কবিতাৰ বিষয়বস্তু আছিল সোপাধৰা, কবিসহ মহিলাক গ্ৰেপ্তাৰ আৰক্ষীৰ

author img

By

Published : Sep 19, 2022, 7:10 PM IST

কবিতাৰ বিষয়বস্তু আছিল সোপাধৰা, কবিসহ মহিলাক গ্ৰেপ্তাৰ আৰক্ষীৰ

এইবাৰ সোপাধৰাক বিষয়বস্তু হিচাবে লৈ লিখা হ’ল কবিতা ৷ সামাজিক মাধ্যমযোগে সোপাধৰাৰ কবিতা বিয়পাই কবি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল কাকী আৰক্ষীৰ হাতত (Arrested for writing poem on Supadhora)৷

হোজাই, 19 ছেপ্টেম্বৰ: সোপাধৰাৰ সন্দেহত সংঘটিত ঘটনাই বিভিন্ন সময়ত বহু লোকক মৃত্যুৰ মুখলৈ ঠেলি আহিছে ৷ সমাজৰ এচাম লোকে সোপাধৰাৰ নামত উৰা বাতৰি বিয়পাই সৃষ্টি কৰি আহিছে আতংকৰ ৷ শেহতীয়াকৈ ৰাজ্যত পুনৰ সোপাধৰাৰ উৰাবাতৰিয়ে কেইবাজনো লোকৰ জীৱলৈ নমাই আনিলে অন্ধকাৰ, গণপ্ৰহাৰত মৃত্যকো সাৱটি ল’বলগীয়া হৈছে বহুজনে (Mob lynching alleging Supadhora)৷

এইবাৰ সামাজিক মাধ্যমযোগে বিয়পোৱাৰ চেষ্টা কৰা হৈছে সোপাধৰাৰ উৰা বাতৰি ৷ হোজাইৰ লংকাৰ এজন লোকৰ লগতে এগৰাকী মহিলাই সোপাধৰাৰ সন্দৰ্ভত কবিতা লিখি সমাজত নেতিবাচক প্ৰভাৱ পেলোৱাৰ চেষ্টা কৰিলে ৷ যাৰ ফলত আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰিবলগীয়া হ’ল(Arrested for writing poem on Supadhora) ৷

কবিতাৰ বিষয়বস্তু আছিল সোপাধৰা, কবিসহ মহিলাক গ্ৰেপ্তাৰ আৰক্ষীৰ

কাকী আৰক্ষীৰ(Kaki police station) হাতত গ্ৰেপ্তাৰ হোৱা লোকজনৰ নাম খাইৰুল ইছলাম আৰু মহিলাগৰাকী হ’ল মমতা বেগম(People arrested for spreading rumour in social media) । দুয়োজনৰে ঘৰ কাকীৰ ২ নং টঙিয়াত । সাম্প্ৰতিক সময়ত এক স্পৰ্শকাতৰ বিষয় হিচাপে বিবেচিত হোৱা সোপাধৰাক লৈ খাইৰুল ইছলামে সামাজিক মাধ্যমত কবিতা লিখি অপ-প্ৰচাৰ চলোৱাৰ বিপৰীতে মমতা বেগমে পষ্টটো শ্বেয়াৰ কৰিছিল ।

ইতিমধ্যে, দুয়োজনৰ বিৰুদ্ধে কাকী আৰক্ষী থানাত ৰুজু হোৱা ৭৫/২২ নং গোচৰৰ আধাৰত দুয়োকে আদালতলৈ প্ৰেৰণ কৰিলে আৰক্ষীয়ে ।

লগতে পঢ়ক: আঠখেলীয়া নামঘৰত ওলমিল তলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.