Commendable step by ex-prisoner: ৰত্নাকৰৰ পৰা বাল্মীকি হোৱাৰ সাধনা এগৰাকী প্ৰাক্তন কয়দীৰ

author img

By

Published : Jan 23, 2023, 5:16 PM IST

Distribution of relief to inmates of Central Jail

এগৰাকী কাৰাবাস খাতি অহা ব্যক্তিয়ে দাঙি ধৰিলে এক অনন্য নিদৰ্শন । কাৰাগাৰত সন্মুখীন হোৱা সমস্যাবোৰ আঁতৰ কৰাৰ চেষ্টা চলালে ব্যক্তিগৰাকীয়ে । যোৰহাটৰ ব্য়ৱসায়ী অংকুৰ গুপ্তাই মাৰোৱাৰী সন্মিলন আৰু মন্থন ক্লাবৰ সহযোগত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ জৰিয়তে কয়দীসকলৰ বাবে ২০৫ খন আঁঠুৱা প্ৰদান কৰে (Distribution of relief to inmates of Central Jail) ।

কাৰাবাস খাটি অহা এগৰাকী ব্যক্তি প্ৰশংসনীয় পদক্ষেপ

যোৰহাট,২৩ জানুৱাৰী: যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত (Jorhat Central Jail) কাৰাবাস খাটি অহা এগৰাকী ব্যক্তি প্ৰশংসনীয় পদক্ষেপ (Commendable step by ex prisoner) । বিশিষ্ট ব্যৱসায়ী তথা প্ৰাক্তন পৌৰ সদস্য অংকুৰ গুপ্তা কিছুমাহ পূৰ্বে এক মাৰপিটৰ ঘটনাত গ্ৰেপ্তাৰ হৈ কাৰাগাৰলৈ যাব লগা হৈছিল । কাৰাগাৰত থকা সময়ছোৱাত ব্যৱসায়ীজনে কাৰাগাৰ ভিতৰত থকা লোকসকলৰ দুৰাৱস্থা তথা কিছুমান প্ৰয়োজনীয় অভাৱ অভিযোগ দেখিবলৈ পাইছিল ।

গুপ্তাই কাৰাবন্দী কয়দীসকলৰ বিভিন্ন অসুবিধা নিজেই প্ৰত্যক্ষ কৰিছিল । কয়দীসকলৰ প্ৰায় সংখ্যকে চকুৰ অসুখত ভুগি অহাৰ লগতে তেওঁলোকৰ বাবে বিশেষতঃ আঠুৱাৰ অভাৱ আছিল । আনহাতে, কাৰাগাৰৰ ভিতৰত শৌচাগাৰৰ ভগ্নপ্ৰায় দৰ্জাও প্ৰত্যক্ষ কৰিছিল অংকুৰ গুপ্তাই । সেয়েহে কাৰাগাৰৰ কাৰাবাস খাটি ওলাই আহি অংকুৰ গুপ্তাই এক মানবদৰদী বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে (Distribution of relief to inmates of Jorhat Jail) ।

গুপ্তাই কাৰাবন্দীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহি প্ৰথমৱস্থাত তেওঁলোকৰ বাবে আয়োজন কৰিলে এক চকু পৰীক্ষা শিৱিৰৰ (Free Eye check-up camp) । ইয়াৰ পিছত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীসকলৰ বাবে যোৰহাটৰ অগ্ৰণী সামাজিক অনুষ্ঠান মাৰোৱাৰী সন্মিলন আৰু মন্থন ক্লাবৰ সহযোগত প্ৰাক্তন পৌৰ সদস্য অংকুৰ গুপ্তাই আগভাগ লৈ যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ জৰিয়তে কয়দীসকলৰ বাবে ২০৫ খন আঁঠুৱা প্ৰদান কৰে ।

অংকুৰ গুপ্তা আৰু মাৰোৱাৰী সন্মিলনৰ উদ্যোগত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত চকু চিকিৎসা শিৱিৰৰো আৰু কাৰাগাৰৰ ভিতৰত শৌচাগাৰত নতুন দৰ্জাও লগাই দিয়াৰ ব্যৱস্থা কৰাৰ বাবে অংকুৰ গুপ্তাক কেন্দ্ৰীয় কাৰাগাৰৰ বিষয়া কৰ্মচাৰীৰ লগতে অন্যান্য লোকেও শলাগ লৈছে ।

লক্ষণীয় যে, সততে আমাৰ সমাজত দেখা যায় কোনো ব্যক্তি কাৰাগাৰত থকাৰ পাছত মুক্তিৰ পাছতো সেই ব্যক্তিগৰাকীক সমাজে হেয় দৃষ্টিৰে চাই । যাৰ ফলত হীনমান্যতাত ভূগি পুনৰ একেজন ব্যক্তিয়ে কেতিয়াবা অন্য অপৰাধ সংঘটিত কৰে । ইয়াৰ বিপৰীতে অংকুৰ গুপ্তাই দাঙি ধৰিছে আন এক আদৰ্শ ।

উল্লেখ্য যে কিছুদিন পূৰ্বে আইনৰ হাতোৰাৰ পৰা মুক্তি পোৱাৰ পিচতো মুকলি আকাশৰ তললৈ আহিব পৰা নাছিল শিৱসাগৰৰ এগৰাকী ব্যক্তি । শিৱসাগৰৰ ফুলপানীচিঙাৰ যদুমণি গগৈয়ে অপৰাধ সংঘটিত কৰি আদালতৰ শাস্তি লাভ কৰাৰ পাচত আইনৰ শাস্তি শেষ হোৱাৰ পাছতো আপোন ঘৰখনে ক্ষমা কৰা নাছিল ব্য়ক্তিগৰাকীক । প্ৰশাসনক যদুৰ ঘৰখনে স্পষ্টভাৱে জনাই দিছিল যে কোনো কাৰণতে ঘৰখনে গ্ৰহণ নকৰে যদুক ।

যাৰ পৰিপ্ৰেক্ষিতত আইনৰ শাস্তিৰ ম্যাদ ওকলাৰ পাছতো যদুৱে কাৰাবাস খাতিবলগীয়া হ'ল সুদীৰ্ঘ ২৪ টা বছৰ । অৱশেষত এক স্বেচ্ছাসেৱী সংগঠনৰ তৎপৰতাত যদুক লৈ যোৱা হৈছিল এখন বৃদ্ধাশ্ৰমলৈ । স্মৰ্তব্য যে কাৰাবাস খাতি অহা ব্যক্তিসকলকো যদি সমান চকুৰে চোৱা যায়, সমাজত সমান স্থান দিয়া যায়, তেন্তে পৰৱৰ্তী সময়ত তেওঁলোকৰ পৰা বহু সমাজ হিতৈষী কাম আশা কৰিব পৰা যায় । তাৰ যেন এক উদাহৰণ যোৰহাটৰ অংকুৰ গুপ্তা ।

লগতে পঢ়ক: Nilmani Phookan Closed letter: ৩১ জানুৱাৰীৰ পিছতহে খোল খাব কাব্যঋষিৰ ৰঙা চিয়াঁহীৰ চিঠি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.