থাইলেণ্ডত উজলিল অসমৰ বক্সাৰ অভিজিৎ বৰুৱা

author img

By

Published : Sep 29, 2022, 1:37 PM IST

Abhijit

থাইলেণ্ডত বক্সাৰ অভিজিৎ বৰুৱাৰ সফলতা (Assam boxer achievement in Thailand)। আন্ত:ৰাষ্ট্ৰীয় পেছাদাৰী বক্সিং প্ৰতিযোগিতাত থাইলেণ্ডৰ বক্সাৰক পৰাস্ত কৰি বিজয়ী অসমৰ খেলুৱৈগৰাকী । অসমৰ ৰাইজ আৰু সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিলে খেলুৱৈগৰাকীয়ে ।

টীয়ক,২৯ ছেপ্টেম্বৰ : বিশ্ব ক্ৰীড়াত পুনৰ উজলিল অসমৰ খেলুৱৈ । এইবাৰ থাইলেণ্ডত অসমৰ বক্সাৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ল (Assam boxers achievement in Thailand)। শেহতীয়াকৈ বিশ্ব বক্সিং সংস্থা (WBO)ৰ উদ্যোগত থাইলেণ্ডৰ বেংককত অনুষ্ঠিত হৈছিল আন্ত: ৰাষ্ট্ৰীয় পেছাদাৰী বক্সিং প্ৰতিযোগিতা (International Professional Boxing Competition in Thailand)।

এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল টীয়কৰ অভিজিৎ বৰুৱাই । এই প্ৰতিযোগিতাত থাইলেণ্ডৰ দুৰ্ধর্ষ বক্সাৰ বামডেট জুমপাঙক পৰাস্ত কৰি অভিজিৎ বৰুৱাই জয় লাভ কৰিবলৈ সক্ষম হয় (Boxer Abhijit Barua achievement in Thailand)। অভিজিতৰ এই সফলতাত এতিয়া সমগ্ৰ অসমবাসী উৎফুল্লিত হৈ পৰিছে । লগতে সকলোৱে অভিজিতক অভিনন্দন জনাইছে ।

থাইলেণ্ডত উজলিল অসমৰ বক্সাৰ অভিজিৎ বৰুৱা

উল্লেখ্য যে দুবাৰকৈ গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ডৰ খিতাপ অৰ্জন কৰা অভিজিৎ অসমৰ প্ৰথমজন প্ৰফেচনেল বক্সাৰ হিচাপে জনাজাত । ইফালে থাইলেণ্ডৰ পৰাই খেলত বিজয়ী হৈ যুৱ বক্সাৰগৰাকীয়ে অসমবাসী ৰাইজ তথা সংবাদমাধ্যম আৰু বন্ধুবৰ্গক ধন্যবাদ জ্ঞাপন কৰিছে ।

সৰুৰে পৰা খেলৰ প্ৰতি ধাউতি থকা অভিজিৎ বৰুবাই খালী ভৰিৰে খোজকাঢ়ি ৰেকৰ্ড গঢ়িছিল ৷ ক্ৰীড়া ক্ষেত্ৰত দেখুওৱা অনবদ্য প্ৰদৰ্শন আৰু নিজ একাগ্ৰতাৰ বলত অসম আৰক্ষীত চাকৰি লাভ কৰা বৰুৱাই সেই লোভনীয় চাকৰি ত্যাগ কৰি পেছাদাৰী বক্সিঙত মনোনিৱেশ কৰি আজি বিশ্ব দৰৱাৰত জিলিকি উঠিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :পুনৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসম সন্তান অভিজিত বৰুৱাৰ সাফল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.