সোপাধৰা সন্দৰ্ভত টীয়ক আৰক্ষীৰ উদ্যোগত সজাগতা সভা

author img

By

Published : Sep 29, 2022, 1:56 PM IST

Awarness meeting at Teok

আৰক্ষীৰ বাবে মূৰৰ কামোৰণিৰ দৰে হৈছে সোপাধৰাৰ আতংক (Awarness meeting at Teok) । এনে প্ৰেক্ষাপটত টীয়ক আৰক্ষী থানাৰ অধীনৰ জাঁজী মুছলিম গাঁৱত সোপাধৰা সন্দৰ্ভত সজাগতা সভা সম্পন্ন ।

টীয়ক, ২৯ ছেপ্টেম্বৰ: ৰাজ্যত অব্যাহত আছে সোপাধৰাৰ আতংক (Fear of suspected kidnapper in Assam) ৷ সোপাধৰাৰ সন্দেহত বিভিন্ন স্থানত যিকোনো লোককে কৰিছে ৰাইজে কৰিছে গণ প্ৰহাৰ ৷ কেইবছৰমান পূৰ্বে ৰাজ্য জোকাৰি যোৱা অভি নীল কাণ্ডৰ পৰা শিক্ষা নহ'ল ৰাজ্যৰ একাংশ লোকৰ ৷ সোপাধৰাৰ দৰে মধ্যযুগীয় অন্ধ বিশ্বাসত এতিয়াও বিশ্বাসৰ বশৱৰ্তী ৰাজ্যৰ বহু অঞ্চল ।

ৰাজ্যৰ সৰ্বত্ৰ এতিয়া দূৰ্গোসৱৰ আনন্দ । মাজত মাথোঁ এটা দিন । দূৰ্গোসৱৰ ষষ্ঠীত বিল্ব বোধনেৰে দেৱীক প্ৰতিষ্ঠা কৰিব । এইকেইটা দিনত ৰাজ্যৰ আৰক্ষী আৰু প্ৰশাসনৰ ব্যস্ততা অধিক হয় । কাৰণ সুৰক্ষাজনিত দিশৰ পৰা আৰম্ভ কৰি যান-জঁটলৈকে সকলো দিশত পানী নসৰকাৰ দৰে অৱস্থা কৰি তুলিবলগীয়া হয় ।

টীয়কত সোপাধৰা সন্দৰ্ভত সজাগতা আৰক্ষীৰ

এনে ব্যস্ততাৰ মাজতে আৰক্ষীৰ বাবে মূৰৰ কামোৰণিৰ দৰে হৈছে সোপাধৰাৰ আতংক । পূজাৰ ব্যস্ততাৰ সমান্তৰালভাৱে টীয়ক আৰক্ষীয়ে গাঁৱে গাঁৱে এতিয়া সোপাধৰা যে এক ভ্ৰান্ত ধাৰণা ,সেয়া সাধাৰণ ৰাইজক বুজাবলৈ সজাগতা সভা অনুষ্ঠিত কৰিবলগীয়া হৈছে ।

টীয়ক আৰক্ষী থানাৰ (Teok Police Station) অধীনৰ জাঁজী মুছলিম গাঁৱত (Awarness programme on rumour at Teok) সোপাধৰা সন্দৰ্ভত এক সজাগতাৰ বাবে সভা অনুষ্ঠিত কৰা হয় । টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজিত টেৰাঙে এনেদৰে ভিতৰুৱা অঞ্চল,চাহ বাগিচা অধ্যুষিত আঞ্চলত সজাগতা সভা আয়োজন কৰি ৰাইজক সজাগ কৰিছে । আৰক্ষী বিষয়াগৰাকীৰ এই কাৰ্যত ৰাইজে সহযোগিতা আগবঢ়াইছে । লগতে অনাগত দিনত সদায়ে আৰক্ষীৰ লগত যোগাযোগ ৰক্ষা কৰি সোপাধৰাৰ নামত যি ভুৱা প্ৰচাৰ চলি আছে তাক প্ৰতিহত কৰিবলৈ সকল্প লোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া দলীয় সমাৱেশক লৈ তৎপৰ মন্ত্ৰী অজন্তা নেওগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.