CM Himanta Biswa Sarma: শিক্ষা সংস্কাৰৰ উদ্দেশ্য হঠাৎ ঘোষণা মেট্ৰিকৰ ফলাফল; মুখ্যমন্ত্ৰী

author img

By

Published : May 22, 2023, 9:02 PM IST

Himanta Biswa Sarma on HSLC Results

সোমবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ আজি ঘোষণা কৰা মেট্ৰিকৰ ফলাফল চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা শিক্ষা বিভাগৰ সংস্কাৰৰে এক উদ্দেশ্য বুলি তেওঁ কয় (Himanta Biswa Sarma on HSLC Results) ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া

যোৰহাট, 22 মে’: ‘‘মেট্ৰিক অথবা উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ তাৰিখ আমি আগতীয়াকৈ ছাত্ৰ-ছাত্ৰীক জনাব বিচৰা নাই ৷ কিয়নো পৰীক্ষাৰ ফলাফলক লৈ ছাত্ৰ-ছাত্ৰীসকল চিন্তাত থাকে; যিটো ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ বাবে ভাল নহয় ৷’’ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ উচ্চতৰ মাধ্যমিকৰ ফলাফলো একেদৰেই কোনোবা এটা দিনৰ ৰাতিপুৱা ঘোষণা কৰা হ’ব বুলি কয় মুখ্যমন্ত্ৰীজনে (Assam CM Reacts on HSLC exam Results 2023) ৷

দেৰগাঁৱত লাচিত বৰফুকন একাডেমীত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ আজি ঘোষণা কৰা মেট্ৰিকৰ ফলাফল চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা শিক্ষা বিভাগৰ সংস্কাৰৰে এক উদ্দেশ্য বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

তেওঁ লগতে কয় যে, মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ ইমান অত্যুৎসাহী হোৱা ভাল নহয় ৷ কিয়নো কিবা কাৰণত ফলাফল বেয়া কৰা কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে সমাজত অলপ দিনৰ কাৰণে ওলাব নোৱাৰা হয় ৷ সেইবাবে এইয়া পৰীক্ষা অথবা শিক্ষা সংস্কাৰৰে এক সিদ্ধান্ত আছিল আজি আগতীয়াকৈ কোনো ঘোষণা নকৰাকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে (CM Himanta Biswa Sarma) ৷

আজি দেৰগাঁৱৰ লাচিত বৰফুকন একাডেমীত বেটেলিয়ন সমূহৰ অধিনায়ক সকলৰ সন্মিলনী বৈঠকত অংশগ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে ৷ এই বৈঠকত মুখ্যমন্ত্ৰীয়ে বেটেলিয়নৰ অধিনায়ক সকলৰ পৰা বেটেলিয়নৰ জোৱান সকলৰ সামাজিক দায়বদ্ধতা, তেওঁলোকৰ জীৱন ধাৰণ প্ৰণালী, তেওঁ লোক পৰিয়াল, শৈক্ষিক আৰু অন্যান্য সমস্যা ইত্যাদি বিষয়ে স্থান লাভ কৰে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে ৷

তেওঁ কয় যে, বৰ্তমান ৰাজ্যত ত্ৰিশ হাজাৰ বেটেলিয়নৰ জোৱান আছে আৰু তেওঁলোকে বিভিন্ন পৰিস্থিতিত ৰাজ্যৰ বিভিন্ন ঠাইত কৰ্তব্য পালন কৰিবলগীয়া হয় (Himanta Biswa Sarma on HSLC Results) ৷

আনহাতে, মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, নৱেম্বৰ মাহৰ ভিতৰত 5 টা কামাণ্ডো বেটেলিয়নৰ প্ৰশিক্ষণ সমাপ্ত হ'ব ৷ এই সকল কামাণ্ডো জোৱানক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ভাৰতীয় সেনাবাহিনী দ্বাৰা ৷ বেটেলিয়ৰ জোৱান আৰু জিলা আৰক্ষী সকলক লৈ এখন বৈঠক অনুষ্ঠিত কৰাৰ কথাও কয় মুখ্যমন্ত্ৰীজনে ৷ ইয়াৰ দ্বাৰা অসম আৰক্ষীক এক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰা পৰিকল্পনা আছে ৷ তেওঁলোকক নিয়মিত প্ৰশিক্ষণ আৰু খেলা-ধূলা ওপৰত বিশেষকৈ গুৰুত্ব দিবলৈ অধিনায়ক সকলক নিৰ্দেশ প্ৰদান কৰে তেওঁ (Himanta Biswa Sarma at Dergaon) ৷

লগতে পঢ়ক: HSLC results 2023: সদ্য ঘোষিত মেট্ৰিকৰ ফলাফলক লৈ সন্তুষ্ট ডাঃ ৰণোজ পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.