Jorhat Kidnapping Case : যোৰহাটৰ অপহৰণ নাটকৰ যৱনিকা

author img

By

Published : Dec 1, 2022, 7:57 PM IST

Jorhat

যোৰহাটৰ অপহৰণৰ নাটকৰ অৱশেষত যৱনিকা । Sevan Sisters নামৰ বিলাসী ৰেষ্টুখনত বাহৰ পাতি ৰাধেশ্যাম প্ৰসাদৰ পুত্ৰ অমৰজ্যোতি আৰু তেওঁ বন্ধু ৰমেশ চাহুৱে ধনদাবী আৰু অপহৰণৰ নাটখনৰ আৰম্ভণি কৰিছিল (Jorhat kidnapping case) ।

যোৰহাট, ১ ডিচেম্বৰ : ধনৰ বাবে মানুহ কিমান তললৈ নামিব পাৰে তাৰে এক জ্বলন্ত নিদৰ্শন হৈছে যোৰহাটৰ অপহৰণ কাণ্ড (Jorhat kidnapping case) ! বিশেষকৈ যুৱ-প্ৰজন্ম সহজলভ্য ধনৰ প্ৰতি কিমান আকৃষ্ট হৈছে তাৰেই প্ৰমাণ ওলাল যোৰহাটত । আনকি নিজকে অপৰণকাৰীৰ কবলত পৰাৰ নাটক কৰি পিতৃ তথা নিজ পৰিয়ালৰ পৰা ধন সৰকোৱাৰ দৰে নিকৃষ্ট পন্থাও অৱলম্বন কৰে এজন পথভ্ৰষ্ট যুৱকে ।

যোৰহাটৰ অপহৰণ নাটকৰ যৱনিকা

উল্লেখ্য, বুধবাৰে নিশা হোৱা সংঘটিত এক অপৰহণ কাণ্ডই যোৰহাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে (kidnapping case in Jorhat) । পিছত অৱশ্যে এই অপহৰণ কাণ্ডৰ ওৰ পৰে অন্য ধৰণে ।

যোৰহাটৰ অপহৰণৰ নাটকৰ অৱশেষত যৱনিকা । Sevan Sisters নামৰ বিলাসী ৰেষ্টুখনত বাহৰ পাতি ৰাধেশ্যাম প্ৰসাদৰ পুত্ৰ অমৰজ্যোতি আৰু তেওঁ বন্ধু ৰমেশ চাহুৱে ধনদাবী আৰু অপহৰণৰ নাটখনৰ আৰম্ভণি কৰিছিল । অপহৰণৰ নাটক ৰচা অমৰজ্যোতি আৰু তেওঁ বন্ধুৱে পিতৃ আৰু খুড়াকলৈ ফোনযোগে প্ৰথমতে ২০ লাখ আৰু তাৰ পিছত পাঁচ লাখ টকা দাবী কৰে । যাৰ ফলত আৰক্ষীৰ বাবে অপহৰণৰ নাটকখনৰ যৱনিকা পেলাবলৈ সহজ হৈ পৰে ।

উল্লেখ্য, পিতৃৰ পৰা ধন সৰকাবলৈহে পুত্ৰই ৰচিছিল এই অপহৰণৰ নাটক (son created kidnapping drama for money) । যোৰহাটৰ ৰে'ল ষ্টেচনৰ সমীপৰ বাঁশবাৰীৰ ৰাধেশ্যাম প্ৰসাদ নামৰ এজন ঠিকাদাৰৰ পুত্ৰ অমৰজিৎ প্ৰসাদে পিতৃৰ পৰা ধন সৰকাবলৈ ৰচিছিল এই অপহৰণৰ নাটক । জানিব পৰা মতে, পিতৃক এখন গাড়ী কিনি দিবলৈ দাবী কৰিছিল অমৰজিতে ।

গাড়ী কিনি নিদিয়াৰ বাবেই বন্ধুৰ লগত মিলি ৰচিছিল এই অপহৰণৰ নাটক । অপহৰণৰ নাটক ৰচি পিতৃৰ পৰা ৫০ লাখ টকা দাবী কৰিছিল । পিছত অৱশ্যে ৫ লাখ টকাতে মান্তি হৈ বৃহস্পতিবাৰে যোৰহাটৰ কেন্দুগুৰিলৈ পিতৃক মাতি পঠায় । পিছত আৰক্ষীয়ে ধন নিবলৈ অহা ৰমেশ চাহু নামৰ অমৰজিতৰ এজন বন্ধুক কেন্দুগুৰিত গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে এই ৰমেশেই বুধবাৰে অমৰজিৎ অপহৰণ হোৱা বুলি অমৰজিতৰ পিতৃৰ লগত এজাহাৰ দিবলৈ যোৰহাট সদৰ থানালৈ যোৱাৰ লগতে সাংবাদ মাধ্যমৰ আগতো মন্তব্য কৰিছিল । ইফালে ধৃত ৰমেশৰ স্বীকাৰোক্তিৰ ভিত্তিত অমৰজিতক চেনিজানৰ এখন ৰিজৰ্টত লুকাই থকা অৱস্থাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ।

এই সন্দৰ্ভত অমৰজিতৰ আন এজন বন্ধুকো আৰক্ষীয়ে আটক কৰিছে । উল্লেখ্য, যিজনে এই অপহৰণৰ নাটখন ৰচনা কৰিছিল তেৱেঁই বুধবাৰে নিশা সংবাদ মাধ্যমৰ সন্মুখত ভাষ্য ৰাখিছিল ।

লগতে পঢ়ক :World Aids Day 2022: শোণিতপুৰ জিলাত এটা বৰ্ষত ৯২ জন লোক এইডছত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.