টীয়কত আগধন দিলেহে PMAY ৰ বাসগৃহ পোৱাৰ অভিযোগ

author img

By

Published : Sep 26, 2022, 10:52 PM IST

Allegations of Scam in PMAY scheme at Teok

চৰকাৰী বাসগৃহৰ নামত ব্যাপক দুৰ্নীতি ৷ টীয়কত আগধন দিলেহে পাই দৰিদ্ৰ লোকে চৰকাৰী বাসগৃহ (Allegations of Scam in PMAY scheme at Teok) ৷ এই অভিযোগ দৰিদ্ৰতাই কোঙা কৰা জাঁজীমুখৰ ৰবিন বৰুৱাৰ নামৰ ব্যক্তিগৰাকীৰ পত্নীৰ ।

টীয়ক, 26 ছেপ্টেম্বৰ : টীয়কত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ (Allegations of Scam in PMAY scheme at Teok) ৷ অভিযোগ অনুসৰি, একাংশ পঞ্চায়ত প্ৰতিনিধি তথা চৰকাৰী বিষয়া কৰ্মচাৰীক আগধন নিদিলে টীয়কৰ জাঁজীমুখ গাঁও পঞ্চায়তত দৰিদ্ৰ লোকে নাপাই প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ । এই অভিযোগ উত্থাপন কৰিছে দৰিদ্ৰতাই কোঙা কৰা জাঁজীমুখৰ ৰবিন বৰুৱাৰ নামৰ ব্যক্তিগৰাকীৰ পত্নীয়ে ।

বানেধোৱা জাঁজীমুখৰ চোমনিচাপৰিৰ ৰবিন বৰুৱাৰ পত্নীয়ে এটা চৰকাৰী আৱাস গৃহৰ বাবে পঞ্চায়ত কাৰ্যালয়, পঞ্চায়ত প্ৰতিনিধিৰ কাষলৈ তাঁত বাতি কৰিও আজিকোপতি লাভ নকৰিলে এটা চৰকাৰী গৃহ । ফলত ৰুগীয়া স্বামীসহ বিশেষভাৱে সক্ষম সন্তানক লৈ এটা জুপুৰি সদৃশ ঘৰত বাস কৰিব লগা হৈছে পৰিয়ালটোৱে ।

টীয়কত আগধন দিলেহে PMAY ৰ বাসগৃহ পোৱাৰ অভিযোগ

কিন্তু একেখন পঞ্চায়ততে ধনৱন্ত লোকে পকীঘৰ থকা স্বত্বেও লাভ কৰিছে চৰকাৰী গৃহ । তেনেদৰে চৰকাৰী বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ, সমবায় সমিতিৰ দোকানীয়েও লাভ কৰিছে চৰকাৰী গৃহ । সংবাদ মাধ্যমৰ আগত এই অভিযোগ তৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে ৷

আনকি মদে মাংসয়ে খুৱাব পৰা সকলক ধনৰ টোপোলা আগবঢ়াব পৰা সকলকেহে এনেদৰে পঞ্চায়তৰ সভাপতি, সচিবকে ধৰি একাংশ কৰ্মচাৰীয়ে চৰকাৰী গৃহ আৱন্টন দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দুৰ্ভগীয়া ৰবিন বৰুৱাৰ পত্নীয়ে । সেয়ে এই ক্ষেত্ৰত এক উচিত তদন্ত দাবী কৰিছে ভুক্তভোগী মহিলা ।

লগতে পঢ়ক : Scheduling of six tribes : দুৰ্গা পূজাৰ পিছতে আন্দোলনৰ হুংকাৰ টাইপাকে ধৰি কেবাটাও সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.