Discrepancies in construction: থানা নিৰ্মাণতেই বিসংগতি, নিৰ্মাণকাৰ্য বন্ধ কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

author img

By

Published : Dec 6, 2022, 3:02 PM IST

থানা নিৰ্মাণতেই বিসংগতি

এইবাৰ থানাৰ নিৰ্মাণ কাৰ্যতেই সংঘটিত হৈছে বিসংগতি ৷ মৰিয়নি থানাৰ নিৰ্মাণ কাৰ্যত বিসংগতি হোৱাৰ অভিযোগ(Mariani Police Station) ৷ থানাৰ নিৰ্মাণকাৰ্য আধাতেই বন্ধ কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ এই ঘটনা সন্দৰ্ভত ঠিকা লাভ কৰা নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে মৰয়নি থানাত এখন এজাহাৰো দাখিল কৰা হৈছে বুলি মন্তব্য কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে(Lodge an FIR) ৷

মৰিয়নি, 6 ডিচেম্বৰ: এইবাৰ থানাৰ নিৰ্মাণকাৰ্যতেই সংঘটিত হৈছে বিসংগতি ৷ মৰিয়নি থানাৰ নিৰ্মাণ কাৰ্যত বিসংগতি হোৱাৰ অভিযোগ(Mariani Police Station) ৷ থানাৰ নিৰ্মাণকাৰ্য আধাতেই বন্ধ কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷

থানা নিৰ্মাণতেই বিসংগতি, নিৰ্মাণ কাৰ্য বন্ধ কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

উল্লেখ্য যে, অসম চৰকাৰে মৈত্ৰী আঁচনিৰ অধীনত ৰাজ্যৰ থানাসমূহৰ আধুনিকীকৰণৰ কাম আৰম্ভ কৰিছিল ৷ কিন্তু মৰিয়নি আৰক্ষী থানাৰ নৱ নিৰ্মিত ভৱনৰ নিৰ্মানকাৰ্যত সংঘটিত হৈছে বিসংগতি(Discrepancies in construction) ৷ সেই কথা পোহৰলৈ অহাৰ পিছতেই বিধায়ক মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিৰ্মাণস্থলীত উপস্থিত হৈ বন্ধৰ নিৰ্দেশ দিলে থানাখনৰ নিৰ্মাণ কাৰ্য(MLA Rupjyoti Kurmi) ৷

কাৰণ থানা নিৰ্মাণৰ বাবে আৱণ্টিত পুঁজিৰ হিচাপ উল্লেখ নকৰাকৈ আৰু আধাৰশিলাৰ নাম ফলক স্থাপন নকৰাকৈয়ে থানাখনৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিছিল ঠিকা লাভ কৰা গুৱাহাটীৰ নিৰ্মাণ প্ৰতিষ্ঠান ফ্ৰন্টিয়াৰ কৰ্প'ৰেশ্বন নামৰ কোম্পানীটোৱে ৷ প্ৰায় 15দিন ধৰি নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে চলাই গৈছিল কাম-কাজ ৷ কিন্তু লক্ষণীয় কথাটো হ’ল যে থানাখনৰ নিৰ্মাণকাৰ্য সন্দৰ্ভত অৱগত নাছিল স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷

কেৱল সিমানেই নহয়, এই বিষয়ে অৱগত নাছিল জিলাখনৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ(Minister Ajanta Neog), যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন আৰু আৰক্ষী অধীক্ষক মোহন লাল মিনাও । সকলোকে অন্ধকাৰত ৰাখি কোনো কথা অৱগত নকৰাকৈ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে অব্যাহত ৰাখিছিল কাম ৷ সেই কথা পোহৰলৈ অহাৰ পিছতেই নিৰ্মাণস্থলীত উপস্থিত হৈ কাম-কাজ বন্ধ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ এই ঘটনা সন্দৰ্ভত ঠিকা লাভ কৰা নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে মৰয়নি থানাত এখন এজাহাৰো দাখিল কৰা হৈছে বুলি মন্তব্য কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে(Lodge an FIR) ৷

গৃহ বিভাগৰ দ্বায়িত্বত থকা মখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো বিষয়টো অৱগত কৰা হ’ব বুলি সংবাদমাধ্যমৰ আগত সদৰী কৰে বিধায়ক গৰাকীয়ে(CM Himanta Biswa Sarma) ৷ এই নিৰ্মাণকাৰ্যৰ সৈতে জড়িত সকলোৰে বিৰুদ্ধে তদন্ত কৰিবলৈ এজাহাৰ দাখিল কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ ঠিকাদাৰসহ ইয়াৰ লগত জড়িত সকলো লোকৰ তথ্য ৰাজহুৱা হোৱাৰ পিছতহে নিৰ্মাণকাৰ্য আৰম্ভ হ’ব বুলি মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ ৷

লগতে পঢ়ক: নগাঁৱত জলসিঞ্চন বিভাগৰ অভিযন্তাৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.