মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ এদিনৰ দৰমহা প্ৰদানৰ সিদ্ধান্ত যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীৰ

author img

By

Published : Jun 27, 2022, 7:14 PM IST

AAU

ৰাজ্যৰ বানাক্ৰান্তৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিশেষ পদক্ষেপ । মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ এদিনৰ দৰমহা প্ৰদানৰ সিদ্ধান্ত । বানাক্ৰান্ত কৃষকৰ বাবে জিলাই জিলাই সামূহিক নাৰ্ছাৰী স্থাপনৰ নিৰ্দেশ উপাচাৰ্যৰ ।

যোৰহাট, ২৭ জুন : ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত হৈছে ৩২খন জিলাৰ কেইবা লাখ লোক (Assam flood 2022) । লগতে ক্ষতিগ্ৰস্ত হৈছে কৃষি । বানে শালি ধানৰ কঠীয়া মাৰি নিয়াৰ ফলত দুশ্চিন্তাত পৰিছে কৃষক ৰাইজ । তাৰ মাজতে বানাক্ৰান্ত ৰাইজ তথা কৃষকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছ অসম কৃষি বিশ্ববিদ্যালয় (Assam Agriculture University) ।

বিভিন্ন জিলাত প্ৰলয়ংকৰী বানে দুৰ্বিষহ পৰিবেশ সৃষ্টি কৰাৰ সময়তে অসম কৃষি বিশ্ববিদ্যালয়ে বানাক্ৰান্তক (Assam Agriculture University take step to flood relief) সকাহ দিয়াৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । জৰুৰীভাৱে বানাক্ৰান্তৰ কাষত উপস্থিত হৈ অন্ন-বস্ত্ৰৰ সাধ্যানুসৰি ব্যৱস্থা কৰাৰ লগতে কৃষকক সকাহ দিয়াৰ বাবে বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে । সোমবাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত মূল চৌহদত বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক, বিজ্ঞানগুৰু সমন্বিতে উচ্চ পদস্থ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত জৰুৰী বৈঠকত বিশ্ববিদ্যালয় পৰিয়ালে সামূহিকভাবে ৰাজ্যৰ বানাক্ৰান্তৰ কাষত থিয় হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকাৰ পৌৰোহিত্যত (Assam Agriculture University Vice Chancellor Dr Bidyut Chandan Deka) অনুষ্ঠিত উক্ত সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষক-বিষয়া আৰু কৰ্মচাৰীসকলৰ এদিনৰ দৰমহা মুখ্যমন্ত্ৰীৰ বান সাহাৰ্য পুঁজিলৈ (AAU one day salary donate to Chief Minister Relief fund) আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ৰাজ্যৰ বানাক্ৰান্ত প্ৰতিখন জিলাৰ নিকটৱৰ্তী কৃষি বিজ্ঞান কেন্দ্ৰ আৰু আঞ্চলিক গৱেষণা কেন্দ্ৰসমূহে বানাক্ৰান্ত এলেকাৰ কৃষকসকলক বানপৰৱৰ্তী পৰ্যায়ত সকাহ দিবৰ বাবে তাৎক্ষণিকভাবে সামূহিক নাৰ্ছাৰীৰ জৰিয়তে কঠীয়া সিঁচি বিনামূলীয়াকৈ বিতৰণৰ বাবে সাজু কৰিবলৈ উপাচাৰ্যই নিৰ্দেশ দিয়ে ।

লগতে ৰাজ্যৰ কৃষি বিভাগে জিলাসমূহত নিৰ্মাণ কৰা সামূহিক নাৰ্ছাৰীৰ ক্ষেত্ৰত সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াবলৈ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলক নিৰ্দেশ দিয়ে । বানাক্ৰান্ত এলেকাত পশুধনৰ ৰোগ নিৰাময়ৰ দিশত পদক্ষেপ হিচাপে বানাক্ৰান্ত এলেকাত ৪০-৫০টা পশুধন স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰো সিদ্ধান্ত লোৱা হয় । তাৰ উপৰি বিশ্ববিদ্যালয় পৰিয়ালৰ সদস্যসকলে বন্যাৰ্তৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী আৰু কাপোৰ আদি বিতৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে । অসম কৃষি বিশ্ববিদ্যালয়ৰ জন সম্পৰ্কৰক্ষী বিষয়া ড° ৰঞ্জিত কুমাৰ সাউদে এক বিবৃতিৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে (Assam Agriculture University Jorhat) ।

লগতে পঢ়ক: দহ জুলাইৰ ভিতৰত সুচল হ'ব শিলচৰ-লামডিং সংযোগী ৰে'লসেৱা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.