Price hike in Assam: যোৰহাটৰ ৰাজপথত জিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

Price hike in Assam: যোৰহাটৰ ৰাজপথত জিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ
মূল্যবৃদ্ধিয়ে কোঙা কৰা সৰ্বসাধাৰণ ৰাইজক ৷ নিত্য-ব্যৱহাৰ্য সামগ্ৰী যেনে দৈ, মৌ, মাখন, লাচ্চি, বাটাৰ মিল্ক, পিঠাগুৰি, কর্নফ্লেক্স, চয়াবিন, মটৰ আদিৰ পিছত এইবাৰ অসমীয়াৰ বাপতি সাহোন বিহুৰ সময়ত গ্ৰহণ কৰা বিশেষ খাদ্য মুড়ি, চিৰা আদিটো এতিয়া লগোৱা হ'ল GST । যাৰ বিৰোধিতাৰে যোৰহাট জিলা কংগ্ৰেছে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ(Jorhat state congress protest) ৷
যোৰহাট, 5 আগষ্ট: নিত্যপ্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দিশহাৰা কৰিছে সাধাৰণ জনতাক । ইতিমধ্যে, বৃদ্ধি পাইছে ২১ বিধ খাদ্য সামগ্ৰীকে ধৰি আন বহুতো সামগ্ৰীৰ দাম (GST imposed on twenty one food items) ৷ নিত্য-ব্যৱহাৰ্য সামগ্ৰী যেনে দৈ, মৌ, মাখন, লাচ্চি, বাটাৰ মিল্ক, পিঠাগুৰি, কর্নফ্লেক্স, চয়াবিন, মটৰ আদিৰ পৰা আৰম্ভ কৰি মাছ, মাংস, পনীৰলৈকে সকলোতে ৫ শতাংশ জি এছ টি ভৰিব লাগিব জনতাই ৷ লগতে ইন্ধনৰ মুল্যবৃদ্ধিৰ ফলত এতিয়া ত্ৰাহি মধুসূদন সোঁৱৰিছে সাধাৰণ জনতাই ৷
কেৱল সেয়াই নহয় অসমীয়াৰ বাপতি সাহোন বিহুৰ সময়ত গ্ৰহণ কৰা বিশেষ খাদ্য মুড়ি, চিৰা আদিটো এতিয়া লগোৱা হৈছে GST । যাৰ ফলত এতিয়া বিৰোধী দলৰ লগতে সাধাৰণ মানুহৰ মাজতো প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে(Jorhat state congress protest) ।
দৈনিক ন-ন সামগ্ৰীত ওপৰত এতিয়া GST লগাই চৰকাৰে এতিয়া মাধমাৰ সোধাইছে সাধাৰণ জনতাক । সেয়ে ইয়াৰ বিৰোধিতাৰে যোৰহাট জিলা কংগ্ৰেছে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।
উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে যোৰহাট জিলা প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণ গোস্বামী তথা যোৰহাট জিলাৰ কংগ্ৰেছৰ সভাপতি ।
বৰ্তমান অধিক মূল্যবৃদ্ধিৰ প্ৰভাৱিত হৈছে অসম তথা ভাৰতৰবৰ্ষৰ দৰিদ্ৰ সীমাৰেখাৰ ৰাইজক । ইফালে, প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় আৰু ৰাজ্যিক বিজেপি নেতৃত্বাধীন চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে । লগতে বিজেপিৰ একপক্ষ নীতিক কেতিয়াও গ্ৰহণ নকৰে কংগ্ৰেছে বুলি মন্তব্য কৰে ৰাণা গোস্বামীয়ে ।
জনতাৰ দুখ বুজি নোপোৱা বিজেপি চৰকাৰক ধিক্কাৰ দিয়ে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে । উল্লেখ্য যে, দৈনিক প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ আহ্বান জনায় যোৰহাট জিলা কংগ্ৰেছে ।
লগতে পঢ়ক : Price hike in Milk: পহিলা আগষ্টৰ বৃদ্ধি পাব গাখীৰৰ দাম
