Lok Kalyan Award: অৰুণজ্যোতি গগৈক লোক কল্যাণ বঁটা প্ৰদান

author img

By

Published : Aug 6, 2022, 9:37 PM IST

Lok Kalyan Award

লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথি ৫ আগষ্টৰ দিনটো ৰাজ্য চৰকাৰে পোন প্ৰথমবাৰৰ বাবে লোক কল্যাণ দিৱস হিচাপে পালন কৰে । ইয়াৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলৰ কৰ্ম পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি লোক কল্যাণ বঁটা প্ৰদান কৰে(Lok Kalyan Award)। টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল অৰুণজ্যোতি গগৈক প্ৰদান কৰা হৈছে এই বঁটা ।

টীয়ক, ৬আগষ্ট : লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথি ৫ আগষ্টৰ দিনটো ৰাজ্য চৰকাৰে পোন প্ৰথমবাৰৰ বাবে লোক কল্যাণ দিৱস হিচাপে পালন কৰে ।ইয়াৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলৰ কৰ্ম পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি লোক কল্যাণ বঁটা প্ৰদান কৰে (Lok Kalyan Award)। উল্লেখ্য় যে, যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী লাট মণ্ডল অৰুণজ্যোতি গগৈয়ে কৰ্মদক্ষতাৰ বাবে ৰাজ্যিক পৰ্যায়ত এই লোক কল্যাণ বঁটা লাভ কৰি সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে (Arunjyoti Gogoi receives Lok Kalyan Award)।

উল্লেখ্য় যে, অৰুণজ্যোতি গগৈ টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত কৰ্মৰত । টীয়কৰ চিন্তামণি লাহন গাঁৱৰ নিবাসী গগৈয়ে ইয়াৰ পূৰ্বেও মিছন বসুন্ধৰা আঁচনিৰ সফল ৰূপায়ণৰ বাবে মুখ্যমন্ত্ৰীৰ শ্ৰেষ্ঠ লাট মণ্ডল বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল । শুকুৰবাৰে যোৰহাট জিলা পুথিভঁৰালত অনুস্থিত এক অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত গগৈক এই বঁটা আনুষ্ঠানিক প্ৰদান কৰা হয় (Minister Piyush Hazarika)।

অৰুণজ্যোতি গগৈক লোক কল্যাণ বঁটা প্ৰদান

চাকৰিৰ সমান্তৰালকৈ সামাজিক দ্বায়িত্ব সুচাৰুৰূপে পালন কৰি বহু দৰিদ্ৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা গগৈৰ এই সফলতাত এতিয়া সকলো উৎফুল্লিত হৈ পৰিছে । ইপিনে, শনিবাৰে পুৱাই গগৈৰ লাহন গাঁৱৰ গৃহত শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক, ৰেঙনি এটি আশা, টীয়ক প্ৰেছ ক্লাৱকে ধৰি বিভিন্ন দল সংগঠন তথা শুভাকাংক্ষী উপস্থিত হৈ সম্বৰ্দ্ধনা জ্ঞাপন কৰিছে ।

উল্লেখ্য় যে, ৰজ্য চৰকাৰে এই লোক কল্যাণ বঁটাত নগদ ২৫০০০ টকা আৰু এখনি মানপত্ৰ । এই বঁটা লাভ কৰা বাবে তেওঁৰ চাকৰিৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি কৰা হৈছে ।

লগতে পঢ়ক:Alaboi Battle day: আমিনগাঁৱত আলাবৈ ৰণ স্মৃতি দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.