মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Sep 28, 2022, 6:43 PM IST

jorhat

মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত কংগ্ৰেছৰ প্ৰতিবাদ (Congress protest in Jorhat against price hike ) । যোৰহাটৰ বিজুলী ভৱনৰ সন্মুখত কংগ্ৰেছে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।

যোৰহাট, ২৮ ছেপ্টেম্বৰ : বুধবাৰে যোৰহাটত জিলা কংগ্ৰেছে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে (Congress protest in Jorhat against price hike) । যোৰহাটৰ বিজুলী ভৱনৰ সন্মুখত কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ৰাজ্যত অভাৱনীয় হাৰত বিভিন্ন সামগ্ৰীত জিএছটি বৃদ্ধি, বিদ্যুতৰ স্মাৰ্ট মিটাৰৰ জৰিয়তে গ্ৰাহকলৈ অত্যধিক হাৰত বৰ্ধিত মাচুল প্ৰদান কৰা আদি বিষয়ক লৈ জিলা কংগ্ৰেছ, এন এছ ইউ আই,মহিলা কংগ্ৰেছ, সেৱা দল আৰু যুৱ কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰে (Jorhat Dist congress protest against price hike) ।

প্ৰতিবাদকাৰীসকলে যোৰহাট চহৰৰ ৰাজপথৰ মাজেৰে এক প্ৰতিবাদী সমদল উলিয়াই বিজুলী ভৱনৰ সন্মুখত উপস্থিত হয় । লগতে প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলে চৰকাৰবিৰোধী শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে (protest against price hike) । উল্লেখ্য, প্ৰতিবাদী কংগ্ৰেছকৰ্মীসকলৰ অভিযোগ, বিজেপি চৰকাৰ শাসনলৈ আহিলে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি (essential commodities price hike) হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত কংগ্ৰেছৰ প্ৰতিবাদ

কিন্তু বৰ্তমানৰ চৰকাৰখনে ৰাইজৰ হিতৰ বিপৰীতে গৈ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । ফলত এতিয়া সৰ্বসাধাৰণ ৰাইজ জুৰুলা হৈ পৰিছে । বৰ্তমান চৰকাৰখনে বিভিন্ন সামগ্ৰীত কৰ আৰোপ কৰাৰ ফলত বিভিন্ন সামগ্ৰীৰ অভাৱনীয় হাৰত মূল্যবৃদ্ধি ঘটিছে । সেয়াই 'অচ্ছে দিন' নেকি বুলি চৰকাৰখনক সমালোচনা কৰে কংগ্ৰেছে (APCC protest against price hike) ।

আনহাতে, ৰাজ্য চৰকাৰে স্মাৰ্ট মিটাৰ ব্যৱহাৰ গ্ৰাহকৰ বাবে অপৰিহাৰ্য কৰাৰ ফলত অত্যধিক হাৰত গ্ৰাহকলৈ বিদ্যুত মাচুল আহিছে । ফলত গ্ৰাহকে জোৰা-টাপলি মাৰি হ'লেও চৰকাৰক বিদ্যুত মাচুল পৰিশোধ কৰিবলগা হৈছে । যাৰ বাবে সৰ্বসাধাৰণ ৰাইজ এক প্ৰকাৰ কোঙা হৈ পৰা বুলিও জিলা কংগ্ৰেছৰ অভিযোগ (APCC criticized bjp govt for price hike) ।

সেয়েহে এই বিদ্যুত মাচুল বৃদ্ধিৰ উচিত তদন্ত আৰু সমাধান বিচাৰি আজি কংগ্ৰেছকৰ্মীসকলে যোৰহাট ন-আলিস্থিত বিজুলী ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।

আনহাতে, প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লগতে চিআৰপিএফ জোৱান মোতায়েন কৰে জিলা প্ৰশাসনে । ইয়াৰ বিপৰীতে কংগ্ৰেছকৰ্মীসকলে শান্তিপূৰ্ণভাৱে উক্ত প্ৰতিবাদী কাৰ্যসূচী সামৰণি মাৰি প্ৰতিবাদস্থলীৰ পৰাই এখন স্মাৰক-পত্ৰ প্ৰদান কৰে । উল্লেখযোগ্য যে কংগ্ৰেছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ সোণাৰিত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.