Jorhat teachers protest: যোৰহাটৰ শিক্ষকে চৰকাৰক ঘূৰালে 121 টা টেবলেট

author img

By

Published : May 22, 2023, 9:28 PM IST

Jorhat teachers protest against Assam Govt

কঠোৰ সিদ্ধান্ত প্ৰাথমিক শিক্ষক সমাজৰ । শিক্ষক আৰু ৰাজ্য চৰকাৰ শিতল যুদ্ধত পণবন্দী ৰাজ্যৰ কণ কণ শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যৎ (Jorhat teachers protest against Assam Govt) । ইয়াৰ মাজতে কঁৰগঢ়াস্থিত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ যোৰহাটৰ প্ৰাৰ্থমিক শিক্ষক সমাজে ঘূৰালে 121 টা টেবলেট ৷

কঠোৰ সিদ্ধান্ত প্ৰাথমিক শিক্ষক সমাজৰ

যোৰহাট, 22 মে’: ৰাজ্যত আনন্দৰ বন্যা ৷ কিয়নো আজি অৰ্থাৎ সোমবাৰে ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ এই ফলাফল ঘোষণা কৰা দিনাই ৰাজ্যৰ প্ৰাথমিক শিক্ষক সমাজে গ্ৰহণ কৰিছে এক কঠোৰ সিদ্ধান্ত । শিক্ষক আৰু ৰাজ্য চৰকাৰ শিতল যুদ্ধত এতিয়া পণবন্দী হৈছে কণ কণ শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যৎ (Jorhat teachers protest against Assam Govt) ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিনাই যোৰহাট জিলাৰ প্ৰাথমিক শিক্ষকসকলে ৰাজ্য শিক্ষা বিভাগ পৰা প্ৰদান কৰা টেবলেটসমূহ ঘূৰাই দিয়ে যোৰহাট জিলাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত । শিক্ষকসকল দীৰ্ঘ দিনীয়া সমস্যা সমাধান নকৰাৰ বাবেই জিলাখনৰ কেইবা শতাধিক প্ৰাথমিক শিক্ষকে তেওঁলোকক শিক্ষা বিভাগে প্ৰদান কৰা টেবলেটসমূহ ঘূৰাই দিয়ে ।

তথ্য অনুসৰি, ঢেকঁৰগঢ়াস্থিত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত সোমবাৰে প্ৰাথমিক শিক্ষকসকলে 121 টা টেবলেট ঘূৰাই দিয়ে চৰকাৰক (Jorhat teachers return 121 tablets) । লগতে অসম চৰকাৰৰ শিক্ষা সেতু এপত আজি পৰা আৰু সহযোগ নকৰাৰ কথা ঘোষণা কৰে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সমাজে ।

লগতে পঢ়ক : HSLC results 2023: মেট্ৰিকত শীৰ্ষস্থান প্ৰাপ্ত হৃদম ঠাকুৰীয়াৰ শিক্ষাৰ দায়িত্ব ল’লে মন্ত্ৰী অশোক সিংহলে

উল্লেখ্য যে, প্ৰাথমিক শিক্ষক সন্মিলনীয়ে 21 মে’ 2023 ৰ ভিতৰত ৰাজ্য চৰকাৰে নতুন প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰিলে 22 মে’ত শিক্ষাসেতু পৰিচালনাৰ বাবে বিভাগে যোগান ধৰা টেবলেট ঘূৰাই দিয়াৰ সিদ্ধান্ত অৱগত কৰি ৰাজ্য শিক্ষা বিভাগক এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছিল ৷ সেই মৰ্মে কুৰিদিনীয়া অসহযোগৰ অন্ততো কোনো ফলাফল লাভ নকৰিলে শিক্ষক সমাজে ৷ যাৰ বাবে সোমবাৰে প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যৰ 36 হাজাৰ বিদ্যালয়ৰ শিক্ষকে টেবলেট ঘূৰাই দিবলৈ নিজ নিজ শিক্ষাখণ্ডত উপস্থিত হয় ৷

সোমবাৰে শিক্ষকসকলে গ্ৰহণ কৰাৰ এই কঠোৰ সিদ্ধান্ত ৰাজ্যৰ শিক্ষা বিভাগ তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে পৰৱৰ্তী পৰ্যায়ত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ’ব লক্ষণীয় ।

লগতে পঢ়ক : Teachers protest : মঙলদৈত শিক্ষকসকলে ঘূৰাই দিলে টেবলেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.