ETV Bharat / state

আজৱকাণ্ড; যোৰহাট পৌৰসভাৰ চাফাই কৰ্মীৰ দুমাহৰ দৰমহা সোমাল মাত্ৰ ৭.৭৫ টকা

Municipality workers protest: চাফাই কৰ্মী আৰু পৌৰ কৰ্মচাৰীৰ প্ৰতিবাদত কঁপিল যোৰহাট পৌৰসভা কাৰ্যালয় ৷ প্ৰাপ্য বিচাৰি পুৱাই প্ৰতিবাদত বহিল যোৰহাট পৌৰসভাৰ শতাধিক প্ৰতিবাদী চাফাই কৰ্মী ৷

Jorhat Municipalities workers protest
চাফাই কৰ্মী আৰু পৌৰ কৰ্মচাৰীৰ প্ৰতিবাদ

Published : December 28, 2023 at 1:45 PM IST

Choose ETV Bharat
চাফাই কৰ্মী আৰু পৌৰ কৰ্মচাৰীৰ প্ৰতিবাদ

যোৰহাট, ২৮ ডিচেম্বৰ : যোৰহাট পৌৰসভাৰ আজৱকাণ্ড ৷ যোৰহাট নগৰখনক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰা চাফাই কৰ্মীৰ দুমাহৰ দৰমহা একাউন্টত সোমাল মাত্ৰ ৭.৭৫ টকা ৷ এইলৈ ক্ষুব্ধ হৈ পৰিছে শতাধিক চাফাই কৰ্মী ৷ চাফাই কৰ্মীক শোষণ আৰু বঞ্চনা কৰাৰ অভিযোগ তুলি যোৰহাট পৌৰসভাৰ বিৰুদ্ধে বৃহস্পতিবাৰে দিনৰ ভাগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে শতাধিক প্ৰতিবাদী চাফাই কৰ্মীয়ে ৷

যোৰহাট নগৰখনক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰাৰ ক্ষেত্ৰত আপোচ কৰা নাই চাফাই কৰ্মীসকলে ৷ কিন্তু বিভিন্ন সময়ত পৌৰসভা দ্বাৰা অৱহেলিত হৈ আহিছে চাফাই তথা পৌৰকৰ্মীসকল ৷ সেয়ে নিজৰ প্ৰাপ্য বিচাৰি পুৱা ভাগত যোৰহাট পৌৰসভা কাৰ্যালয় সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ।

ইফালে প্ৰতিবাদকাৰীৰ অভিযোগ, ‘‘আমাক পৌৰসভাৰ একাংশ বিষয়া আৰু পৌৰসভাৰ নেতৃত্বয়ে বিভিন্ন অজুহাত দেখুৱাই দৈনিক মজুৰি কৰ্তন কৰি আহিছে ৷ দুমাহ ধৰি প্ৰাপ্য মজুৰি মোকলাই দিয়া নাই ৷ ফলত আমাৰ জীৱন জীৱিকাৰ প্ৰতি তীব্ৰ ভাবুকি আহিছে’’ ।

আনহাতে, পৌৰসভাই বায়’মেটিক মেচিনত উপস্থিতি বাধ্যতামূলক কৰি দিছিল ৷ কিন্তু সেই মেচিনত অধিকাংশ চাফাই কৰ্মীয়ে নিজৰ উপস্থিতিৰ প্ৰমাণ নিদিয়ে ৷ যাৰ ফলত তেওঁলোকৰ মজুৰি কটা গৈছে এই বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যোৰহাট পৌৰসভাৰ পৌৰনেত্ৰীয়ে ৷

উল্লেখ্য যে, দৈনিক ৩৮০ টকাকৈ হাজিৰা লাভ কৰা চাফাই আৰু পৌৰ কৰ্মচাৰীসকলক যদি পৌৰসভাৰ নেতৃত্বই প্ৰতিবাদী আন্দোলন পৰিহাৰ কৰিবলৈ বাধ্য কৰাব নোৱাৰে, তেতিয়া হ’লে যোৰহাট নগৰ যে গেলা আৱৰ্জনাই ভৰি পৰিব সেয়া একপ্ৰকাৰ নিশ্চিত ।

ইফালে যেতিয়ালকৈ পৌৰসভাই তেওঁলোকৰ প্ৰাপ্য মোকলাই নিদিয়ে, সেই পৰ্যন্ত প্ৰতিবাদ সাব্যস্ত কৰাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী চাফাই আৰু পৌৰ কৰ্মচাৰীসকলে ৷

লগতে পঢ়ক : ভয়ংকৰ অগ্নিকাণ্ডত জ্বলি ছাৰখাৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান