চৰকাৰৰ পইচা লৈ নিজকে ধনী কৰাটো আমাৰ পৰিয়ালৰ আদৰ্শ নহয়: গৌৰৱ গগৈ
Published: Nov 18, 2023, 5:24 PM

চৰকাৰৰ পইচা লৈ নিজকে ধনী কৰাটো আমাৰ পৰিয়ালৰ আদৰ্শ নহয়: গৌৰৱ গগৈ
Published: Nov 18, 2023, 5:24 PM
ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা শোচনীয় কিন্তু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা দিনক দিনে টনকিয়াল হৈ গৈ আছে : সাংসদ গৌৰৱ গগৈ । মুখ্যমন্ত্ৰীয়ে লোক নিৰ্মাণ বিভাগ নিজৰ লগত ৰখাৰ ৰহস্য ফাদিল কৰিলে গৌৰৱ গগৈয়ে ।
যোৰহাট, 18 নৱেম্বৰ : শনিবাৰে যোৰহাট ষ্টেডিয়াম প্ৰাংগণত অনুষ্ঠিত হোৱা যুৱ কংগ্ৰেছৰ য়ুথ যাত্ৰাৰ মাজেৰে যোৰহাটৰ লোকসভা সমষ্টিত কংগ্ৰেছে বজালে নিৰ্বাচনী ৰণডংকা । আজি য়ুথ জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰি লোকসভাৰ উপ-দলপতি তথা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে প্ৰধানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি লোৱা দেখা গ’ল ।
য়ুথ জোড়ো যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে কয় যে, বৰ্তমান অসম চৰকাৰ ধাৰত পোত গৈ আছে আৰু অৰ্থনৈতিক অৱস্থা দুৰ্বল হৈ পৰিছে, কিন্তু তাৰ পিচতো মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা দিনক দিনে টনকিয়াল হৈ গৈ আছে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লোক নিৰ্মাণ বিভাগতো নিজৰ লগত ৰখাৰ কথাক লৈয়ো কটাক্ষ কৰিলে সাংসদ গৌৰৱ গগৈয়ে ৷
সমালোচনা কৰি পুনৰ তেওঁ কয় যে, ‘মুখ্যমন্ত্ৰীৰ পৰিয়ালত চাহ-বাগান, ৰিৰ্জট আৰু মাটি-বাৰীৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাই আহিছে আৰু বিজেপি দলটো বৰ্তমানে ব্যক্তি বিশেষ দললৈ পৰিগণিত হৈছে ৷ কিন্তু মন কৰিবলগীয়া যে, কংগ্ৰেছ দলটো বিভিন্ন ধৰ্ম তথা ভাষা-ভাষীৰ মানুহৰ দল ৷ এই কংগ্ৰেছ দলে মোক বহুত কিবাকিবি দিলে কিন্তু ৰাজ্যৰ বাহিৰত দায়িত্ব থকাৰ বাবে মই সমষ্টিত সময় দিব পৰা নাই, সেয়েহে এতিয়া দলক অনুৰোধ জনাইছো যাতে অসমৰ বাহিৰত একো দায়িত্ব নিদিয়ে, কাৰণ এতিয়া অসমত থাকি ৰাইজৰ সেৱা কৰিব বিচাৰো’ ।
অন্যহাতে গগৈয়ে পুনৰ কয় যে দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগ বা বিত্ত বিভাগ নিজৰ লগত ৰাখে কিন্ত অসমৰ মুখ্যমন্ত্ৰীয়ে লোক নিৰ্মাণ বিভাগহে নিজৰ লগত ৰাখে । কংগ্ৰেছ ক্ষমতালৈ আহিলে গৌৰৱ গগৈৰ পৰিয়াল বা ঘনিষ্ঠই কিন্তু চৰকাৰী ঠিকা লোৱা নতুবা চৰকাৰী মাটি বাৰীৰ পৰা সম্পূৰ্ণ আঁতৰত থাকিব বুলি তাপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় তেওঁ । যোৰহাট ষ্টেডিয়াম প্ৰাংগণৰ পৰা নগৰ মাজেৰে যুৱ কংগ্ৰেছে বাহিৰ কৰা য়ুথ যাত্ৰা ৰেলীত গৌৰৱ গগৈৰ লগতে বহু কেইজন কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক : Youth Jodo Yatra: যুৱচামৰ বাবেই বিজেপি আহিছিল শাসনলৈ: জুৱেৰ আলম
