দূর্গা পূজাৰ পূৰ্বে ৰাজ্যত সম্পূৰ্ণ হ’ব ক’ভিড ভেকচিনৰ প্ৰথম পালি প্ৰদান

author img

By

Published : Sep 13, 2021, 10:27 PM IST

covid-vaccination-status-in-assam

যোৰহাটৰ আই এছ বিটিত যাত্ৰীৰ বাবে ভেকচিন কেন্দ্ৰ মুকলি কৰিলে স্বাস্থ্য মন্ত্ৰীয়ে । শাৰদীয় দূর্গা পূজাৰ আগতে ৰাজ্যত ক’ভিড ভেকচিন প্ৰথম ড’জ প্ৰদান কাৰ্য সম্পূৰ্ণ হ’ব ।

যোৰহাট, 13 ছেপ্টেম্বৰ : শাৰদীয় দূর্গা পূজাৰ আগতে ৰাজ্যত ক’ভিড ভেকচিন প্ৰথম পালি প্ৰদান সম্পূৰ্ণ হ’ব । যোৰহাটৰ আই এছ বিটিত যাত্ৰীৰ বাবে ভেকচিন কেন্দ্ৰ মুকলি, স্বাস্থ্য মন্ত্ৰীৰ । স্বাস্থ্য বিভাগে 'ভ্ৰাম্যমাণ ক'ভিড প্ৰতিষেধক প্ৰদানকাৰী বাহন'ৰ জৰিয়তে ৰাজ্যখনৰ গাঁৱে-গাঁৱে, চুবুৰীয়ে চুবুৰীয়ে গৈ ১৮ বছৰৰ ঊৰ্দ্ধৰ সকলোকে ক'ভিড প্ৰতিষেধক দিয়াৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷

দূর্গা পূজাৰ পূৰ্বে ৰাজ্যত সম্পূৰ্ণ হ’ব ক’ভিড ভেকচিনৰ প্ৰথম পালি প্ৰদান

ইতিমধ্যে, নামনি অসমৰ তিনিখন জিলাত এই অভিযান মুকলি কৰা হৈছে ৷ ১৩ ছেপ্তম্বৰ ২০২১, সোমবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই উজনি অসমৰ তিনিখন জিলা ক্ৰমে মাজুলী, শিৱসাগৰ আৰু যোৰহাটৰ বাবেও ভ্ৰাম্যমাণ ক'ভিড প্ৰতিষেধক প্ৰদানকাৰী বাহন'ৰ সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৷ যোৰহাটৰ আই এছ বি টি ৰ বাছ আস্থানত আয়োজিত এক অনুষ্ঠানত উজনিৰ এই তিনিখন জিলাত ক'ভিড প্ৰতিষেধক দিবলৈ ১৫ খন 'মোবাইল ভেক্সিনেছন ভান'ৰ ফ্লেগ অফ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । এই 'মোবাইল ভেক্সিনেছন ভান' খনে উজনিৰ উক্ত তিনিখন জিলাত চুবুৰীয়ে চুবুৰীয়ে প্ৰতিষেধক প্ৰদান কৰিব ৷

লগতে পঢ়ক : শীঘ্ৰেই অসম আৰক্ষীত হ'ব ব্যাপক সংস্কাৰ : ভাস্কৰজ্যোতি মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.