Ragging in JB college: 12 জন ছাত্ৰৰ বিৰুদ্ধে মহাবিদ্যালয় কৰ্তৃপক্ষৰ গোচৰ ৰুজু

author img

By

Published : Dec 2, 2022, 9:17 AM IST

Updated : Dec 2, 2022, 10:15 AM IST

FIR launched against hostelers of JB college in Jorhat

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ ৰেগিং কাণ্ডই জোকাৰিছে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় (Ragging in JB College) ৷ সামাজিক মাধ্যমযোগে মহাবিদ্যালয়খনৰ ছাত্ৰাৱাসত থকা ভুক্তভোগী ছাত্ৰই ৰেগিং সন্দৰ্ভত বৰ্ণনা কৰাৰ পিছতেই ৰেগিঙৰ বিৰুদ্ধে কঠোৰ হৈছে বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ড৹ উৎপল জ্যোতি মহন্ত ৷ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ চৈয়দ আব্দুল মালিক ছাত্ৰাবাসত সংঘটিত হৈছিল ৰেগিঙৰ ঘটনা ৷ ছাত্ৰাবাসটোৰ জ্যেষ্ঠ ছাত্ৰৰ বিৰুদ্ধে নৱাগত ছাত্ৰই অভিযোগ উত্থাপন কৰাৰ পিছতেই সমগ্ৰ ঘটনাৰে জড়িত 12জন ছাত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই(FIR launched against hostelers of JB college) ৷

যোৰহাট, 2 ডিচেম্বৰ: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ ৰেগিং কাণ্ডই জোকাৰিছে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় (Ragging in JB College) ৷ সামাজিক মাধ্যমযোগে মহাবিদ্যালয়খনৰ ছাত্ৰাৱাসত থকা ভুক্তভোগী ছাত্ৰই ৰেগিং সন্দৰ্ভত বৰ্ণনা কৰাৰ পিছতেই ৰেগিঙৰ বিৰুদ্ধে কঠোৰ হৈছে বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ড৹ উৎপল জ্যোতি মহন্ত ৷ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ চৈয়দ আব্দুল মালিক ছাত্ৰাবাসত সংঘটিত হৈছিল ৰেগিঙৰ ঘটনা ৷

ছাত্ৰাবাসটোৰ জ্যেষ্ঠ ছাত্ৰৰ বিৰুদ্ধে নৱাগত ছাত্ৰই অভিযোগ উত্থাপন কৰাৰ পিছতেই সমগ্ৰ ঘটনাৰে জড়িত 12জন ছাত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই(FIR launched against hostelers of JB college) ৷ মুঠ 12জন ছাত্ৰৰ ভিতৰত আছে 8 গৰাকী চৈয়দ আব্দুল মালিক ছাত্ৰ নিবাসৰ ছাত্ৰ, এগৰাকী প্ৰাক্তন ছাত্ৰ আৰু মহাবিদ্যালয়ৰে আন 3 গৰাকী ছাত্ৰ ৷

12 জন ছাত্ৰৰ বিৰুদ্ধে মহাবিদ্যালয় কৰ্তৃপক্ষৰ গোচৰ ৰুজু

ইফালে, চৈয়দ আব্দুল মালিক ছাত্ৰ নিবাসত হোৱা ৰেগিং সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ উপাধ্যক্ষৰ সৈতে বৈঠকত মিলিত হৈ অধ্যক্ষ ড৹ উৎপল জ্যোতি মহন্তই এখন তদন্ত সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰ লগতে ৰেগিঙৰ বিৰুদ্ধে পূৰ্বতকৈ অধিক কঠোৰ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তদন্ত সমিতিয়ে ৷

উল্লেখ্য যে, ছেপ্টেম্বৰ মাহতেই ভুক্তভোগী ছাত্ৰগৰাকীয়ে ছাত্ৰ নিবাসটোত চলা নিৰ্যাতনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল মহাবিদ্যালয় কৰ্তৃপক্ষক ৷ সেই অভিযোগৰ পিছতেই এখন তদন্ত সমিতি গঠন কৰাৰ কথা সদৰি কৰিছে অধ্যক্ষগৰাকীয়ে ৷ কিন্তু ছাত্ৰগৰাকীৰ এখন আবেদনৰ ভিত্তিত ৰেগিঙেৰে জড়িত ছাত্ৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল বুলি মন্তব্য প্ৰদান কৰিছে অধ্যক্ষ ড৹ উৎপল জ্যোতি মহন্তই ৷ কিন্তু পুনৰ বিষয়টো উত্থাপন হোৱাৰ পিছতেই এতিয়া কঠোৰ হৈছে মহাবিদ্যালয় কৰ্তৃপক্ষ ৷

লগতে পঢ়ক: DU Ragging case: ৰেগিংকাণ্ডৰ পলাতক কল্যাণ দত্তৰ চাঞ্চল্যকৰ ফেচবুক লাইভ

Last Updated :Dec 2, 2022, 10:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.