নিমাতীঘাটৰ নাও ট্ৰেজেডী : অভিযুক্তৰ জামিন লাভ

author img

By

Published : Sep 23, 2021, 1:31 PM IST

Updated : Sep 23, 2021, 4:00 PM IST

Nimatighat Boat Tragedy

নিমাতীঘাট নাও ট্ৰেজেডীৰ অভিযুক্তৰ জামিন লাভ ৷ যোৰহাট সত্ৰ ন্যায়াধীশ আদালতে নিমাতীঘাট ফেৰী দুৰ্ঘটনাত অভিযুক্তসকলৰ জামিন মঞ্জুৰ কৰিছে ৷

যোৰহাট, 23 ছেপ্টেম্বৰ : 8 ছেপ্টেম্বৰত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত শোকাবহ নাও দুৰ্ঘটনাত অভিযুক্তসকলৰ জামিন মঞ্জুৰ ৷ বৃহস্পতিবাৰে যোৰহাট সত্ৰ ন্যায়াধীশ আদালতে নিমাতীঘাট ফেৰী দুৰ্ঘটনাত অভিযুক্তসকলৰ জামিন মঞ্জুৰ কৰে ৷

নিমাতীঘাটত সংঘটিত এই ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ আটাইকেইজন অভিযুক্ত ক্ৰমে ধনবৰ দাস, যোগেন দত্ত, বিজু কুমাৰ দাস, জয়ন্ত দত্ত, বিনোদ বৰুৱা আৰু বাবুল চন্দ্ৰ নেওগে জামিন লাভ কৰে ৷ এইকেইজন অভিযুক্তৰ লগতে মাজুলীৰ পৰা গ্ৰেপ্তাৰ হোৱা বিপুল বৰা, প্ৰশান্ত পামেগাম, বদন দত্ত, পানীৰাম কলিতা আৰু গৌতম কলিতাকো আদালতে জামিন মঞ্জুৰ কৰে ৷

নিমাতীঘাট নাও ট্ৰেজেডীৰ অভিযুক্তৰ জামিন লাভ

তিনিজনকৈ লোকৰ প্ৰাণ কাঢ়ি নিয়া এই দুৰ্ঘটনাৰ পাচতে ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে তদন্ত ঘোষণা কৰিছিল ৷ ঘটনাৰ তদন্তৰ বাবে ফৌজদাৰী গোচৰ ৰুজু কৰি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কেইবাজনো নিম্ন পৰ্যায়ৰ কৰ্মচাৰীক আটক কৰা হৈছিল ৷ অভিযুক্ত কেইগৰাকীৰ হৈ উকালতি কৰা অধিবক্তা ৰিণ্টু গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ৰাজ্য চৰকাৰে দিয়া এজাহাৰৰ ভিত্তিত আটাইকেইজনকে গ্ৰেপ্তাৰ কৰা হৈছিল ৷

প্ৰাপ্ত তথ্য অনুসৰি, জল পৰিবহন বিভাগৰ মন্ত্ৰী তথা বিভাগৰ উপযুক্ত তদন্ত নোহোৱাকৈ নিম্ন পৰ্যায়ৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি ঘটনাটোক তল পেলোৱাৰ চেষ্টা কৰা হৈছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে আটকাধীন আটাইকেইজনৰ জামিন মঞ্জুৰ কৰে ৷

বৃহস্পতিবাৰে শোকাৱহ দুৰ্ঘটনাটোৰ অভিযুক্তকেইজনৰ মুকলি আকাশৰ তললৈ অহাৰ বাট প্ৰশস্ত হৈ পৰাৰ পাচতে বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ৰাজ্য চৰকাৰে জনতাৰ মুখ বন্ধ কৰিবলৈকে এই গ্ৰেপ্তাৰৰ নাটক কৰিছিল নেকি বুলিও বহুতে প্ৰশ্ন উত্থাপন কৰিছে ৷

লগতে পঢ়ক : নিমাতীঘাট নাও ট্ৰেজেডী : ৰাজনীতিত নিমজ্জিত এখন দলঙৰ কাহিনী

Last Updated :Sep 23, 2021, 4:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.