Ragging incident in JB college : ৰেগিঙৰ বিৰুদ্ধে কঠোৰ জে বি মহাবিদ্যালয়

author img

By

Published : Dec 2, 2022, 9:42 PM IST

Jorhat

যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়তো ৰেগিঙৰ ঘটনা সংঘটিত হৈছে (JB college ragging case)। ভুক্তভোগী ছাত্ৰৰ অভিযোগৰ ভিত্তিত নিজববীয়া তদন্ত মহাবিদ্যালয় কৰ্তৃপক্ষৰ । কেইবাজনো ছাত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল ।

যোৰহাট,২ ডিচেম্বৰ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডক লৈ সমগ্ৰ অসমতে উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে (DU ragging case)। ইফালে আন আন মহাবিদ্যালয়তো চলি থকা এই অপসংস্কৃতিৰ তথ্য লাহে লাহে পোহৰলৈ আহিছে । ৰেগিং কাণ্ডক লৈ যিধৰণে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ কঠোৰ হৈছে ৰাজ্যৰ আন আন মহাবিদ্যালয়সমূহো এই অপসংস্কৃতি বন্ধ কৰাৰ বাবে পুনৰবাৰ কঠোৰ হোৱা দেখা গৈছে ।

ৰেগিঙৰ বিৰুদ্ধে কঠোৰ জে বি মহাবিদ্যালয়

এইবাৰ যোৰহাট জিলাৰ ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যালয়তো ৰেগিঙৰ এক ঘটনা পোহৰলৈ আহিছে (JB college ragging case)। জানিব পৰা মতে ইতিমধ্যে কেইবাজনো ছাত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই (FIR against student involved in ragging)। ইফালে মহাবিদ্যালয়ৰ অধ্যক্ষ তথা এণ্টি ৰেগিং সমিতিয়ে ৰেগিঙত জড়িত থকা ছাত্ৰসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবেও সাজু হৈছে (JB College strict over ragging)। মহাবিদ্যালয় কৰ্তৃপক্ষৰ এই পদক্ষেপৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰেগিঙৰ ভুক্তভোগী এজন ছাত্ৰই ।

মহাবিদ্যালয় কৰ্তৃপক্ষৰ এই পদক্ষেপত আনন্দিত ভুক্তভোগী ছাত্ৰ প্ৰণৱজ্যোতি চেতিয়া । ৰেগিঙৰ ঘটনাত জড়িত থকাৰ সকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে ভুক্তভোগী ছাত্রজনে । প্ৰণৱজ্যোতি চেতিয়াৰ মতে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছৈয়দ আব্দুল মালিক ছাত্রাৱাসত দীৰ্ঘদিন ধৰি ৰেগিঙৰ ঘটনা সংঘটিত হৈ আছে । তেওঁ নিজেও জ্যেষ্ঠ ছাত্ৰৰ ৰেগিঙৰ সন্মুখীন হৈছিল (Victim student reacts on ragging case)।

তেওঁক মহাবিদ্যালয়খনৰ একাংশ জ্যেষ্ঠ ছাত্ৰই মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ কৰিছে । যাৰ বাবে তেওঁ ছাত্ৰাৱাস এৰিবলৈও বাধ্য হৈছিল । আনহাতে মানসিকভাৱে হাৰশাস্তি কৰা ৯ গৰাকী ছাত্ৰৰ বিষয়ে প্ৰণৱজ্যোতিয়ে মহাবিদ্যালয় কৰ্তৃপক্ষক অৱগতও কৰিছিল । ইফালে ৩ জন ছাত্ৰৰ বিৰুদ্ধে মহাবিদ্যালয় কতৃপক্ষই নিজাববীয়াকৈ তদন্ত কৰি দোষী সাব্যস্তও কৰিছে । উক্ত ৩ জন ছাত্ৰই প্ৰণৱজ্যোতি চেতিয়াক তেওঁ অভিযোগ উঠাই ল'বলৈ ভাবুকি প্ৰদান কৰিছিল ।

উল্লেখ্য যে ৰেগিঙৰ সন্মুখীন হোৱা আৰু তাৰ পাছত কেনেদৰে তেওঁক অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰিছিল সকলো কথা সামাজিক মাধ্যমত আৰু সংবাদমাধ্যমৰ সন্মুখত বৰ্ণনা কৰিছে ভুক্তভোগী ছাত্ৰ প্ৰণৱজ্যোতি চেতিয়াই । চেতিয়াৰ অভিযোগৰ ভিত্তিতে শেহতীয়াকৈ মহাবিদ্যালয় কৰ্তৃপক্ষই ৰেগিঙৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ।

লগতে পঢ়ক :DU ragging case: এজন বন্ধুৰ মতে দীর্ঘদিন ধৰি চলিছিল আনন্দৰ ওপৰত অত্যাচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.