মা দুৰ্গাক আদৰিবলৈ সাজু ৰাজ্যৰ লগতে যোৰহাটবাসী

author img

By

Published : Sep 30, 2022, 1:08 PM IST

Durga Puja Preparation in Jorhat

দুৰ্গা পূজালৈ মাজত মাথো এটা দিন বাকী (One days to Durga Puja)৷ ৰাজ্যৰ চৌদিশে চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি(Durga Puja preparation in Assam) । ঠায়ে ঠায়ে সাজি উলিয়াইছে ভিন্ন আৰ্হিৰ পূজা মণ্ডপো । ব্যতিক্ৰম নহয় যোৰহাটো ৷

যোৰহাট, 30 জানুৱাৰী: দুৰ্গা পূজালৈ মাজত মাথো এটা দিন বাকী (One days to Durga Puja)৷ সম্প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া শ্ৰী শ্ৰী দুৰ্গোৎসৱৰ মহা আয়োজন চলিছে(Durga Puja Preparation in Assam) । ব্যতিক্ৰম নহয় যোৰহাট জিলাও ৷

এইবাৰ জিলাখনত ৮৫খন পূজা মণ্ডপ সাজু কৰি তুলিছে ৷ ইয়াৰ ভিতৰত যোৰহাট নগৰতেই ৪৫খন পূজা মণ্ডপৰ প্ৰস্তুতি চলিছে (Durga Puja Preparation in Jorhat) । ৰাইজক আকৰ্ষিত কৰিবলৈ পূজা মণ্ডপ নিৰ্মাণৰ বাবে পূজা সমিতিসমূহে লৈছে ন ন কৌশল । এইবাৰ ব্যতিক্ৰমী ৰূপত দেখা গৈছে যোৰহাট ৰেলৱে জংচনৰ ষ্টেচনত সজাই তোলা পূজা মণ্ডপটো ।

মা দুৰ্গাক আদৰিবলৈ সাজু ৰাজ্যৰ লগতে যোৰহাটবাসী

স্বাধীনতা সংগ্ৰামীসকলক সোঁৱৰণ আৰু শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে সম্পূৰ্ণ বাঁহ আৰু খেৰেৰে দেশৰ স্বাভিমান লালকিল্লাৰ আৰ্হিত কলিকতাৰ পৰা অহা শিল্পীয়ে নিমাণ কৰিছে এইখন পূজা মণ্ডপ । আনহাতে যোৰহাট মেডিকেল তিনিআলিত ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হিত বাঁহ আৰু খেৰেৰে নিৰ্মাণ কৰা হৈছে পূজাৰ মণ্ডপ (Durga puja pandal made of bamboo in Jorhat) ৷

লগতে পঢ়ক: প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত টিংখাঙৰ মৃৎশিল্পী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.