টিবাসীৰ । সীমান্তত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সময়তো সমষ্টিবাসীৰ কাষত নাই স্থানীয় বিধায়কগৰাকী । যাৰ বাবে ক্ষোভিত হৈ পৰিছে সমষ্টিবাসী ।

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰত ক্ষোভ সমষ্টিবাসীৰ

যোৰহাট, ১৬ মাৰ্চ : মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী হেৰাল । সীমান্ত সুৰক্ষাৰ দায়িত্ব গাঁওবাসীক দিয়ক । মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী সমষ্টিৰ পৰা হেৰাল (Morioni MLA Rupjyoti Kurmi missing) । বৰ্তমান সময়ত মৰিয়নিত দেখিবলৈ পোৱা নাযায় বিধায়কগৰাকীক (Morioni MLA Rupjyoti Kurmi) । এই মন্তব্য ক্ষোভিত সমষ্টিবাসী ৰাইজৰ (Morioni people angry with MLA Rupjyoti Kurmi) । লগতে গাঁওবাসীৰ অভিযোগ যে সীমান্তৰ গাওঁসমূহত নিয়োজিত গাঁওৰক্ষী বাহিনীৰ হাতত পহৰা দিবৰ বাবে নাই পৰ্যাপ্ত সা-সামগ্ৰী । সেয়ে শীঘ্ৰে এইসমূহ অভাৱ-অভিযোগ সমাধান কৰিবলৈ চৰকাৰলৈ আহ্বান ৰাইজৰ ।

উল্লেখ্য যে অসম-নাগালেণ্ড সীমান্তত ক্ৰমবৰ্ধমান হাৰত নগাই অসমৰ ভূমি বেদখল কৰি অসমৰ জনতাক লক্ষ্য কৰি গুলীবৰ্ষণ কৰি থকা পিছত এতিয়া মৰিয়নি সীমান্তত বাস কৰা ৰাইজে জীৱন-সম্পত্তিৰ নিৰাপত্তাত উজাগৰী নিশা কটাবলগীয়া হৈছে (Naga aggression in Assam Nagaland border) । কিন্তু এই দুৰ্যোগৰ সময়ত অসমীয়াৰ কাষত নাই প্ৰশাসন তথা স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী । নিৰ্বাচনৰ সময়ত ভোট লোৱাৰ পিছত সমষ্টিবাসীৰ কাষলৈ নাহে ৰূপজ্যোতি কুৰ্মী ।

এক কথাত ক'বলৈ গ'লে সমষ্টিবাসী ৰাইজৰ ওচৰৰ পৰা পলায়ন কৰিছে বিধায়কগৰাকীয়ে । এইদৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰে ক্ষোভিত সমষ্টিবাসী ৰাইজে (Naga encroachment in Assam Nagaland border Morioni) । উল্লেখ্য যে বিগত দিনকেইটাত নগাই অসমৰ তিৰু হিলছ আৰু দিচৈভেলী সংৰক্ষিত বনাঞ্চলত আগ্ৰাসী মনোভাব লৈ প্ৰৱেশ কৰি বন ধ্বংসযজ্ঞ আৰম্ভ কৰাৰ লগতে অসমৰ বনকৰ্মী আৰু জনতালৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ পিছতো আজিকোপতি স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । পূৰ্বতে এই সম্পৰ্কত যিধৰণৰ আগ্ৰহ প্ৰকাশ তথা সাহসী পদক্ষেপ গ্ৰহণ কৰিছিল, বৰ্তমান সময়ত ৰূপজ্যোতি কুৰ্মীৰ ক্ষেত্ৰত সেয়া দেখিবলৈ পোৱা নাই । ফলশ্ৰুতিত এতিয়া সমষ্টিবাসী ৰাইজৰ মাজত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ জনপ্ৰিয়তা বহুগুণে হ্ৰাস পাবলৈ ধৰিছে বুলি সচেতন ৰাইজে প্ৰকাশ কৰিছে ।

উল্লেখ্য যে শেহতীয়াভাৱে মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসন তথা বেদখলৰ ফলত ত্ৰাসিত হৈ পৰিছে সীমান্তবাসী অসমীয়া ৰাইজ । গাঁওবাসীক দাবী-ধমকি দিয়াৰ লগতে অসমৰ বনভূমিও ধ্বংস কৰিছে নগা দুষ্কৃতিকাৰীয়ে । বৰ্তমানো মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তত বিৰাজ কৰি আছে চেপা উত্তেজনাই । কিন্তু তাৰ পিছতো বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কোনো কাণসাৰ নোহোৱাত ক্ষোভিত হৈ পৰিছে সীমান্তবাসী অসমীয়া ।

লগতে পঢ়ক :Superstition in Dhubri : ধুবুৰীত অন্ধবিশ্বাসৰ কবলত এটা পৰিয়াল

Last Updated :Mar 16, 2023, 1:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.