Naga aggression : গোপনে নগাক অৰ্পণ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ ভূমি

author img

By

Published : Mar 16, 2023, 4:41 PM IST

Naga aggression

মৰিয়নিৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ ভূমি গোপনে নগাক অৰ্পণ কৰাক লৈ সীমান্ত অঞ্চলত উত্তেজনা (Dissoi valley reserved forest land Controversy) । প্ৰায় ৯০ শতাংশ ভূমি নাগালেণ্ড চৰকাৰক অৰ্পণ কৰাৰ অভিযোগ ৰাইজৰ । নিৰাপত্তাহীনতাত সীমান্তৰ ৰাইজ । কোনো গুৰুত্ব নাই স্থানীয় বিধায়কৰ ।

গোপনে নগাক অৰ্পণ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ ভূমি

যোৰহাট,১৬ মাৰ্চ: দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ ৯০ শতাংশ ভূমি এতিয়া নগাৰ হাতত (Dissoi valley reserved forest)। অসম চৰকাৰে অতি গোপনে বনাঞ্চলৰ ভূমি নাগালেণ্ডক অৰ্পণ কৰিছে (Forest land handed over to Nagaland)। এই গুৰুতৰ অভিযোগ সীমান্তবাসী ৰাইজৰ । স্থানীয় লোকে জনোৱা মতে নগাই অসমৰ বনকৰ্মীক লক্ষ্য কৰি গুলীচালনা কৰিছিল আৰু এই ঘটনাক যোৰহাট আৰক্ষী অধীক্ষক মোহন লাল মিনাই ৰহস্যজনকভাৱে অস্বীকাৰ কৰিছে ।

সেয়া গুলীৰ শব্দ নাছিল, বাঁহৰ পাটৰ শব্দহে আছিল বুলি কৰা আৰক্ষী অধীক্ষকৰ মন্তব্যক টুলুঙা আখ্যা ৰাইজৰ । আনকি অভিযোগ অনুসৰি ইয়াৰ পৰা ৰাইজ নিশ্চিত হৈছে যে মৰিয়নিৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ ভূমি অসম চৰকাৰে গোপন বুজাবুজিৰে নগাক অৰ্পণ কৰিছে । আনহাতে মৰিয়নিৰ অসম নাগালেণ্ড সীমান্ত সমস্যাৰ বিষয়টো চলিত অসম বিধানসভাত উত্থাপন কৰাত অসমৰ্থ মৰিয়নি সমষ্টিৰ স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী (Public slams local MLA Rupjyoti Kurmi)।

ৰাইজৰ অভিযোগ অনুসৰি বিধায়ক ৰূপজ্যোতিয়ে সীমান্তবাসী অসমীয়াৰ নিৰাপত্তাৰ কথা চিন্তা নকৰে, তেওঁ মাথো বিধানসভাত বহুৱালি কৰি অখিল গগৈৰ সৈতে বাকযুদ্ধত লিপ্ত হ'বলৈ যোৱাৰ লগতে বিধানসভাত মাছ-মঙহে খাবলৈহে যায় বুলি ক্ষোভ প্ৰকাশ কৰে সীমান্তৰ ৰাইজে । উল্লেখ্য যে বুধবাৰৰ দিনটোত মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৰ নাগাজংকাৰ সমীপত দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাৰ আগ্ৰাসন পৰিদৰ্শন কৰিবলৈ যোৱা বন বিভাগৰ দলৰ ওপৰত নগা দুৰ্বৃত্তই গুলীবৰ্ষণ কৰিছিল (Tension in Assam Nagaland border)।

অৱশ্যে সেই স্থানত অসমৰ প্ৰশাসনৰ দল গৈ উপস্থিত নহ'ল । যাৰ ফলত চৰম নিৰাপত্তাহীনতাত ভূগিছে সীমান্তবাসী অসমীয়া । উল্লেখ্য যে বাৰে বাৰে অসমৰ ভূমিত নগাই আগ্ৰাসন চলাই থকাৰ পাছতো কিয় অসম চৰকাৰ তথা প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পৰা বিৰত আছে সেয়া কিন্তু ৰহস্যৰ আৱৰ্তত (Local public reacts over Naga aggression)! যদি স্থানীয় ৰাইজৰ অভিযোগ সঁচা হয় তেনেহ'লে নিশ্চিতভাৱে সীমান্তবাসীৰ সন্মুখত ই এক ডাঙৰ প্ৰত্যাহ্বান ।

লগতে পঢ়ক :Naga Encroachment in Morioni: মৰিয়নিৰ পৰা সন্ধানহীন বিধায়ক ৰূপজ্যোতি কুৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.