Assam Book Fair Jorhat : যোৰহাটত আৰম্ভ হ'ল অসম গ্ৰন্থমেলা

author img

By

Published : Dec 2, 2022, 10:30 PM IST

Updated : Dec 2, 2022, 10:46 PM IST

Assam Book Fair Jorhat

যোৰহাটৰ কাছাৰীময়দানত আৰম্ভ হ'ল অসম গ্ৰন্থ মেলা, যোৰহাট (Assam Book Fair Jorhat) ৷ গ্ৰন্থমেলাখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট লেখক, ভাষাবিদ নাহেন্দ্ৰ পাদুন, দিল্লীৰ বিশিষ্ট লেখক-গৱেষক আৰ্শিয়া শেঠী, বিশিষ্ট লেখক ড৹ কুলদ্বীপ চান্দ আদি বৰেণ্য লোক ৷

যোৰহাট, 2 ডিচেম্বৰ : শুকুৰবাৰৰ পৰা যোৰহাটত দহ দিনীয়াকৈ অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে (Assam Book Fair Jorhat)৷ যোৰহাটৰ কাছাৰী ময়দানত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত শৈক্ষিক কেন্দ্ৰ, যোৰহাটৰ সহযোগত অনুষ্ঠিত কৰা হৈছে অসম গ্ৰন্থমেলা-2022 ৷

যোৰহাটত আৰম্ভ হ'ল অসম গ্ৰন্থমেলা

কাছাৰীৰ ময়দানত(Jorhat Kachari Maidan) শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা অসম গ্ৰন্থমেলাত ৰাজ্য আৰু বহিঃৰাজ্যৰ ৫০ টা প্ৰকাশন গোষ্ঠীৰ ১২০ খন বিপণীয়ে অংশগ্ৰহণ কৰিছে ৷ শুকুৰবাৰে বিয়লি গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত হিমাচল প্ৰদেশ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, বিশিষ্ট লেখক ড৹ কুলদ্বীপ চান্দ অগ্নিহোত্ৰী, বিশিষ্ট লেখক, ভাষাতত্ত্ববিদ নাহেন্দ্ৰ পাদুন(Nahendra Padun) আৰু নতুন দিল্লীৰ বিশিষ্ট লেখক-গৱেষক আৰ্শিয়া শেঠীয়ে(Arshiya Sethi) অংশগ্ৰহণ কৰে ৷

উল্লেখযোগ্য যে শনিবাৰে অৰ্থাৎ ৩ ডিচেম্বৰৰ বিয়লি ১ বজাত ‘ডিজিটেল যুগ আৰু গ্ৰন্থ চৰ্চা’, ৪ ডিচেম্বৰৰ পুৱা ১০ বজাত ‘মুকুতা’ আলোচনীৰ উদ্যোগত শিশুৰ দিন, ৫ ডিচেম্বৰৰ বিয়লি ১ বজাত ‘গ্ৰন্থ পঠনঃ আনন্দ আৰু অন্বেষণ’, ৬ ডিচেম্বৰৰ বিয়লি ১ বজাত ‘সাহিত্য-সংস্কৃতিৰ সমৃদ্ধিত যোৰহাটৰ ভূমিকা’, ৭ ডিচেম্বৰৰ বিয়লি ১ বজাত ‘যোৰহাটৰ গ্ৰন্থ প্ৰকাশৰ ইতিহাস আৰু বিকাশ’ অনুষ্ঠান ৰূপায়িত হ’ব ৷

আনহাতে ৮ ডিচেম্বৰৰ বিয়লি ১ বজাত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উপলক্ষে বিশেষ অনুষ্ঠান ‘সৰ্বভাৰতীয় স্তৰত অসমৰ ইতিহাস প্ৰতিষ্ঠাৰ প্ৰয়াস’, ৯ ডিচেম্বৰৰ বিয়লি ১ বজাত ‘অসমীয়া বিজ্ঞান সাহিত্যৰ সমস্যা আৰু সম্ভাৱনা’, ১০ ডিচেম্বৰৰ বিয়লি ১ বজাত সাহিত্য-আলচ(লেখক-পাঠকৰ সমাৰোহ), ৩ বজাত ‘প্ৰকাশ’ৰ উদ্যোগত গল্পৰ আবেলি শীৰ্ষক অনুষ্ঠানসমূহ অনুষ্ঠিত হ'ব ৷

১১ ডিচেম্বৰৰ বিয়লি ৩ বজাত অসম গ্ৰন্থমেলা, যোৰহাটৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগু (Education minister Ranoj Pegu)৷ সামৰণি অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড৹ ননী গোপাল মহন্ত, বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী আৰু বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো ।

লগতে পঢ়ক : Asom Divas 2022 : তেজপুৰত টাই আহোম বিকাশ সমিতিৰ উদ্যোগত অসম দিৱস উদযাপন

Last Updated :Dec 2, 2022, 10:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.