মথাওৰি পাৰ হ’বলৈ গৈ বৈদ্যুতিক তাঁৰত লাগি মৃত্যুক সাৱটিলে গজৰাজে

author img

By

Published : Jan 27, 2022, 9:13 PM IST

wild-elephant-dies-of-electrocution-in-hojai

হোজাইত বৈদ্যুতিক তাঁৰত লাগি মৃত্যুক সাৱটি ল’লে এটা বনৰীয়া হাতীয়ে (Wild elephant dies of electrocution in Hojai) । মৃত হাতীটোক ফুল-ধূপ দি বিদায় জনালে ৰাইজে ৷

হোজাই, 27 জানুৱাৰী: হোজাই জিলাত বৈদ্যুতিক তাঁৰত লাগি মৃত্যুক সাৱটি ল’লে এটা বনৰীয়া হাতীয়ে । জানিব পৰা মতে, মূলত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীটোৱে হোজাই জিলাৰ দক্ষিণ লস্কৰপথাৰৰ ফৰমাপাৰাৰ কপিলী নৈৰ মাথাউৰিৰ সমিপত থকা বৈদ্যুতিক খুটিৰ তাঁৰত লাগি মৃত্যুক সাৱটি লয় (Wild elephant dies of electrocution in Hojai)। এই শোকাৱহ ঘটনাতো সংঘটিত হয় বুধবাৰে নিশা ৷

মথাওৰি পাৰ হ’বলৈ গৈ বৈদ্যুতিক তাঁৰত লাগি মৃত্যুক সাৱটিলে গজৰাজে

জানিব পৰা মতে, হাতীটোৱে কপিলী নৈৰ মাথাউৰি পাৰ হ’বৰ বাবে যত্ন কৰি আছিল ৷ পিছে মাথাউৰিটো পাৰ হ’ব যত্ন কৰোতেই সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো । পৰৱৰ্তী সময়ত নিশাই স্থানীয় ৰাইজে বন-বিভাগক খবৰ দিয়ে যদিও পূৱাহে উপস্থিত হয় বন বিভাগৰ লোক । ইফালে, কপিলী নৈৰ মাথাউৰিৰ ওপৰত পৰি থকা মৃত হাতীটোক স্থানীয় ৰাইজে ফুল-ধূপ দি সেৱা জনোৱা পৰিলক্ষিত হয় (Hojai people pays tribute to dead elephant) ।

উল্লেখ্য যে, হোজাই-কাৰ্বি আংলং সীমান্তৰ উক্ত দক্ষিণ লস্কৰপথাৰৰ ফৰমাপাৰ অঞ্চলটোত প্ৰায়েই বন্যহস্তীয়ে উপদ্ৰৱ চলাই অহাৰ ঘটনা সংঘটিত হৈ আহিছে ৷ সেয়ে এতিয়া পুনৰ বন-বিভাগক এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : জ্যেষ্ঠ সাংবাদিক, লেখক শিৱপ্ৰসাদ বৰাৰ আকস্মিক বিয়োগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.