Wood seized in Hojai: হোজাইৰ লংকাত চোৰাং কাঠ জব্ধ

author img

By

Published : Aug 6, 2022, 10:18 PM IST

Wood seized in Hojai

হোজাই জিলাৰ লংকা উদালি অঞ্চলত কাঠৰ চোৰাং বেহাৰ বিৰুদ্ধে বনবিভাগে অভিযান চলায় । উক্ত অভিযানত লক্ষাধিক মূল্যৰ চেগুনৰ কুণ্ডা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বন বিভাগৰ লোকে (Wood seized in Hojai) ৷

হোজাই, ৬ আগষ্ট: হোজাই জিলাৰ লংকা উদালি অঞ্চলত কাঠৰ চোৰাং বেহাৰ বিৰুদ্ধে বন বিভাগে অভিযান চলায় । উক্ত অভিযানত লক্ষাধিক মূল্যৰ চেগুনৰ কুণ্ডা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বন বিভাগৰ লোকে(Wood seized in Hojai)৷ শুক্ৰাবাৰে নিশা দক্ষিণ নগাঁও বন সংমণ্ডলৰ বন প্ৰাধিকাৰী বিষয়াৰ নিৰ্দেশ মৰ্মে উদালি অঞ্চলত এই অভিযান চলাইছিল লংকাজান উপখণ্ড বন বিষয়া উৎপল ডেকাৰ নেতৃত্বত এটা দলে ।

হোজাইৰ লংকা উদালিত অবৈধ কাঠ জব্ধ

এই অভিযানৰ সময়ত পৰিত্যক্ত অৱস্থাত থকা ১৫ টা চেগুনৰ কুণ্ডা উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযান কৰি দলটোৱে । অৱশ্য়ে অভিযানৰ সময়ত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই । পাছত উদ্ধাৰ কৰা চেগুনৰ কুণ্ডা সমূহ লংকা জান উপখণ্ড বন বিষয়া কাৰ্যালয়লৈ অনা হয় । কুণ্ডা সমূহ হোজাই সীমান্তবৰ্তী কাৰ্বি আংলংঙৰ পৰা অনা বুলি সন্দেহ কৰা হৈছে লংকাজান উপখণ্ড বন বিষয়া উৎপল বৰাই কয় ।

লগতে পঢ়ক:Fir against Jadav Kunwar: টাই আহোম ছাত্ৰ সন্থাৰ নেতা যাদৱ কোঁৱৰৰ বিৰুদ্ধে এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.